শনিদেৱৰ পূজাৰ নিয়ম জানি লওক : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

শনিদেৱৰ পূজাৰ নিয়ম জানি লওক : Religious Studies

   


Religious Studies


শনিদেৱ ভগৱান সূৰ্য্য আৰু দেৱী ছায়াৰ পুত্ৰ।তেওঁ আদি দেৱ শংকৰৰ পৰা ন্যায় দেৱতাৰ আৰ্শীবাদ পাইছিল। শনিদেৱে জনসাধাৰণৰ কৰ্মৰ ফল অনুসাৰে ফল প্ৰদান কৰে।( Religious Studies )



শনিদেৱ স্বভাৱত অতি সহজ-সৰল কিন্তু আচৰণত খঙাল।শনিদেৱৰ লেহেমীয়া গতিৰ বাবেই-এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ প্ৰৱেশ কৰিবলৈ ডেৰ-দুবছৰ সময় লাগে।শনিৰ মহাদশাৰ বাবে-এজন ব্যক্তিৰ জীৱনত বিৰূপ প্ৰভাৱ পৰে।ইয়াৰ পৰা হাত সাৰিবলৈ শনিবাৰে-মানুহে শনিদেৱক পূজা কৰিব লাগে।শনিদেৱক পূজা কৰাৰ সময়ত-কিছুমান বিশেষ কথা মনত ৰাখিব লাগে।ভুল কৰিলে-শনিদেৱৰ খং উঠে আৰু সেই ব্যক্তিজনে পূজাৰ উপযুক্ত লাভ নাপায়।


*শনিদেৱৰ পূজাত এইবোৰ ভুল নকৰিব।


১)শনিদেৱৰ পূজাত ৰঙা ৰংৰ বস্তু ব্যৱহাৰ কৰিব নালাগে।এনে কৰিলে-শনিদেৱৰ খং উঠে।আৰু শনিৰ ছাঁ পৰিলে-মানুহৰ জীৱন যন্ত্ৰণাদায়ক হৈ পৰে।শনিদেৱ সূৰ্য্য আৰু মংগল দুয়োটাকে নিজৰ শক্ৰ বুলি গণ্য কৰে।গতিকে-শনিবাৰে শনি পূজাত ৰঙা ৰংৰ কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে।( Religious Studies )

Religious Studies



২/শনিদেৱৰ পূজা কৰাৰ সময়ত শনিদেৱৰ চকুৰ ফালে চাব নালাগে।ইয়াৰ দ্বাৰা শনিদেৱৰ ক্ৰ-চকুৰ পৰা হাত সাৰিব পাৰি।কাৰণ-শনিদেৱৰ কু-দৰ্শন আমাৰ জীৱনৰ প্ৰগতিত বাধা হৈ পৰে।সেয়ে-শনিদেৱৰ পূজাৰ সময়ত-শনিদেৱৰ ভৰিৰ ফালে চাব লাগে।


৩/ক'লা আৰু নীলা ৰং শনিদেৱৰ বৰ প্ৰিয়।সেয়ে-এই ৰংৰ বাহিৰে-শনিদেৱক শনিবাৰে আন কোনো ৰঙৰে পূজা কৰা উচিত নহয়।ৰঙা,হালধীয়া আৰু বগা ফুল শনিদেৱক আগবঢ়াব নালাগে।বগা তিল,ভাত,শনিদেৱক আগবঢ়াব লাগে।


৪/শনিদেৱক পূজা কৰাৰ সময়ত-মুখখন পশ্চিম দিশত হব লাগে।শনিদেৱক আন কোনো দিশলৈ মুখ কৰি পূজা কৰা উচিত নহয়।ইয়াৰ বাবে-শনিদেৱৰ খং উঠে।


৫/শনিদেৱে-সূৰ্য্যদেৱক শক্ৰ বুলি গণ্য কৰে।সেইবাবে-শনিবাৰে সূৰ্য্য উদয়ৰ আগতে বা সূৰ্য্য উদয়ৰ পাছত-শনিদেৱক পূজা কৰিব লাগে।(সংগ্ৰহিত)।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages