জীৱনৰ অভিজ্ঞতাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কথা : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, June 27, 2023

জীৱনৰ অভিজ্ঞতাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কথা : Assamese Fact

Assamese Fact


জীৱনৰ অভিজ্ঞতাৰ পৰা কেইটামান কথা কব  ...


🔹 পৃথিৱীৰ আটাইতকৈ স্বাৰ্থপৰ আৰু চালাক প্ৰাণীবিধ হৈছে মানুহ । ইহঁতে নিজৰ স্বাৰ্থৰ বাবে আপোনাক কত ,কেতিয়া,কেনেকৈ ব্যৱহাৰ কৰি পেলাব আপুনি ধৰিবই নোৱাৰিব । ( Assamese Fact )


আপুনি জানেনে, ব্যৱহাৰ শেষ হলেই  আপুনি যে হৈ পৰিব ইউজ এণ্ড থ্রো ডিসপোজেবল গ্লাচ, প্লেট তেওঁলোকৰ ওচৰত । গতিকে মানুহ লগ পালেই প্ৰথমে পঢ়ি লব পিছত সম্বন্ধ গঢ়িব ।


🔹যি মানুহে আপোনাক বিশ্বাস নকৰে তেওঁক বিশ্বাস দিবলৈ কেতিয়াও প্ৰমাণ নিদিব । কিয়নো আপুনি যিমানেই নিজক সত্য বুলি প্ৰমাণ দিব তেওঁ আপোনাৰ পৰা সিমানেই প্ৰমাণ বিচাৰিব ।


🔹যি মানুহৰ আপোনাৰ বাবে সময় নাই ,তেওঁক সময় বিচাৰি নিজকে অপদস্ত নকৰিব বা নিজৰ মনক দুখ নিদিব । কিয়নো যি আপোনাক সময় দিব বিচাৰে হাজাৰ ব্যস্ততাৰ মাজতো সময় দিব আৰু যাৰ ওচৰত আপোনাৰ কোনো মূল্য নাই তেওঁ গোটেই দিনটো বহি থাকিলেও আপোনাক এক মিনিট নিদিয়ে মনত ৰাখিব ।


🔹আনৰ গাত দোষ জাপি নিজে ধুৱা তুলসীৰ পাত দেখুৱাব বিচৰা লোকৰ পৰা সদায় আঁতৰি থাকিব । নহলে কোন দিন বিপদত পৰিব ঠিক নাই ।( Assamese Fact )


🔹আপোনাৰ কাৰোবাক ভাল লাগে মানে ধৰি লওঁক তেওঁৰ প্ৰতি আপোনাৰ  বিৰাট আন্তৰিকতা আছে, এই কথা কেতিয়াও তেওঁক জানিব নিদিব । কিয়নো আপোনাৰ বাবে তেওঁ বিশেষ বুলি জনাৰ পিছত , এনে ব্যবহাৰ দেখুৱাব যেন তেওঁৰ দৃষ্টিত আপুনি মানুহেই নহয় ।


🔹জীৱনত আগবাঢ়ি যাব বিচাৰিলে কিছু জেদ ভাবৰ অতি প্ৰয়োজন । জেদ লওঁক মই পৰিমেই ,মই কৰিমেই চাব আটাইতকৈ কঠিন কামটোও সহজ হৈ পৰিব আপোনাৰ ওচৰত।


🔹প্ৰেম আপুনি সেইজনক কৰিব ,যি আপোনাক ভালপায় । আপুনি ভালপোৱা জনৰ পৰা সিমান মৰম আদৰ কেতিয়াও নাপায়  যি খিনি আপুনি দিব বা আশা কৰিব  । 


🔹আঘাত সদায় আপোন জনেহে দিয়ে ,দোষ আমি পৰক দিও ।


 🔹যি আপোনাক বুজি নাপায় বা পাবলৈ চেষ্টা নকৰে তেওঁক বুজাবলৈ কেতিয়াও চেষ্টা নকৰিব । নোবুজু বুলি মন বান্ধি লোৱা জনক বুজোৱা অসম্ভৱ ।


🔹জীৱনত সেইজনক কেতিয়াও বেয়া ব্যবহাৰ নকৰিব যি আপোনাক নিস্বাৰ্থ ভাবে পাগলৰ দৰে ভালপায় । তেওঁ আপুনি দিয়া কষ্টৰ বিনিময়ত আপোনাক ভালপায় বাবেই একো নোকোৱাকৈ সহ্য কৰি যাব বা আপোনাৰ প্ৰতিটো ভুল মাফ কৰি দিব কিন্তু তেওঁৰ অন্তৰ আত্মাত থকা ঈশ্বৰ জনে আপোনাক কেতিয়াও ক্ষমা নকৰে মনত ৰাখিব ।।


মোৰ জীৱনৰ অভিজ্ঞতা ,আপোনাৰো হৈছে নিশ্চয় এনে অভিজ্ঞতা । নহয় নে..? 

✍️ৰুমী দত্ত


Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages