মংগলবাৰে হনুমান চালীশাৰ পাঠৰ বিশেষ মহত্ব আছে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 30, 2023

মংগলবাৰে হনুমান চালীশাৰ পাঠৰ বিশেষ মহত্ব আছে : Religious Studies

Religious Studies


হিন্দু মান্যতা অনুসাৰে-মংগলবাৰৰ দিনটো-ভগৱান হনুমানৰ ওপৰত সমৰ্পিত হয়।এইদিনা  হনুমান চালীশাৰ পাঠৰ বিশেষ মহত্ব আছে।( Religious Studies )


মহিলা আৰু পুৰুষে,দুয়ো সমান ৰূপে-হনুমান চালীশা পাঠ কৰিব পাৰে। হনুমান চালীশাৰ পাঠে-আপোনাৰ জীৱনত অহা সকলো বাধা সমূহ দূৰ কৰাত সহায়ক হয়।যদি-আপুনিও নিয়মিতভাৱে হনুমান চালীশা পাঠ কৰে-তেন্তে-ইয়াৰ লগত জড়িত কিছু নিয়ম জানিব লাগে।যাৰ সহায়ত-আপুনি বজৰংগবলীক শীঘ্ৰে প্ৰসন্ন কৰিব পাৰিব।


*শান্তি মনেৰে হনুমান চালীশা পাঠ কৰিব লাগে-


-শান্ত মনেৰে-হনুমান চালীশা পাঠ কৰিব লাগে।কিছু লোকে লৰালৰিকে-হনুমান চালীশাৰ কিছু অংশ'হে পাঠ কৰে।বা লৰালৰিকৈ ভুল শব্দৰ উচ্চাৰণ কৰি হনুমান চালীশাৰ পাঠক পূৰ্ণ কৰে।এনে কৰাটো-শুদ্ধ নহয়।হনুমান চালীশা পঢ়িবলৈ-বেছি সময় নালাগে।যদি আপোনাৰ ওচৰত পুৱা হনুমান চালীশা পঢ়িবলৈ সময় নাই-তেতিয়া আপুনি আবেলি হনুমান চালীশা পাঠ কৰিব পাৰে।সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধাৰে কোনো শান্ত স্থানত বহি-হনুমান চালীশা পাঠ কৰিব লাগে।

Religious Studies )

Religious Studies


*ৰঙা বস্ত্ৰত কৰিব লাগে পাঠ-


-হনুমান চালীশা পাঠ কৰাৰ সময়ত-ৰঙা বস্ত্ৰ ধাৰণ কৰিব লাগে।ৰঙা ৰং,বীৰ হনুমানৰ বিশেষ ৰূপে প্ৰিয় ৰং হয়।কেতিয়াও অস্বচ্ছ বস্ত্ৰত হনুমান চালীশা পাঠ কৰিব নালাগে।যদি হনুমান চালীশাৰ পাঠ ঘৰতে কৰিছে-তেতিয়া হনুমানৰ চিত্ৰক ৰঙা ৰংৰ আসনত বিৰাজমান কৰিব লাগে।কিন্তু কেতিয়াও-তিতা বস্ত্ৰত হনুমান চালীশা পাঠ নকৰিব।


*তিনি বা পাঁচবাৰ কৰিব লাগে পাঠ-


-হনুমান চালীশা পাঠ কৰাৰ সময়ত-চেষ্টা কৰিব লাগে যে-হনুমান চালীশাৰ পাঠ তিনি বা পাঁচবাৰ কৰিব লাগে।মংগলবাৰে পুৱা আৰু আবেলি দুয়োটা সময়তে-হনুমান চালীশা পাঠ কৰিব লাগে।আপুনি মানসিক শান্তিৰ অনুভূতি কৰিব আৰু আপোনাৰ চিন্তাও দূৰ হব।


*কুশ বা ওৰ্নী আসনত কৰিব লাগে পাঠ-


-হনুমান চালীশাৰ পাঠ কৰাৰ সময়ত কুশ বা ওৰ্নী আসনৰ প্ৰয়োগ কৰিব লাগে।আৰু আসন ৰঙা ৰংৰ হব লাগে।যদি ঘৰত-হনুমান চালীশা পাঠ কৰিছে-তেতিয়া ঘৰৰ স্বচ্ছতাৰ বিশেষ ৰূপে ধ্যান ৰাখিব লাগে।


*হনুমান চালীশাৰ পাঠ কৰাৰ সময়ত-হনুমানক সেন্দূৰ আৰু তুলসী অৰ্পণ কৰিব লাগে।


*হনুমান চালীশা পাঠ কৰাৰ আগে-ৰাম নামৰ,উচ্চাৰণ কৰিব লাগে।এয়া-বীৰ হনুমানৰ অত্যন্ত প্ৰিয় হয়।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages