আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 28, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

    Horoscope Today

 

১৩ জেঠ, ৰবিবাৰ ইং ২৮ মে' ২০২৩।   ( Horoscope Today )


১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনতো সামান্য উদ্বিগ্ন হৈ থাকিব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।


২. *বৃষ ৰাশি* :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত ভয় ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়। 


৩. *মিথুন ৰাশি* :- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত সমাজ লগত জড়িত হৈ থাকিবলৈ সুযোগ লাভ কৰিব, শত্ৰু নাশ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত মনটো আনন্দিত হৈ থাকিব, আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ বিশ্বাসী হ'ব পাৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য আৰ্থিক ক্ষতি হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিচা অপৱাদ পাবলগীয়া হ'ব পাৰে। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সৌভাগ্য উদয় হ'ব, লগতে আজি শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়। যদিও আজি আপোনাৰ মনত আনন্দ হ্ৰাস হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।   ( Horoscope Today )

Horoscope Today

৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে পিতৃ মাতৃ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপোনাৰ মনত ভয় ভাৱ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, আৰ্থিক দিশটো টনকিয়াল হব, যদিও আজি আপুনি মিচা অপৱাদ পাবলগীয়া কৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। 


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মত বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপুনি প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ব্যস্ততাৰ মাজেৰে দিনটোত কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি পাৰিবাৰিক দিশত সজাগ হ'ব, লগতে আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়। 

 ( Horoscope Today )


Horoscope Today


( *বি:দ্ৰ:-*  আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা " বৈদিক জ্যোতিষশাস্ত্ৰ " সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত " *বিজ্ঞান সন্মত কোষ্ঠী* " আৰু পুৰণি " *পকোৱা কোষ্ঠী"* প্ৰস্তুত কৰা হয়)।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


 *জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা* 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯

ফোন:- 9101096481

            9577136205

No comments:

Post a Comment

Advertisement

Pages