কাৰ্গিল যুদ্ধৰ মহান শ্বহীদ কেপ্তেইন জিণ্টু গগৈৰ কাহিনী জানো আহক : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, June 30, 2023

কাৰ্গিল যুদ্ধৰ মহান শ্বহীদ কেপ্তেইন জিণ্টু গগৈৰ কাহিনী জানো আহক : Assamese Article

Assamese Article


 অসমৰ এজন অসাধাৰণ বীৰৰ কাহিনী যিয়ে নিচেই কম বয়সতে এই দেশমাতৃৰ কাৰনে নিজৰ জীৱনৰ সৰ্বোচ্চ বলিদান দিছিল |  ( Assamese Article )


গোলাঘাট জিলাৰ খুমটাই অঞ্চলৰ পৰা অহা কেপ্তেইন জিণ্টু গগৈয়ে ১৯৯৯ চনৰ ৩০ জুন তাৰিখে অৰ্থাৎ আজিৰ দিনটোতে কাৰ্গিল যুদ্ধত শত্ৰুপক্ষৰ বিৰুদ্ধে যুঁজ দি মাত্ৰ ২৯ বছৰ বয়সতে নিজৰ প্ৰাণ এই মাতৃভূমিৰ নামত উচ্ছৰ্গা কৰি দিছিল |

      ১৯৯৯ চনৰ ২৯ জুন তাৰিখে ভাৰতীয় সেনাৰ ব্ৰিগেডিয়াৰ জেনেৰেল বেদ প্ৰকাশ মালিকে কাৰ্গিলত থকা ৪ নং গাৰোহৱাল ৰেজিমেণ্টক পাকিস্তানী সৈন্যই অধিকাৰ কৰি ৰখা জুব্বাৰ পৰ্বতৰ কালাপাহাৰ নামৰ অঞ্চলটো মুক্ত কৰিবলৈ আদেশ দিছিল | এই অঞ্চলটো ভাৰতীয় তথা পাকিস্তানী সৈন্য দুয়োপক্ষৰ কাৰনে অতি মহত্বপূৰ্ণ অঞ্চল আছিল কাৰন এই অঞ্চলটোৰ মাজেৰে যোৱা পথটোৱে শ্ৰীনগৰ আৰু লেহক সংযুক্ত কৰিছিল আৰু এই পথটো পাকিস্তানী সৈন্যৰ অধিকাৰত থাকিলে কাশ্মীৰৰ সৈতে ভাৰতৰ সংযোগ ব্যৱস্থা একেবাৰে বিচ্ছিন্ন হৈ যোৱাৰ শংকা আছিল সেয়ে এই অঞ্চলটো শত্ৰু সৈন্যৰ অধীনৰ পৰা মুক্ত কৰিবলৈ ব্ৰিগেডিয়াৰ জেনেৰল বেদ প্ৰকাশ মালিকে ১৭ নং গাৰোহৱাল ৰেজিমেণ্টক এই অভিযানৰ দায়িত্ব দিছিল | জেনেৰেলৰ পৰা আদেশ পায় ৰেজিমেণ্টটোৰ দায়িত্বত থকা কৰ্ণেল এছ. চাতপাঠে এই গুৰুত্বপূৰ্ণ অভিযানটোৰ কাৰনে ৰেজিমেণ্টৰ এজন সুদক্ষ সৈনিক কেপ্তেইন জিণ্টু গগৈক এই অভিযানটোৰ নেতৃত্ব দায়িত্ব দিছিল | নিজৰ উচ্চবিষয়াৰ পৰা আদেশ পোৱাৰ পিছত কেপ্তেইন জিণ্টু গগৈয়ে এই অভিযানত যাবলৈ সাজু হৈছিল আৰু তেওঁৰ নেতৃত্বত লেন্সনায়ক মদন সিঙ, ৰাইফলমেন জয়দীপ সিঙ আৰু ৰাইফলমেন বৰিন্দৰ সিঙকে ধৰি ১০০-২০০ জন সৈন্যই নিশাৰ ভিতৰত কালাপাথাৰ অভিমুখে আগবাঢ়িছিল আৰু হাৰ কপোঁৱা ঠাণ্ডাৰ মাজতে তেওঁলোকে মাজনিশা ৰচীৰে জুব্বাৰ পৰ্বত আৰোহন কৰি পিছদিনা ৰাতিপুৱা অৰ্থাৎ ১৯৯৯ চনৰ ৩০ জুন তাৰিখে জুব্বাৰ পৰ্বতৰ একেবাৰে শিখৰত কালাপাথাৰ নামৰ স্থানত উপস্থিত হৈছিল কিন্তু এনেতে সেই স্থানত থকা পাকিস্তানী সৈন্যই কোনো প্ৰকাৰে উমান পায় যে ভাৰতীয় সৈন্যৰ এটা দলে পৰ্বত আৰোহন কৰি তেওঁলোকৰ স্থানত আহি উপস্থিত হৈছে আৰু বাংকাৰৰ পৰা কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছত তেওঁলোকে গোপনে আগবাঢ়ি আহি থকা কেপ্তেইন জিণ্টু গগৈ আৰু তেওঁৰ সৈন্যক দেখি অতৰ্কিতে কেপ্তেইন জিণ্টু আৰু তেওঁৰ সৈতে অহা সৈন্যসকলৰ ওপৰত আক্ৰমণ কৰি দিছিল | যাৰফলত শত্ৰুৰ গুলী কেপ্তেইন জিণ্টুৰ এখন ভৰি আৰু হাতত আঘাত কৰিছিল লগতে তেওঁৰ দলৰ আধা সৈন্য এই আক্ৰমণত মৃত্যু হৈছিল বা আঘাত হৈ পৰিছিল যদিও ইয়াৰ মাজতে ৫০-৬০ জন সৈন্যই ততালিকে  সুৰক্ষাৰ কাৰনে শিলৰ পিছত আশ্ৰয় লৈ শত্ৰুৰ ওপৰত গুলীয়াবলৈ আৰম্ভ কৰিছিল শত্ৰুৰ ওপৰত প্ৰত্যাক্ৰমন কৰিলেও হঠাত চকুৰ সন্মুখত ইমান ডাঙৰ লোকচান দেখি তেওঁলোকৰ মনোবল দুৰ্বল হৈ পৰিছিল কিন্তু তেওঁলোকৰ পৰা কিছু দূৰত আঘাত হৈ পৰি থকা তেওঁলোকৰ কেপ্তেইন জিণ্টু চাহাব এতিয়াও জীৱিত আছিল আৰু পাকিস্তানী সৈন্যই তেওঁক বাৰাম্বাৰ আত্মসমৰ্পন কৰিবলৈ আদেশ দি আছিল | এইফালে শিলৰ পিছত আশ্ৰয় লৈ থকা সতীৰ্থ সৈন্যসকলে ইচ্ছা কৰিলেও কেপ্তেইন জিণ্টুৰ ওচৰত থকা শত্ৰুসৈন্য সকলৰ ওপৰত কোনো action লব পৰা নাছিল কাৰন তেওঁলোকে এনেকুৱা কৰিলে শত্ৰু সৈন্যই তেওঁলোকৰ জিণ্টুৰ প্ৰাণ কাঢ়ি নিব | আনফালে শত্ৰুসৈন্যয়ো কেপ্তেইন জিণ্টুক ভাবুকি দি বাৰাম্বাৰ কয় আছিল:-

     "হয়টো আত্মসমৰ্পন কৰি লোৱা নতুবা মৃত্যুক আঁকোৱালি লোৱা |"

কিন্তু আঘাত হৈ পৰি থকা কেপ্তেইন জিণ্টু গগৈয়ে শত্ৰুৰ ওচৰত ইমান সহজে পৰাজয় স্বীকাৰ কৰা সৈনিক নাছিল | তেওঁ কাষত পৰি থকা নিজৰ বন্দুকটোৰ ওপৰত ভৰ দি লাহে লাহে উঠিছিল আৰু "যুদ্ধায় কৃতায়: নিশ্চিতে", "যুদ্ধায় কৃতায়: নিশ্চিতে...." বুলি কয় সন্মুখত থকা পাকিস্তানী সৈনিক সকলৰ ওপৰত প্ৰচণ্ড গুলীবৰ্ষণ আৰম্ভ কৰি দিছিল আৰু বন্দুকৰ গুলী শেষ হোৱাত আঘাত হৈ শৰীৰৰ পৰা নিৰ্গত হৈ থকা তেজকো আওকান কৰি সেই অৱস্থাৰে তেওঁ অকলে আগবাঢ়ি গৈ সন্মুখৰ বাংকাৰত থকা পাকিস্তানী সৈনিক সকলৰ সৈতে hand to hand combat কৰিছিল আৰু কেপ্তেইন জিণ্টু গগৈৰ প্ৰহাৰত দুজন পাকিস্তানী সৈন্য মৃত্যুমুখত পৰিছিল | এই দুয়োজন পাকিস্তানী সৈন্যক হত্যা কৰাৰ পিছত শৰীৰৰ পৰা অধিক ৰক্তক্ষৰণ হোৱাৰ ফলত কেপ্তেইন জিণ্টু সেইস্থানতে মাটিত ঢলি পৰিছিল আৰু এনেতে আন এজন পাকিস্তানী সৈন্যই মাটিত পৰি থকা কেপ্তেইন জিণ্টুক মাৰিবলৈ আহোতে কিছুদূৰত শিলৰ পিছপিনে আশ্ৰয় লৈ থকা কেপ্তেইন জিণ্টুৰ সতীৰ্থ সৈন্য সকলে সেই পাকিস্তানী সৈন্যজনক লক্ষ্য কৰি গুলীয়াই দিছিল আৰু নিজৰ কেপ্তেইনৰ সাহস আৰু বীৰত্বৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকৰ হেৰাই যোৱা মনোবল পুণৰ উভতি আহিছিল আৰু "বদ্ৰী বিশাল লাল কি জয়", "ভাৰত মাতা কি জয়" ৰণধ্বনি দি তেওঁলোকে আগবাঢ়ি গৈ শত্ৰুৰ বাকী থকা বাংকাৰ কেইটাৰ ওপৰত ৰকেট লাঞ্চাৰৰ দ্বাৰা বোমা নিক্ষেপ কৰি আৰু প্ৰচণ্ড গুলীবৰ্ষণৰে শত্ৰুৰ বাংকাৰ কেইটা নষ্ট কৰি সকলোবোৰ পাকিস্তানী সৈন্যক হত্যা কৰি পেলাইছিল | ভাৰতীয় সৈন্যই কালাপাথাৰত থকা সকলোবোৰ পাকিস্তানী সৈন্যক হত্যা কৰি সেই স্থানত উৰি থকা পাকিস্তানৰ পতাকা আঁতৰাই আমাৰ দেশৰ ত্ৰিৰংগ জাতীয় পতাকা🇮🇳 উৰুৱাই দিছিল | ( Assamese Article )


      কিন্তু নিজৰ তথা নিজৰ সতীৰ্থ সৈনিক সকলৰ এই বিজয়ৎসৱ চাবলৈ কেপ্তেইন জিণ্টু গগৈ সেইসময়ত জীৱিত নাছিল | তেওঁ আঘাতপ্ৰাপ্ত অৱস্থাৰে শত্ৰুসৈন্যৰ বিৰুদ্ধে যুঁজ দি ৰণক্ষেত্ৰতে প্ৰাণ বিসৰ্জন দিছিল | কিন্তু ছহিদ কেপ্তেইন জিণ্টু গগৈৰ সাহস তথা উৎসাহৰ অবিহনে ভাৰতীয় সৈন্যই এই মহত্বপূৰ্ণ অঞ্চলটো কেতিয়াও জয় কৰিব নোৱাৰিলেহেতেন | 

     সেইসময়ত সূৰ্য্যৰ পোহৰে যদি এফালে বিজয়ৰ প্ৰতীকৰূপে উৰি থকা ত্ৰিৰংগ জাতীয় পতাকাখনক জিলিকাই তুলিছিল আনফালে সেই উৰি থকা ত্ৰিৰংগ পতাকাৰ সন্মুখতে কেপ্তেইন জিণ্টু গগৈৰ নশ্বৰদেহ মাটিত পৰি আছিল আৰু লগতে সমাপ্ত হৈ গৈছিল আমাৰ অসমভূমি তথা দেশমাতৃৰ এজন অসাধাৰণ বীৰৰ জীৱন কাহিনী | ১৯৯৫ চনত সেনাবাহিনীত যোগদান কৰাৰ সময়ত নিজৰ দেশমাতৃ তথা জাতীয় পতাকাৰ সুৰক্ষাৰ কাৰনে তেওঁ যি শপথ লৈছিল নিজৰ সেই শপথ তেওঁ নিচেই কম বয়সতে পৰিপূৰ্ণ কৰিছিল | যি ত্ৰিৰংগ পতাকাৰ গৌৰৱৰ ৰক্ষাৰ কাৰনে তেওঁ নিজৰ প্ৰাণপৰ্যন্ত বলিদান দিছিল সেই দেশমাতৃৰ মৰমৰ আৱৰণ পিন্ধিয়ে জীৱিত অৱস্থাৰে নহলেও মৃত অৱস্থাৰে তেওঁ নিজৰ পিতৃ-মাতৃৰ ওচৰলৈ উভতি আহিছিল | সেইসময়ত তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ গোলাঘাট জিলা, সমগ্ৰ অসম তথা সমগ্ৰ দেশৰ মানুহৰে শোকত চকু চলচলীয়া হৈ পৰিছিল লগতে তেওঁলোক প্ৰতিজনে কেপ্তেইন জিণ্টু গগৈৰ এই অপৰিসীম বলিদানত গৌৰাম্বিত আছিল |

     ছহিদ কেপ্তেইন জিণ্টু গগৈয়ে কাৰ্গিল যুদ্ধত দেখুওৱা অদম্য সাহস তথা বীৰত্বৰ বাবে ভাৰত চৰকাৰে ১৯৯৯ চনৰ ১৫ আগষ্ট তাৰিখে তেওঁক মৰোণত্তৰভাৱে "বীৰ চক্ৰ" প্ৰদান কৰিছিল | নিজৰ ছহিদ পুত্ৰৰ সেই বীৰত্বৰ বঁটা সেইসময়ৰ ৰাষ্ট্ৰপতি কে. আৰ. নাৰায়নৰ পৰা তেওঁৰ পিতৃ প্ৰাক্তন ফ্লায়িং অফিচাৰ ঠগীৰাম গগৈয়ে গ্ৰহন কৰিছিল | বঁটা লোৱাৰ সময়ত তেওঁ হেৰাই যোৱা পুত্ৰক স্মৰণ কৰি আৱেগিক হৈ পৰিছিল যদিও নিজৰ সেই চকুপানী তথা দুৰ্বলতাক প্ৰকাশ কৰি তেওঁ নিজৰ বীৰ পুত্ৰৰ ত্যাগ তথা বীৰত্বক অপমানিত কৰিব বিচৰা নাছিল | তেওঁ সেইসময়ত আৱেগিক হোৱাৰ লগতে দেশৰ সুৰক্ষাৰ কাৰনে প্ৰাণ বিসৰ্জন দিয়া নিজ ছহিদ পুত্ৰক লৈ গৌৰৱ অনুভৱ কৰিছিল |

      ছহিদ কেপ্তেইন জিণ্টু গগৈয়ে মৃত্যুৰ সময়ত তেওঁ নিজৰ মৰমৰ মাতৃৰ লগতে নিজৰ প্ৰেয়সী অঞ্জনাক ইহসংসাৰত এৰি থৈ যায় | যি প্ৰিয় মানুহগৰাকীক তেওঁ সমাজৰ উপস্থিতত আঙুঠি পিন্ধায় যুদ্ধৰ পৰা উভতি আহিলে বিবাহ কৰাৰ প্ৰতিশ্ৰুতি দিছিল |


                                                    ✍️দিম্পু ভৰালী


উৎস: ফেচবুক 

 ( Assamese Article )


No comments:

Post a Comment

Advertisement

Pages