সকলো দিশত পৰিয়ালৰ ফটো ৰখাটো শুভ নহয় : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 28, 2023

সকলো দিশত পৰিয়ালৰ ফটো ৰখাটো শুভ নহয় : Assamese Fact

Assamese Fact


আমি সকলোৱে আমাৰ ঘৰবোৰত-এখন হলেও পৰিয়ালৰ ফটো ৰাখিবলৈ বৰ ভালপাওঁ।পৰিয়ালৰ ফটোখন নহলে-ঘৰখন সম্পূৰ্ণ নোহোৱা যেনেই অনুভৱ হয়।কিন্তু ঘৰৰ দেৱালয়ত পৰিয়ালৰ ফটো লগোৱাৰ কিছুমান নিয়ম আছে।বাস্তু শাস্ত্ৰ অনুসৰি-সকলো দিশত পৰিয়ালৰ ফটো ৰখাটো শুভ নহয়।( Assamese Fact )


*দক্ষিণ-পশ্চিম দিশ-

বাস্তু-শাস্ত্ৰত দক্ষিণ-পশ্চিম দেৱালখনত পৰিয়ালৰ ফটো লগোৱাৰ বাবে-অত্যন্ত শুভ বুলি গণ্য কৰা হয়।এই দিশত পাৰিবাৰিক ফটো ৰখাটোৱে ঘৰৰ সদস্যসকলৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি কৰে আৰু সম্পৰ্কবোৰ শক্তিশালী কৰি ৰাখে।


*নৱ দম্পতীৰ ফটো-

যদি আপুনি নতুনকৈ বিবাহপাশত আৱদ্ধ হৈছে-তেন্তে-শোৱনি কোঠাত-বিয়াৰ ফটো লগোৱাটো অতি শুভ।আপুনি বিয়াৰ ফটোখন বিচনাখনৰ-পাছফালে দক্ষিণ দিশত ৰাখিব পাৰে।


*শোৱনি কোঠাত এনে ফটো ৰাখক-

বহুসময়ত পাৰিবাৰিক ফটোখনত-এনে লোক আছে যি-এই পৃথিৱীত নাই।বিশ্বাস অনুসৰি এনে-ফটো কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে।আপুনি আপোনাৰ হল ৰূমত এনে ফটো ৰাখিব পাৰে।( Assamese Fact )

Assamese Fact


*দুটা হাঁহৰ ফটো-

যদি আপুনি ঘৰত জন্তু বা চৰাইৰ ফটো ৰাখিব বিচাৰে-তেন্তে-হাঁহৰ ফটো ৰখাটো-আপোনাৰ বাবে-অত্যন্ত শুভ বুলি গণ্য কৰা হয়।বাস্তু বিশ্বাস অনুসৰি-ঘৰত-এনে ফটো লগোৱাটোৱে সম্পৰ্কবোৰ শক্তিশালী কৰে আৰু প্ৰতিটো কামত সফলতা প্ৰদান কৰে।


*কি ফটো মন্দিৰত ৰাখিব নালাগে-

পূৰ্ৱপুৰুষৰ ফটো কেতিয়াও-মন্দিৰত ৰাখিব নালাগে।বাস্তু মতে-মন্দিৰত পূৰ্ৱপুৰুষৰ ফটো লগোৱাটোৱে ঘৰত নেতিবিচক শক্তিৰ বৃদ্ধি কৰে।(সংগ্ৰহিত)।

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages