অহা ৩১ মেত হব পবিত্ৰ নিৰ্জলা একাদশী : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 30, 2023

অহা ৩১ মেত হব পবিত্ৰ নিৰ্জলা একাদশী : Religious Studies

Religious Studies


নিৰ্জলা একাদশীৰ ব্ৰত ধাৰ্মিক মান্যতা অনুসাৰে বহুত মহত্বপূৰ্ণ মনা হয়।এই ব্ৰত কৰিলে-ভক্তসকলৰ সকলো কষ্ট দূৰ হয় আৰু ভগৱান বিষ্ণুৱে সুখী-আৰু সম্পন্ন থাকিবলৈ আৰ্শীবাদ দিয়ে।( Religious Studies )


নিৰ্জলা একাদশী সম্পূৰ্ণ বছৰৰ-২৪একাদশীৰ ভিতৰত সকলোতকৈ প্ৰমুখ মনা হয়।ধাৰ্মিক দৃষ্টি কোণৰ পৰা সৰ্বাধিক মহত্বপূৰ্ণ নিৰ্জলা একাদশী জেঠ মাহৰ শুক্ল পক্ষৰ একাদশী হয়।এই বৰ্ষৰ এই একাদশী-৩১মেত আছে।এই একাদশীৰ ব্ৰত কৰিলে-সকলো কষ্টৰ পৰা মুক্তি পোৱা যায়।এইদিনা অহসায় লোকক দান পূণ্য কৰাৰ বিশেষ মহত্ব আছে।এইদিনা পৰিয়ালৰ সুখ-সমৃদ্ধি আৰু সুখৰ বাবে নিৰ্জলা ব্ৰত ৰখা হয়।এই ব্ৰত প্ৰায় মহিলাসকলে কৰে।ইয়াৰ বাহিৰেও-এইদিনা গায়ত্ৰী জয়ন্তীও পালন কৰা হয়।


নিৰ্জলা একাদশীৰ মহত্ব-

নিৰ্জলা একাদশীক লৈ-এই মান্যতা আছে যে-আপুনি গোটেই বছৰ এটাও একাদশীৰ ব্ৰত পালন কৰা নাই আৰু নিৰ্জলা একাদশীৰ  ব্ৰত পালন কৰে-তেন্তে আপুনি সম্পূৰ্ণ একাদশীৰ ফল প্ৰাপ্ত কৰে আৰু ভগৱান বিষ্ণু আপোনাৰ দ্বাৰা বহুত প্ৰসন্ন হয়।এই ব্ৰত কৰা লোকসকলে অন্ন আৰু জলক ত্যাগ কৰি-এই ব্ৰত কৰিব লাগে।পদ্ম পুৰাণত কোৱা হৈছে যে-এই ব্ৰতক কৰিলে দীৰ্ঘায়ু আৰু মোক্ষৰ প্ৰাপ্তি হয়।( Religious Studies )

Religious Studies


নিৰ্জলা একাদশীৰ শুভ মুহুত্ব-


নিৰ্জলা একাদশীৰ-৩০মে মংগলবাৰৰ দিনা-দুপৰীয়া ১বাজি ৯মিনিটৰ পৰা আৰম্ভ হব আৰু সমাপন-৩১মে বুধবাৰৰ দুপৰীয়া-১বাজি ৪৭মিনিটত হব।সেইবাবে-উদয়া তিথিৰ নিয়মৰ অনুসাৰে-নিৰ্জলা একাদশীৰ ব্ৰত-৩১মে দিনা শেষ হব।এই ব্ৰতৰ পাৰণ-১জুনৰ পুৱা-৫বাজি ২৩মিনিটৰ পৰা-৮বাজি ৯মিনিটলৈ থাকিব।।


নিৰ্জলা একাদশীৰ পূজা বিধি-


নিৰ্জলা একাদশীৰ দিনা পুৱা সূৰ্য্যদয় হোৱাৰ আগে উঠি-স্নান কৰি লৈ মনতে ভগৱান বিষ্ণুক স্মৰণ কৰি ব্ৰত কৰি সংকল্প লব যাগে।পূজাঘৰত গংগাজল ছটিয়াই পবিত্ৰ কৰি লব লাগে।খৰিৰ আসন পাতি-হালধীয়া বস্ত্ৰ পাৰি-তাতে ভগৱান বিষ্ণুৰ ফটো স্থাপন কৰিব লাগে।ভগৱান বিষ্ণুক হালধীয়া ৰংৰ বস্ত্ৰ অৰ্পণ কৰিব লাগে।যদি আপোনাৰ ওচৰত বস্ত্ৰ নাই-তেন্তে হালধীয়া ৰংৰ গামোচা অৰ্পণ কৰিব।পূজাৰ পাছত-এই গামোচা কোনো অহসায় লোকক দান কৰিব লাগে।ভগৱান বিষ্ণুৰ পূজাত-হালধীয়া ৰংৰ চাউল,হালধীয়া ফুল আৰু হালধীয়া ফুল ব্যৱহাৰ কৰিব লাগে।বিধি-বিধানৰে নিৰ্জলা একাদশীৰ পূজা কৰিব লাগে আৰু তাৰপাছত মিঠাই ভোগ লগাই-প্ৰসাদ ৰূপে বিতৰণ কৰিব লাগে।


নিৰ্জলা একাদশীত এই সমূহ বস্তুৰ কৰিব লাগে-দান-


নিৰ্জলা একাদশীত দান-পূণ্য কৰাৰ বিশেষ মহত্ব আছে।এইদিনা অহসায় লোকক বস্ত্ৰ দান কৰিব লাগে।আৰু চৰবত খুৱাব লাগে।কাৰণ-সত্তু,ফেন,আম,

তৰমুজ,আদি দান কৰাৰ বিশেষ মহত্ব আছে।এইদিনা কোনো দৰিদ্ৰ ব্ৰাহ্মণক মাটিৰ কলহ দান কৰাটো-শুভ মনা হয়।এই ব্ৰতক সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে লগত কৰিব লাগে।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages