গোটেই দিনটো তামৰ বটলত ৰখা পানী নাখাব : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, May 30, 2023

গোটেই দিনটো তামৰ বটলত ৰখা পানী নাখাব : Assamese Fact

Assamese Fact


আগতে মানুহে ষ্টীল অথবা পিতলৰ বাচন ব্যৱহাৰ কৰিছিল।কিন্তু আজিকালি তামৰ বাচন ব্যৱহাৰৰ লাভালাভৰ বিষয়ে-জানি সকলোৱে তামৰ বাচন ব্যৱহাৰ কৰিবলৈ ললে।বিশেষকৈ পানী খাওঁতে।আয়ুৰ্বেদত বিশ্বাস কৰা হয় যে-তামৰ পাত্ৰত ৰখা পানী খালে-ই আমাৰ শৰীৰৰ ভাৰসাম্য বজাই ৰাখিব।আৰু বহু ৰোগৰ পৰা আমাক সুৰক্ষিত ৰাখে।।( Assamese Fact )


১/তামৰ পাত্ৰত ৰখা পানীয়ে-পেটৰ বহু সমস্যা দূৰ কৰে।ই পাকস্থলীৰ অন্তত জমা হোৱা ময়লা পৰিস্কাৰ কৰে আৰু গেছ-এচিডিটি,আদি সমস্যাৰ পৰা সকাহ দিয়ে।


২/তামে-তেজ বিশুদ্ধীকৰণৰ কাম কৰে।এনে-পানী খোৱাটোৱে ছাল সম্পৰ্কীয় সকলো সমস্যা দূৰ কৰে।


৩/তামৰ পানীত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে।যি-আথ্ৰাইটিছৰ সমস্যাৰ পৰা আমাৰ শৰীৰক সুৰক্ষা দিয়ে।


৪/ইয়াত কৰ্কট বিৰোধী উপাদান থাকে।যি-এই মাৰাত্মক ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায়ক বুলি-গণ্য কৰা হয়।( Assamese Fact )


Assamese Fact

স্বাস্থ্য বিশেষজ্ঞলৰ মতে-তামৰ বাচন-বৰ্তন ব্যৱহাৰ কৰি সুফল পাবলৈ-ইয়াৰ ব্যৱহাৰৰ কিছুমান নিয়ম জনাটো-অতি দৰকাৰ।এইসমূহৰ বিষয়ে-আপুনি জ্ঞাত নহলে-স্বাস্থ্য সম্পৰ্কীয় সমস্যা বৃদ্ধি হোৱাৰহে-সম্ভাৱনা থাকে।ৰাতিপুৱা খালী পেটত তামৰ বটলৰ পৰা-পানী খোৱাটো ভাল বুলি গণ্য কৰা হয়।কিন্তু যদি-আপুনি অজ্ঞাতে এই ভুলবোৰ কৰে-তেন্তে এই পানী আপোনাৰ বাবে-বিষাক্ত হব পাৰে।।


*গোটেই দিনটো তামৰ বটলত ৰখা পানী নাখাব!


-যদি আপুনি গোটেই দিনটো তামৰ বটল বা পাত্ৰত ৰখা পানী খাই আছে,তেনেহলে আপোনাৰ শৰীৰত তামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ ফলত-তীব্ৰ ওকালি অহা,মূৰ ঘূৰোৱা,পেটৰ বিষৰ লগতে-যকৃত আৰু বৃক্ক বিকল হব পাৰে।


*তামৰ বাচন বা বটল নিয়মীয়াকৈ ধোৱা-


-তামৰ বাচনবোৰ নিয়মীয়াকৈ ধুব নালাগে।এনে-বাচন দৈনিক ধুলে-ইয়াৰ উপকাৰী গুণাগুণ হ্ৰাস হবলৈ আৰম্ভ হয়।সেয়হে-প্ৰতিটো ব্যৱহাৰৰ পাছত কেৱল পানীৰে পৰিস্কাৰকৈ ধুব আৰু মাহত-এবাৰ নিমখ আৰু নেমু ব্যৱহাৰ কৰি ভালদৰে পৰিস্কাৰ কৰিব।


*তামৰ পাত্ৰত

নেমু-মৌ,মিহলি কৰা-পানী খোৱা।


-ৰাতিপুৱা খালী পেটত নেমু আৰু মৌ দ্ৰৱীভূত পানী খোৱাটো স্বাস্থ্যৰ বাবে-অতি উপকাৰী।কিন্তু যেতিয়া-আপুনি এই পানী তামৰ পাত্ৰত খায়,তেন্তে-ই বিষৰ দৰে কাম কৰে।প্ৰকৃততে নেমুত পোৱা-এচিডটো-তামৰ সৈতে মিহলি হৈ-শৰীৰক যথেষ্ট ক্ষতি কৰে।যাৰ ফলত-পেটৰ বিষ,গেছ তথা বমি হোৱা আদি সমস্যাই দেখা দিয়ে।(সংগ্ৰহিত)।

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages