গীতাৰ পৰা কিছু অমূল্য উপদেশ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

গীতাৰ পৰা কিছু অমূল্য উপদেশ : Religious Studies

 

Religious Studies

-গীতা প্ৰকৃততে কৃষ্ণ আৰু অৰ্জুন,এই দুয়ো বন্ধুৰ মাজত হোৱা কথা বতৰা। মহাভাৰতত কুৰুক্ষেত্ৰ মহাযুদ্ধ আৰম্ভ হোৱাৰ আগতে-অৰ্জুনে নিজৰ আত্মীয় স্বজনৰ বিৰুদ্ধে যুঁজিবলৈ অক্ষমতা ঘোষণা কৰি অস্ত্ৰ-শস্ত্ৰ হাতৰ পৰা থৈ দিয়ে।( Religious Studies )


অৰ্জুনৰ এই পৰিস্থিতিত শ্ৰী কৃষ্ণই-তেওঁক  জীৱনৰ সাৰমৰ্ম বুজাই কতৰ্ব্য আৰু দায়িত্বৰ বিষয়ে সুৱৰাই দিয়ে।শ্ৰীমদ্ভাগৱত গীতাত কোৱা হৈছে যে-জীৱনৰ সকলো সমস্যাৰ সমাধান পোৱা যায়।জীৱনকালত গীতা বাণীক সঠিকভাৱে অনুসৰণ কৰিলে-আমি সকলো সফলতা হাতেৰে স্পৰ্শ কৰিব পাৰোঁ। জীৱনটো কেনেদৰে সুচাৰূপে কটাব পাৰি,সেই বিষয়ে-শ্ৰী কৃষ্ণই গীতাত কৈছে।ভগৱান বিষ্ণুৰ দহ অৱতাৰৰ ভিতৰত-অন্যতম শ্ৰী কৃষ্ণই-অৰ্জুনক,ধৰ্ম,কৰ্ম আৰু প্ৰেমৰ উপদৃশ দিছিল।গীতাৰ উপদেশ আমাৰ জীৱনটো আৰু মৃত্যুৰ পাছতো প্ৰয়োজনীয়।গীতা হৈছে-জীৱনৰ দৰ্শন।গীতাত উল্লেখ আছে যে-মানুহক সঁচা অৰ্থত ধনী কৰি তোলা তিনিটা বস্তু আছে।( Religious Studies )

Religious Studies


গীতাৰ পৰা কিছু অমূল্য উপদেশ-


*শ্ৰী কৃষ্ণই গীতাত কৈছে যে-মানুহৰ কেৱল ধন থাকিলেই ধনী হব নোঁৱাৰে। যাৰ চিন্তা ভাল,আচৰণ মধুৰ আৰু যাৰ মন সুন্দৰ-তেওঁ হে সঁচা অৰ্থত ধনী।


*গীতাত কোৱা হৈছে যে-ইমান দুৰ্বল নহব যে-কোনোবাই আপোনাক ভাঙি পেলাব পাৰে।বৰঞ্চ ইমান শক্তিশালী হওক যে-যেতিয়া কোনোবাই আপোনাক ভাঙিবলৈ আহে-তেতিয়া আপুনি নিজেই টুকুৰা-টুকুৰ হৈ যায়।


*শ্ৰী কৃষ্ণই গীতাত কৈছে যে-জীৱনত এই দুটা কাম কেতিয়াও কৰিব নালাগে। প্ৰথমে-ভুল মানুহক ভালপোৱা আৰু দ্বিতীয়তে ভাল-মানুহক প্ৰতাৰণা কৰা।


*গীতাত কোৱা হৈছে-কেৱল মানুহক দেখুৱাবলৈহে ভাল নহব।ভগৱানে জানে যে-এই মংগল কেৱল বাহিৰৰ পৰা নহয়,আপোনাৰ ভিতৰৰ পৰা ওলাইছে।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages