উচ্চ ৰক্তচাপৰ কাৰণ আৰু আয়ুৰ্বেদিক ঔষধ: Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 23, 2023

উচ্চ ৰক্তচাপৰ কাৰণ আৰু আয়ুৰ্বেদিক ঔষধ: Assamese Health Tips

Assamese Health Tips


এজন মানুহৰ স্বাভাৱিক ৰক্তচাপ ১১০-১২০/৭০-৯০ mmHg আৰু ইয়াতকৈ বেছি হ'লে উচ্চ ৰক্তচাপ বোলা হয়। ( Assamese Health Tips ) 


আহাৰ খোৱাৰ পিছত , দৌৰিলে, পৰিশ্ৰম কৰাৰ পিছত আৰু টোপনি খতি কৰাৰ পিছত ৰক্তচাপ স্বাভাৱিকতে বাঢ়ে ‌। এইদৰে ৰক্তচাপ বঢ়াক উচ্চ ৰক্তচাপ বোলা নহয়‌‌‌ । মনত ৰাখিব, ৰক্তচাপ ৰোগ নিজে সৃষ্টি কৰি লোৱা ৰোগ।


#উচ্চ_ৰক্তচাপৰ_কাৰণ

"""""""""""""""""""

(১) কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তি।

(২) ঘিউ, মাখন, বনস্পতি ঘি , মাংস, কণী, নাৰিকল তেল ,কডলিভাৰ অইন আদি সম্পৃক্ত চৰ্বি আৰু প্ৰোটিন বিশিষ্ট আহাৰ বেছিকৈ খোৱা। প্ৰোটিন আৰু সম্পৃক্ত আহাৰ বেছিকৈ খালে তেজত কলেষ্টেৰল বঢ়াৰ ঊপৰিও সিৰা,-ধমনীত কলেষ্টৰল সঞ্চিত হয় । ক্ৰমে সিৰা-ধমনীৰ বেৰ কঠিন আৰ ফুটা ঠেক হয় (Atherosclerosis) বাবে ৰক্তচাপ বাঢ়ে।

উচ্চ ৰক্তচাপ আৰু হৃদৰোগীয়ে " ৰিফাইন তেল " খাব লাগে বুলি এক ভ্ৰান্ত ধাৰণা আছে। সৰিয়হ বা তিলতেল কেতিয়াও গোট নামাৰে , কাৰণ এই বোৰ তেল অসম্পৃক্ত তেল(Unsaturated oil ) আৰু ইয়াৰ পৰা কলেষ্টৰল নাবাঢ়ে । সেয়েহে সৰিয়হ বা তিলতেল নিৰ্ভয়ে খাব পাৰে। গোটমৰা (Saturated) আৰু আধা গোটমৰা (Semi Saturated ) চৰ্বি বা তেল নাখাব ।

(৩) নিমখ বেছিকৈ খোৱা। এদিনত মাত্ৰ পাচগ্ৰাম নিমখ খাব লাগে। নিমখ বেছিকৈ খালে তেজৰ গাঢ়তা বাঢ়ে আৰু ৰক্তচাপ বৃদ্ধি হয়। 

(৪) মদপীৰ তেজত এলকহলৰ পৰিমাণ বাঢ়িলে ৰক্তচাপ বাঢ়ে।

(৫) হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ ৰক্তচাপ বাঢ়ে।

(৭) মানসিক চিন্তা তথা উৎকন্ঠা।

(৮) ধমনী ক্ষয়, ডায়েবেটিচ, বৃক্কৰোগ, কেন্দ্ৰীয় স্নায়ুমণ্ডলৰ ৰোগ, অন্তস্ৰাৱী গ্ৰন্থিৰ ৰোগ, গৰ্ভৱতী নাৰী, ঔষধৰ পাৰ্শ্বক্ৰিয়া, বংশগত আৰু জাতিগত কাৰণবশত: উচ্চ ৰক্তচাপ হয়। মহিলাৰ তুলনাত পুৰুষ অধিক আক্ৰান্ত হয়। সচৰাচৰ দুকুৰি বছৰ বয়সৰ পিছত উচ্চ ৰক্তচাপ হোৱা দেখা পোৱা যায়।


#ৰোগৰ_লক্ষণ

""""""""""""""

মূৰঘুৰণি, ডিঙি আৰু কান্ধৰ বিষ,বমি বা ওকালি, টোপনি কম হোৱা, উশাহ-নিশাহত কষ্ট, বুকুৰ ধপনপনী আৰু বিষ,নাড়ী গতি বৃদ্ধি, কানত গুমগুমনি, মুখ-কাণ ৰঙা পৰা, মানসিক অশান্তি আদি লক্ষণ দেখা পোৱা যায়।


#উপসৰ্গ

"""""""

ৰক্তচাপ বেছি হলে নাক আৰু মস্তিষ্কৰ ৰক্তক্ষৰণ হয়। মস্তিষ্কৰ আৰু হৃদয় অভিঘাত (Stroke) , পক্ষাঘাত (paralysis) ইউৰেমীয়া,মূৰ্চ্ছা আদি হয়।


#আহাৰ_বিহাৰ

"""""""""""""

(১) মানসিক চিন্তাৰ পৰা বিৰত থাকিব।

(২) টোপনি খতি নকৰিব। 

(৩) মূৰত নাৰিকল তেল নাসানিব। নাৰিকল তেল সানিলে মূৰটো গৰম হয় আৰু তেতিয়া ৰক্তচাপ বাঢ়ে।

(৪) বহুসময়ত অনভিজ্ঞ ব্যক্তিয়ে প্ৰথম বাৰতেই এজন সুস্থ ব্যক্তিৰ ৰক্তচাপ বেছি বুলি কোৱাৰ ফলত মানসিক দু:চিন্তাৰ কাৰণে সচাকৈয়ে উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। সেয়েহে অভিজ্ঞ আৰু ভাল মেচিনৰে প্ৰেচাৰ জুখিব লাগে

(৫)ধপাত জাতীয় বস্ত আৰু মাদকদ্ৰব্য নাখাব। ধপাতত থকা নিক'টিনে সিৰা-ধমনীত এথেৰোস্ক্লেৰোচিচ উৎপত্তি কৰাৰ পৰিপ্ৰেক্ষিতত উচ্চ ৰক্তচাপ আৰু নানানটা হৃদৰোগ হ'ব পাৰে। ( Assamese Health Tips ) 


(৬) প্ৰাত:ভ্ৰমন আৰু সাধ্যানুযায়ী শাৰীৰিক শ্ৰম কৰিব। পূৱাবেলা বায়ুমণ্ডলত ঋণাত্মক আয়ন থাকে বাবে সুস্বাস্থ্যৰ কাৰণে বিশেষ লাভদায়ক‌

(৭) নিমখ আৰু শৰ্কৰা কমকৈ খাব । নিমখ বেছিকৈ খালে তেজৰ গাঢ়তা বাঢ়ে বাবে ৰক্তচাপ বৃদ্ধি হয়‌। শৰ্কৰা বেছিকৈ খালে টোপনি ভালদৰে নহয় আৰু পৰোক্ষ ভাৱে ৰক্ত চাপ বাঢ়িব পাৰে।

(৮) মাংস, কণী ইত্যাদি জীৱ-জন্তু ৰ পৰা উৎপাদিত প্ৰোটিন খাদ্য নাখাব , খালেও কমাই খাব । ঘিউ , মাখন , বনস্পতি ঘি , পনীৰ আদি সম্পৃক্ত আহাৰ নাখাব । মাহজাতীয় শস্যৰ প্ৰোটিন যেনে চয়াবিন, লেচেৰা আদি খালে কোনো ধৰণৰ অপকাৰ নহয়।

(৯) চাহ বেছিকৈ খাব । একাপ চাহত ১০০মিলি গ্ৰাম এছপিৰিন থাকে‌। চাহত থকা এছপিৰিনে তেজৰ গাঢ়তা কমাই আৰু ৰক্তসন্চালন নিয়মীয়া কৰি ৰাখে।

(১০) মটৰ মাহ উপকাৰী। মটৰ মাহত "আৰ্জেনিন"থাকে আৰু আৰ্জেনিনে হৃদপিণ্ড শক্তিশালী কৰি ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে।

(১১) ৰাতিপুৱা খালি পেটত ৪-৫ ফুটা নহৰু বাকলিৰ সৈতে গিলি খাব । ক্ষুদ্ৰান্ত্ৰত নহৰু তেল শোষণ হয় । নহৰু তেলে কলেষ্টৰল কমাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে।নহৰুৰ বাকলি আৰু সাৰ অং‌শৰ মাজত থকা তেল (Volatile oil) বাকলি এৰুৱাই দিয়াৰ লগে লগেই বাস্পীভূত হৈ যায় আৰু নহৰুৰ ওপৰত গন্ধকৰ চামনি পৰে বাবে নহৰু গোন্ধায়। সেয়েহে বাকলি এৰুৱাই নহৰু খালে গন্ধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবে বমিভাৱ , বুকু জ্বলা-পোৰা কৰে।

(১২) প্ৰতিদিনে দুই-চাৰিটা কল খাব । কলত থকা মেগনেছিয়ামে সিৰা-ধমনীত সঞ্চিত হোৱা কলেষ্টৰল আতৰ কৰে আৰু তেজত কলেষ্টৰল নিয়ন্ত্ৰণ কৰে। সেয়েহে কল খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।

(১৩) ৰাতিপুৱা ১০-১৫ টা বৰমানিমুনি পাত চোবাই খালে টোপনি ভালহয়, মানসিক চিন্তা আৰু উৎকন্ঠা কমাৰ উপৰিও উচ্চ ৰক্তচাপ কমে । মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই আৰু পেটৰ গেছ উপসম কৰে।

(১৪) অৰ্জুনৰ বাকলি ১ কেজি ৪ লিটাৰ পানীত সিজাব । পানী কমি ১ লিটাৰমান হলে নমাব । ঠাণ্ডা হলে ছেকি লব আৰু এইদৰে প্ৰস্তুত কৰাক ক্বাথ বোলা হয় ।অৰ্জুনৰ ক্বাথ ২০ মিলি লিটাৰকৈ ৩ বাৰ খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ভাল হয় ।

(১৫) উচ্চ ৰক্তচাপ ৰোগীয়ে উত্তৰ দিশত মূৰ আৰু দক্ষিণ দিশত ভৰি দি শুব। ৰাতি ভাল টোপনিৰ উপৰিও ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ আহে।

(১৬) বাহু বা ভকুৱা মাছ উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী । বাহু মাছৰ ছালৰ ভিতৰ অংশ কোমল , বগা আৰু তেলেতীয়া। ইয়াত ওমেগা-৩ ফেটি এচিড থাকে । ওমেগা-৩ ফেটি এচিডে তেজত থকা অতিৰিক্ত কলেষ্টৰল কমায় । সেয়েহে ছালসহ বাহুমাছ খালে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা নাথাকে। 

(১৭)এদিনত দুই-তিনিবাৰৰ পৰিৱৰ্তে পাচ-ছবাৰ আহাৰ কম পৰিমাণে খাব । পাৰিলে সপ্তাহত এদিন উপবাস ৰাখিব।


#আয়ুৰ্বেদিক_ঔষধ

""""""""''''''''""""

(১) উচ্চ ৰক্তচাপৰ কাৰণে সৰ্পগন্ধা গছৰ পৰা তৈয়াৰী SARPAGANDHA GHANA VATI নামৰ আয়ুৰ্বেদিক ঔষধ ১-২ টা দিনে এবাৰ খাব । এইবিধ ঔষধ কেবাহেজাৰ বছৰৰ পৰা ব্যৱহাৰ কৰি আহিছে‌। এই গছৰ এলকালীনৰ পৰা RESERPIN টেবলেত আৰু ইঞ্জেকচন বনোৱা হয়।

(২) কলেষ্টৰল কমাবৰ কাৰণে NAVAK GUGULU , SUDHA GUGULU যিকোনো এবিধ ২ টাকৈ ৩ বাৰ ব্যৱহাৰ কৰা হয়। এই দুবিধ ঔষধৰ দ্বাৰা উচ্চ ৰক্তচাপ সম্পূৰ্ণ আৰোগ্য হয় আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নায় 

ওপৰোক্ত ঔষধ আৰু আহাৰ-বিহাৰৰ পৰা মাত্ৰ ২-৩ মাহত উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ৮০-৯০% কমিব । উচ্চ ৰক্তচাপ আৰোগ্য লাভৰ কাৰণে ওচৰত থকা চৰকাৰী আয়ুৰ্বেদিক চিকিৎসকৰ লগত পৰামৰ্শ কৰিহে ঔষধ খাব।


ডা: মনোজ কুমাৰ শইকীয়া

হোৱাটৃএপ-9435209704

 ( Assamese Health Tips ) 

No comments:

Post a Comment

Advertisement

Pages