ফ্ৰিজৰ বস্তু বা অধিক ঠান্ডা পানী সেৱণত হব পৰা ৰোগসমূহৰ বিষয়ে জানো আহক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, June 28, 2023

ফ্ৰিজৰ বস্তু বা অধিক ঠান্ডা পানী সেৱণত হব পৰা ৰোগসমূহৰ বিষয়ে জানো আহক : Assamese Health Tips

Assamese Health Tips


       গৰমত আপুনী কোল্ড ড্ৰিঙ্ক, ফ্ৰিজৰ পানী খায় নেকি ?  কিবা কাম কৰি, কৰবাৰ পৰা গৰমত আহি বা  ব্যায়াম কৰি  উঠি নাইবা ভাত খাওতে বাৰে বাৰে  ঠাণ্ডা পানী খায় নেকি?    ( Assamese Health Tips )    


অন্যহাতে   দোকানত পোৱা  নানা তৰহৰ ৰঙীন  সোৱাদযুক্ত  বৰফ বা  পানীয় নিজে বা ল'ৰা ছোৱালীকো খুৱায় নেকি?

যদি  হয় বুলি কয় তেনেহলে  আপুনি  কিছুমান ৰোগক  নিজৰ দেহলৈ আমন্ত্ৰন কৰা হৈছে ।  দেখিব সোনকালেই কেইটামান ৰোগে  কব নোৱাৰাকৈ  আপোনাৰ দেহত  স্থায়ীভাৱে খোপনি পুতিছে ।  

 ঠান্ডা  পানীৰে গা ধোৱা, হাতমুখ ধোৱা যিমান উপকাৰী   পেয় জল হিচাবে  ঠান্ডাপানী  বা অতি ঠান্ডা পানীয়ে  দেহযন্ত্ৰৰ ক্ৰিয়াত  যথেস্থ বাধাস্বৰুপ হয় ।

     আহক  ঠাণ্ডা পানীয়ে আমাৰ দেহত কেনে ক্ৰিয়া কৰে জানি লওক ;----

আমাৰ গোটেই দেহত ৬০ৰ পৰা ৭২ ভাগ পানী  আছে ।  শৰীৰৰ পৰা প্ৰশ্ৰাৱ ঘাম  আদি নানা প্ৰক্ৰিয়াৰে  পানী ওলাই  যোৱাৰ ফলত পানীৰ পৰিমান কমি যায় আৰু  আমাৰ পিয়াহ লাগে । এই সন্তুলন বজাই ৰাখি দেহ সুস্থ ৰাখিবলৈ  দিনে কমেও ৩-৪ লিটাৰ  পানী খোৱাতো নিতান্তই প্ৰয়োজন।   গৰমৰ দিনত সচৰাচৰ পানী বেচিকৈ খোৱা হয় ।  বিশেষকৈ ঠান্ডা পানী খোৱা হয় ।

     ইফালে  গৰমৰ দিনকেইটাত দোকানী বিলাকৰো  বটলৰ পানী পেপচী  কোলা আদি  ঠান্ডা পানীয়ৰ  ৰমৰমীয়া ব্যৱসায় চলে । 

       আমি বহুতে ভাৱো   গৰমত এইবোৰ অতি ঠাণ্ডা পানী খালে দেহ  অতিকৈ শীতল হব ।   অৱশ্যে  সাময়িক ভাৱে  কিছুসময়ৰ বাবে  সকাহ বোধ  হয় যদিও অধিক ঠাণ্ডা পানী্যে আমাৰ শৰীৰত আভ্যন্তৰীন ভাৱে  কেনেদৰে স্থায়ী প্ৰতিক্ৰিয়া  ঘটাব পাৰে আৰু কি কি ৰোগ হব পাৰে জানো আহক -------

  #ফ্ৰিজ_বা_অধিক_ ঠাণ্ডা _পানী_সেৱণত_হব_পৰা_ৰোগ :----

১। আহাৰ খোৱাৰ সময়ত বা  খাই উঠিয়েই   অধিক পানী খালে ------পাচনক্ৰিয়াৰ বিসংগতি / হজম শক্তি কমি যোৱা  / সময়মতে  শৌচ নোহোৱা/স্থায়ী কৌষ্ঠকাঠিন্য  ৰোগ /লিভাৰ ও পাকস্থলী দৌৰ্বল্য/  পাইল্চ   /  পিত্তৰোগ,আলচাৰ,গেচৰ সমস্যা আদি

২। খুব গৰমত বা   ভাগৰত অধিক চেচা পানী খালে ----->হৃদয়ৰ  অস্বাভিৱিক স্পন্দন,  হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালনত বাধা ,(হাৰ্ট এটাক)ৰক্তচ্চাপৰ অসন্তুলন,  বৃক্ক বা কিডনী  দুৰ্বল  হয়  ।

৩। যিকোনো সময়ত ঠাণ্ডা পানী  অধিক খালে----

শ্বাস যন্ত্ৰ দুৰ্বল, সৰ্দি কাহ জ্বৰ আদি ৰোগ, অৰ্থৰাইটিচ,হাড়ৰ ৰোগ,দাতৰ ৰোগ ,ঘনাই পিয়াহ লগা  আদো লক্ষনে দেখা দিবপাৰে ।  ( Assamese Health Tips )    


🎟  #ফ্ৰিজৰ_ৰঙীন_পানীয়_পেপচী_কোকাকোলা_

#বৰফ_চোডাপানী_আদিৰ_পৰা_হব_পৰা_ৰোগ

    ওপৰত বৰ্নোৱা আটাইবোৰ ৰোগৰ ওপৰিও 

এইবোৰ পানীয়ত থকা   সীহ ,ক্ৰমিয়াম,কেডিয়াম ,ফচফেট, ফচফৰিক এচিড ,,কাৰ্বন ডাই অক্সাইড,কেফেইন ,অধিক মাত্ৰাত  চুগাৰৰ লগতে  #একমাত্ৰ_গ্ৰাহকক_আকৰ্ষনৰ_বাবে  ৰঙীন আৰু  সুস্বাদু কৰাৰ বাবে  বিভিন্ন ৰসায়ন মিশ্ৰিত হয়  ।  আচলতে এইবোৰত  কোনো ফলৰ ৰস বা দেহৰ উপযোগী পৌষ্টিক উপাদান  নাাথাকে । বৰং ইয়াত থকা কেমিকেলবোৰে  ডায়েবেটিচ ,পাথৰ, হাড় ৰ ৰোগ , মহিলাৰ স্তন কেন্চাৰ, গৰ্ভাসয়ৰ ৰোগ,অধিক শকত হোৱা, মগজুৰ বিকাৰ  ,সোনকালে ভাগৰলগা ,অৱস অবস লগা  ,ঠাণ্ডা বা গৰম সহ্য কৰিব নোৱাৰা আদি  নিজে কব নোৱাৰাকৈ    বিভিন্ন ৰোগৰ লক্ষনে দেখা দিয়ে ।

  ( কিছুমান দেশত এনে পানীয়ৰ বিক্ৰী বন্ধ (Bend)কৰা  হৈছে ।  স্বাস্থ্যসজাগতাৰ  অভাৱত ভাৰতত  এনে  ৰোগৰ বাহক  বিদেশী  পানীয়ৰ ব্যৱহাৰ   বছৰে  বাঢ়িহে  গৈ আছে   ।  এনেকি শিশু মহিলা  বৃদ্ধয়ো  বৰবিহ ৰুপী এনে  পানীয়ৰ নিচাক এটা আভিজাত্যৰ সামগ্ৰী হিচাবে লব ধৰিছে । পৰীক্ষা মুলক  বিশ্লেষন কৰিলে   দেখা যাব   মদ,ধপাত,গাঞ্জা বা আন নিচাসামগ্ৰীৰ তুলনাত  এনে বৰবিহৰুপী পানী্য কোনো গুণে কম নহয় - যিয়ে  লাহে লাহে  কব নোৱাৰাকৈ   মানুহৰ দেহক  ঘুণীয়া  কৰি আহিছে ।   

       আচলতে   আমাৰ দেহৰূপী  যন্ত্ৰ টোৱে  এনেবোৰ কৃত্ৰিম    তথা অতি  শীতল   খাদ্য বা  পানীয় কেতিয়াও নিবিচাৰে।  আধুনিকতাৰ  প্ৰভাৱ  নাইবা   মুখৰ ৰূচি আৰু  অভ্যাসৰ ফলতে    এনে  বহুতো  দেহৰ বাবে অলাগতীয়াল খাদ্য খোৱা হ্য়।   

      🍉  গৰমৰ দিনত দেহ  শীতল ৰখাৰ    বাবে আন বহুতো   সহজলভ্য উপায়    আছে  । 

আপোনাৰ সেৱাত     -------

        শ্ৰী যতীন দাস।   মালয়বাৰী 

      কামৰূপ -ম   (অসম)  জুন/২০১৮


  ( Assamese Health Tips )    


No comments:

Post a Comment

Advertisement

Pages