গ্ৰীষ্মকালত এনেদৰে লওক শিশুৰ স্বাস্থ্যৰ যতন : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 28, 2023

গ্ৰীষ্মকালত এনেদৰে লওক শিশুৰ স্বাস্থ্যৰ যতন : Assamese Health Tips

Assamese Health Tips


পৰিৱৰ্তনশীল বতৰে সবাতোকৈ প্ৰথমে আমাৰ স্বাস্থ্যক প্ৰভাবিত কৰে।গ্ৰীষ্মকালৰ দিনকেইটাত ঋতুগত ফ্লুৰ ফলত-শিশুৰ জ্বৰ,পেটৰ সমস্যা,আৰু চৰ্দি আৰম্ভ হয়। ( Assamese Health Tips )


বহুসময়ত এই সমস্যাবোৰ ইমান বাঢ়ি যায় যে-ঔষধও কোনো ধৰণৰ কাম নকৰে।শিশুসলক ঋতুগত ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ অভিভাৱসকলে তেওঁলোকৰ আহাৰ আৰু দৈনন্দিন ৰুটিনত কিছুমান সাল-সলনি কৰাটো খুবেই জৰুৰী।গ্ৰীষ্মকালত শিশুৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি-কিদৰে বিভিন্ন ৰোগৰ পৰা শিশুটোক সুৰক্ষিত কৰি ৰাখিব পাৰি।।


*প্ৰটিন সমৃদ্ধ খাদ্য-

পৰিৱৰ্তনশীল ঋতুত ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ-শিশুৰ আহাৰত প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভূক্ত কৰিব।ইয়াৰ বাবে-শিশুক চীজ,ছ'য়াবিন,মটৰ,কণী, মূৰ্গীৰ মাংস,শুকান ফল আদি খাবলৈ দিব।এইসমূহ খাদ্যই শিশুৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে-পেশীবোৰ শক্তিশালী কৰাত সহায় কৰিব।( Assamese Health Tips )

Assamese Health Tips


পানী-

শিশুসকলক সঠিক পৰিমাণে পানী খাবলৈ দিব।পানী খালে-শিশুৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা আৰু হজমৰ লগতে-হাড়বোৰো শক্তিশালী হব।তদুপৰি নিয়মিত ভাৱে-পৰ্যাপ্ত পৰিমাণে পানী খাই থাকিলে-শিশুটি বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰাও সুৰক্ষিত হব।নিয়মীয়া পানী খোৱাটোৱে শিশুৰ-শক্তিৰ স্তৰ বৃদ্ধি কৰাৰ লগতে ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।


*খেলা-ধূলা-

শিশুৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ হলে-শিশুক খেলা-ধূলা কৰিবলৈ দিব লাগে।ঘৰৰ বাহিৰত খেলিলে-শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ হয় আৰু শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।।


*দৈ-

শিশুৰ আহাৰত পুষ্টিসমৃদ্ধ দৈ-অন্তৰ্ভূক্ত কৰিব পাৰে।দৈয়ে-ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে-হাড় শক্তিশালী কৰাত সহায় কৰে।দৈত পোৱা-কেলচিয়াম হাড়ৰ বাবে-অতি উপকাৰী বুলি গণ্য কৰা হয়।দৈত-প্ৰ'টিন,আইৰণ,জিংক, ভিটামিন চি থাকে।যিয়ে-ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।তদুপৰি ই-শৰীৰ স্বাস্থ্যৱান ৰখাটো সহায় কৰে।

Assamese Health Tips


 বতৰৰ পাচলি-

বতৰৰ শাক-পাচলি খোৱাটো সু-স্বাস্থ্যৰ বাবে-অতি দৰকাৰী।সেয়ে-আপুনি আপোনাৰ সন্তানক বতৰৰ পাচলি খোৱাব লাগে।এইসমূহ এন্টি-অক্সিডেন্ট গুণাগুণেৰে সমৃদ্ধ।যি শৰীৰৰ দুৰ্বলতা আঁতৰাই ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।


*এইসমূহ খাদ্য শিশুসকলৰ খাদ্য তালিকাত-অন্তৰ্ভূক্ত কৰি-গ্ৰীষ্মকালত শিশুৰ ৰোগ-প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে।কিন্তু যদি-শিশুৰ কোনো ৰোগ আছে-তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈহে-এইসমূহ খাদ্য খাবলৈ দিব।(সংগ্ৰহিত)।

Assamese Health Tips )


No comments:

Post a Comment

Advertisement

Pages