আমি ব্ৰেকফাষ্টত কিছুমান বস্তু একেবাৰে খাব নালাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 30, 2023

আমি ব্ৰেকফাষ্টত কিছুমান বস্তু একেবাৰে খাব নালাগে : Assamese Fact

Assamese Fact


কোৱা হয় যে-ৰাতিপুৱাটো যিমানেই ভালকৈ আৰম্ভ হব-সিমানেই দিনটো ভাল হব।এই বস্তুটো ব্ৰেকফাষ্টৰ বাবে বহু পৰিমাণে উপযুক্ত। ব্ৰেকফাষ্টত আমি আমাৰ খাদ্যত-ফাইবাৰ,প্ৰটিন আৰু স্বাস্থ্যকৰ খাদ্য সেৱন কৰা উচিত।কিন্তু ইয়াৰ লগতে-কিছু সাৱধানতাও প্ৰয়োজনীয়।সেইবাবে-আমি ব্ৰেকফাষ্টত কিছুমান বস্তু একেবাৰে খাব নালাগে।নহলে-স্বাস্থ্যৰ ক্ষতি হব পাৰে।( Assamese Fact )


১/কফি-

বহুতৰে ৰাতিপুৱা সাৰ পোৱাৰ পাছত-কফি খোৱাৰ অভ্যাস আছে-যদিও-কফি সেৱনৰ পাচতহে সতেজ অনুভৱ হয়।কিন্তু ই স্বাস্থ্যৰ বাবে-একেবাৰেই উপকাৰী নহয়।খালী পেটত কফি খালে-হজম শক্তিত বেয়া প্ৰভাৱ পযিব পাৰে।পেট ভৰি থাকিলেহে-কফি খোৱা ভাল।


২/বগা ব্ৰেড-

ৰাতিপুৱা অফিচলৈ যোৱা-খৰখেদাত আমি প্ৰায়ে-চাহ,জেম বা ঘিউৰ সৈতে বগা ব্ৰেড খাবলৈ ভালপাঁও।কিন্তু বগা ব্ৰেডত পুষ্টিকৰ উপাদান কম থাকে আৰু ইয়াৰ সেৱনে-হজম শক্তিটো প্ৰভাৱ পেলায়। মাল্টিগ্ৰেইন ব্ৰেডক ব্ৰেকফাষ্টৰ অংশ কৰি লোৱাটো ভাল।( Assamese Fact )


Assamese Fact

৩/পেকেটত থকা ফলৰ ৰস-

ৰাতিপুৱা ফলমূল আৰু ইয়াৰ ৰস খোৱাটো সদায় স্বাস্থ্যৰ বাবে-উপকাৰী বুলি বিবেচিত হৈ আহিছে-যদিও বজাৰত উপলব্ধ পেকেটত থোৱা ফলৰ ৰস কিছুমানে-সেৱন কৰে।আজিয়েই এই অভ্যাস এৰি দিয়ক কাৰণ-পৃক কৰি ৰখা ৰসত অধিক পৰিমাণৰ সংৰক্ষক আৰু চেনি থাকে।যাৰ ফলত-আমাৰ স্বাস্থ্য ক্ষতি হব পাৰে।


৪/সোৱাদযুক্ত দৈ-

আজিকালি ব্ৰেকফাষ্টত দৈৰ সলনি সোৱাদ যুক্ত দৈৰ খোৱাৰ প্ৰৱণতা বহুত বাঢ়িছে।কিন্তু এই খাদ্যত চেনিৰ পৰিমাণ বেছি-যিয়ে আমাৰ তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।সেইবাবে-সোৱাদযুক্ত দৈ-ব্ৰেকফাষ্টত সেৱন নকৰিব।(সংগ্ৰহিত)।

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages