ভগৱান শ্ৰী কৃষ্ণৰ অমৃত বাণী : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 30, 2023

ভগৱান শ্ৰী কৃষ্ণৰ অমৃত বাণী : Religious Studies

Religious Studies


বিপদ আৰু সমস্যাৰ পৰা ৰক্ষা পাবলৈ ভাগৱত পোৰাণত বহু বৰ্ণনা আছে।ঈশ্বৰ বিশ্বাসী লোকে বিপদত পৰিলে হতাশ হোৱাৰ কথা নাই।সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত আস্থা আৰু বিশ্বাসেৰে বিপদৰ পৰা মুক্ত হোৱা সম্ভৱ।( Religious Studies )


ভগৱান শ্ৰী কৃষ্ণই কেছিল যে-এনে কোনো লোক নাই যাৰ-জীৱনলৈ বিপদ অহা নাই।জীৱনত সকলোৰে মাজলে এবাৰ হলেও দুখ আহে।কোৱা হয় যে-একাল যদি দুখ,ঠিক একেদৰে আন একাল সুখ।মানুহৰ জীৱনলৈ যেনেদৰে সুখ আহে-ঠিক তেনেদৰে দুখো আহে।একেদৰে মানুহৰ জীৱনলৈ বিপদো আহে।


*ভগৱান শ্ৰী কৃষ্ণই আৰু কৈছিল যে-যি মনুষ্যই-ভগৱানক বিশ্বাস কৰে,যিয়ে ভগৱন্তৰ চৰণত আশ্ৰয় লয় আৰু ভগৱানৰ গুণানুকীৰ্তন সদায় কৰে-তেওঁ জীৱনলৈ কেতিয়াও বিপদ নাহে।


-স্বয়ং ভগৱানে যেতিয়া মানুহৰূপে-পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল,তেতিয়া ভগৱানে বাৰম্বাৰ নানান বিপদৰ সন্মুখীন হৈছিল।সেয়ে ভগৱান শ্ৰী কৃষ্ণই কৈছিল যে-যেতিয়া কিবা বিপদ আহিব-তেতিয়া ভাগি নপৰি সেই বিপদৰ সৈতে-মোকাবিলা কৰাৰ লগতে সন্মুখীন হোৱা উচিত।এই কলিযুগত কোনো মানুহৰ দুখ,জ্বলা-যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ একমাত্ৰ কৃষ্ণ নামেহে মুক্তি দিব পাৰে।


-বিপদত পৰিলে আমি সদায়ে-ভগৱানক অভিযোগ কৰোঁ যে-ভগৱান তুমি আমাক সৃষ্টি কৰি আকৌ-কিয় আমাৰ জীৱনলৈ দুখ,বিপদ আনিছা।( Religious Studies )

Religious Studies


এই বিষয়ত ভগৱান শ্ৰী কৃষ্ণই কৈছিল-এই জগত সংসাৰত প্ৰত্যেক জীৱকে ভগৱানে সৃষ্টি কৰিছে। মনুষ্যও ভগৱানৰ সৃষ্টি আৰু প্ৰত্যেকজন মানুহৰে এক পৃথক পৃথক সত্তা থাকে আৰু সেই সত্তা বিষয়ে মানুহে দুই ধৰণৰে কৰ্ম কৰে।সেয়া হৈছে-সুকৰ্ম আৰু কুকৰ্ম।কৰ্মফলে মানুহক কেতিয়াও পিছ নেৰে।অৰ্থাৎ যেনে-কৰ্ম তেনে ফল।জন্ম-জন্মান্তৰে মনুষ্যই কৰ্ম ফল ভোগ কৰি থাকিব।কিন্তু যেতিয়া বিপদ আহিব-সেই বিপদৰ মুক্তিৰ বাবে-নিশ্চিত পথ বিচাৰিব জানিব লাগিব।যদি-কোনো মনুষ্যই ভগৱানৰ চৰণত আশ্ৰয় গ্ৰহণ কৰে আৰু বিপদত ভগৱানৰ নাম বাৰে বাৰে লৈ কান্দে,তেতিয়া সেই মনুষ্যই বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু সেই মনুষ্যক কোনো বিপদে স্পৰ্শ কৰিব নোঁৱাৰে।


*সেয়ে-যেতিয়াই বিপদত পৰা যায়-তেতিয়াই ভগৱানক স্মৰণ কৰা উচিত।আৰু লগতে ভগৱানৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনায় কোৱা-উচিত যে-হে প্ৰভূ-আপোনাৰ এআ পৰম ভকতক বিপদৰ পৰা ৰক্ষা কৰা।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages