মন্দিৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, May 29, 2023

মন্দিৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে : Assamese Fact

Assamese Fact


মন্দিৰ,ঘৰ,দোকান,ফেক্টৰী,অফিচ আদিত এক প্ৰমুখ স্থান থাকে-পূজাঘৰৰ।আমি ভগৱানক যিকোনো সময়তে-কোনো ধৰণে স্মৰণ কৰিলে-সেয়া কল্যাণকাৰী হয়।কিন্তু ঘৰত প্ৰতিটো দিশৰে নিজৰ এক মহত্ব থাকে।প্ৰতিটো কোণৰে নিজৰ এক বিশেষত্ব থাকে।যাৰ প্ৰভাৱ আমাৰ জীৱনত পৰে।পূজা ঘৰ এনে এক স্থান হয়-যত আমি পূজা কৰোঁ,শুভ কাৰ্য্য কৰোঁ,সকাৰত্মক ওৰ্জা আনো আৰু তাৰে প্ৰভাৱ আমাৰ জীৱনত পৰে।সেইবাবে-ঘৰৰ পূজা ঘৰ শুদ্ধ দিশত থকাটো বহুত প্ৰয়োজনীয়।( Assamese Fact )


পূজা ঘৰৰ শুদ্ধ দিশ-

ঘৰত পূজা ঘৰ বনোৱাৰ সময়ত-সৰ্বপ্ৰথম এই কথা মন কৰিব লাগে যে-পূজাঘৰ শুদ্ধ দিশত থকাটো।মন্দিৰ সদায়ে ঈৰ্শাণ অৰ্থাৎ উত্তৰ-পূৱ কোণ বা পূৱত হব লাগে।এয়া আটাইতকৈ শুভ দিশ মনা হয়।পূজাঘৰ কেতিয়াও দক্ষিণ-পশ্চিম দিশত হব নালাগে।এনে কৰিলে-আমাৰ কাৰ্য্যত বাধা আহে।যদি আপোনাৰ পূজাঘৰ অন্য কোনো দিশত আছে যদি-তেন্তে সেয়া শীঘ্ৰে আঁতৰাই দিব লাগে।যদি এয়া সম্ভৱ নহয়-তেন্তে-বাস্তু উপায় কৰিব লাগে।


*পূজা কৰাৰ সময়ত মুখ কোন দিশত হব লাগে!


*পূজা কৰাৰ সময়ত আপুনি কোন দিশৰ ফালে মুখ কৰি বহিছে-এই কথাও বিশেষ ৰূপে ধ্যান দিব লাগে।


*ঘৰৰ মন্দিৰত ৰঙা ৰংৰ বাল্ব লগাব নালাগে।ইয়াৰ দ্বাৰা মনুষ্য মূৰৰ ৰোগৰ পৰা চিন্তাত থাকে।


*পূজা ঘৰত বগা ৰংৰ বাল্ব লগোৱাটো শুভ।ইয়াৰ দ্বাৰা সকাৰত্মক ওৰ্জা বৰ্তি থাকে।


*মন্দিৰ কত বনাব নালাগে!

মন্দিৰ-শোৱনি কোঠা,পাকঘৰ,চিৰি তলত,নিৰ্মাণ কৰিব নালাগে।মন্দিৰ বাথৰূমৰ ওপৰত বা তলত,ওচৰত বনাব নালাগে।এনে কৰিলে বাস্তুদোষৰ প্ৰভাৱ ঘৰৰ সদস্যসকলৰ ওপৰত পৰে।( Assamese Fact )


মন্দিৰত কি কৰিব লাগে আৰু কি কৰিব নালাগে!


*খণ্ডিত মূৰ্তি মন্দিৰত ৰাখিব নালাগে।যদি খণ্ডিত মূৰ্তি আছে-তেন্তে-সেয়া শীঘ্ৰে প্ৰবাহ কৰি দিব লাগে।ইয়াৰ দ্বাৰা নকাৰত্মক ওৰ্জা দূৰ হব আৰু সকাৰত্মক ওৰ্জা প্ৰবাহ হব।


*ঘৰৰ পূজা ঘৰত বাসী ফুল ৰাখিব নালাগে।বাসী ফুল যদি-বহুতদিনৰপৰা আছে-তেন্তে সেই ফুল প্ৰবাহিত কৰি দিব লাগে।


*ঘৰৰ পূজা ঘৰত নিজৰ পূৰ্ৱজৰ ফটো ৰাখিব নালাগে।


*ঘৰৰ মন্দিৰৰ বাচন-বৰ্তনসমূহ বেলেগ কৰি ধুব লাগে।ঘৰৰ আন বৰ্তনৰ লগত ধুব নালাগে।


*ঘৰৰ মন্দিৰত হালধীয়া ৰংৰ কাপোৰ পাৰিব লাগে।ৰঙা ৰংৰ কাপোৰ একেবাৰে পাৰিব নালাগে।


*ঘৰৰ পূজাঘৰত আপোনাৰ মুখ পূৰ্ৱ দিশৰ ফালে হব লাগে।পূজাস্থল বনোৱাৰ সময়ত শুদ্ধতা তথা পবিত্ৰতাৰ বিশেষ ৰূপে ধ্যান দিব লাগে।


*বহুবাৰ আমি এজন ভগৱানৰে কেইবাখনো চিত্ৰ লগাই দিওঁ।যি একেবাৰে ভুল হয়।


*ঘৰত দুটা শিৱলিংগতে অধিক হব নালাগে।


*ঘৰৰ পূজাঘৰত ২টাত কৈ অধিক শংখ থাকিব নালাগে।


*সূৰ্য্যৰ প্ৰতিমা দুটাতকে অধিক হব নালাগে।


*দেৱীৰ প্ৰতিমাও-২টাত কৈ অধিক হব নালাগে।যদি আমি এনে কৰোঁ ঘৰত অশান্তিৰ সৃষ্টি হয়।।


*ঘৰত আমি যি মূৰ্তিৰ স্থাপন কৰোঁ-তেওঁৰ উচ্চতা আঙুলিত কে অধিক হব নালাগে।


*দেৱী লক্ষ্মীৰ মূৰ্তি সদায় বহি থকা মুদ্ৰাত হব লাগে।কাৰণ-আমি বিচাৰোঁ যে-মা লক্ষ্মী আৰু শ্ৰী গণেশ সদায়ে আমাৰ ঘৰত বিৰাজিত হৈ থকাটো।


*পুৱা-গধূলী ঘীউ বন্তি জ্বলাব লাগে।ধন লাভ হব।যদি কোনো কাৰণত ধন অহাত বাধা হৈছে-তেন্তে শীঘ্ৰে বাট মুকলি হব।


*পূজা ঘৰত দেৱী-দেৱতাৰ মূৰ্তি বা ছৱি ৰখাৰ সময়ত-আমি এই কথা ধ্যান দিব লাগে যে-সেই ছৱি বা মূৰ্তি প্ৰসন্ন মুখ-শান্ত তথা আৰ্শীবাদ মুদ্ৰাত থকাটো।


*পূজাঘৰত নিজৰ কুলদেৱতাৰ ছৱি অৱশ্যে ৰাখিব লাগে।কুলদেৱতাই আমাক জীৱনত বহুত আৰ্শীবাদ দিয়ে।তেওঁৰ পূজা আমি সদায়ে কৰিব লাগে।( Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages