শুই থকাৰ সময়ত-ভৰিৰ তীব্ৰ বিষ য় নেকি : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 28, 2023

শুই থকাৰ সময়ত-ভৰিৰ তীব্ৰ বিষ য় নেকি : Assamese Health Tips

 

Assamese Health Tips

প্ৰায়ে এনেকুৱা হয় যে-শুই থকাৰ সময়ত-ভৰিৰ তীব্ৰ বিষ বিষ হয় আৰু ভৰি দুখন ক্ৰেম্প হয়।বিষটো ইমানেই বেছি যে-ই আমাক টোপনিৰ পৰা জগাই তোলে আৰু আমি টোপনিৰ পৰা উঠি বহিব লগা হয়। ( Assamese Health Tips )


বিশেষকৰি আঁঠুৰ তলৰ ঠাইত-এই বিষ হয়।ইয়াক লেগ ক্ৰেম্প বোলা হয়।এইটো এটা অতি সাধাৰণ সমস্যা যদিও-ভৰিৰ বিষ কিছু সময়ৰ বাবে থাকে।কিন্তু ই ইমানেই তীব্ৰ হয় যে-কেইমিনিটমানৰ সময়তে ই কন্দুৱাবলৈ যথেষ্ট।যদিও ই কোনো গুৰুত্বৰ ৰোগ নহয়-কিন্তু ইয়াৰ বাবে-কিছুমান গুৰুত্বৰ ৰোগ হোৱাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে।


*বাৰিষা আৰু শীতকালত এই সমস্যা বাঢ়ি যায়।যদি আপোনাৰ এই সমস্যা সঘনাই হবলৈ আৰম্ভ কৰিছে-তেন্তে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাওক।কাৰণ-এই বিষ কিছুমান ডাঙৰ ৰোগৰ লক্ষণ।( Assamese Health Tips )

Assamese Health Tips


১/শৰীৰত পানীৰ অভাৱ বা পানীলগা-

যদি প্ৰতিদিনে-ভৰিত জঠৰতা থাকে-তেন্তে-শৰীৰত পানীৰ অভাৱ হব পাৰে।কেতিয়াবা ডিহাইড্ৰেচনৰ বাবেও-ক্ৰেম্প হয়।আচলতে-শৰীৰত পানীৰ অভাৱৰ বাবে-পেশীৰ ওপৰত চাপ বাঢ়ি যায়।ইয়াৰ বাবে-ভৰিৰ হঠাৎ বিষ হয় আৰু ক্ৰেম্প আহে।


২/হাইপোথাইৰয়ডৰ ক্ষেত্ৰত-

হাইপোথাইৰয়ডৰ-সমস্যা থকা লোকৰো প্ৰায়ে ক্ৰেম্পৰ সমস্যা হয়।


৩/যেতিয়া-তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পায়-

তেজত চেনিৰ মাত্ৰা অতি বেছি-হলেও ক্ৰেম্প হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।উচ্চ তেজৰ চুগাৰ থকা লোকসকলে প্ৰায়ে-পেশীৰ ক্ৰেম্প আৰু বিষৰ অভিযোগ কৰে।এনে পৰিস্থিতিত-আপোনাৰ তেজৰ চুগাৰ মাত্ৰা নিয়ন্ত্ৰণত থকাটো প্ৰয়োজনীয়।

Assamese Health Tips


 ৪/বেছিকৈ ঔষধ খোৱাটো বিপদজনক হব পাৰে-

কিছুমান লোকৰ হাঁচিৰ পাছটো ঔষধ খায়।কিন্তু প্ৰতিবাৰ-বেছিকৈ ঔষধ সেৱন কৰিলে-ক্ষতিকাৰক হব পাৰে।অত্যাধিক ঔষধ সেৱন কৰা লোকৰ-ভৰি জঠৰ হোৱাৰ আশংকাও বৃদ্ধি পায়।


৫/যেতিয়া শৰীৰত পুষ্টিকৰ-উপাদানৰ অভাৱ হয়-

যদি আপুনি সুষম খাদ্য-গ্ৰহণ কৰা নাই,তেন্তে-শৰীৰে পৰ্যাপ্ত পৰিমাণে পুষ্টি নাপায়।শৰীৰত নিৰ্দিষ্ট পৰিমাণৰ ভিটামিন-প্ৰটিন আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন।খাদ্যত পটাছিয়াম আৰু ছডিয়ামৰ অভাৱ থাকিলেও পেশীবোৰ জঠৰতা আৰু বিষৰ অভিযোগ হয়।(সংগ্ৰহিত)

Assamese Health Tips )


No comments:

Post a Comment

Advertisement

Pages