অভিভাবক সকলে ভালদৰে মনোযোগ দিয়ক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, May 25, 2023

অভিভাবক সকলে ভালদৰে মনোযোগ দিয়ক : Assamese Fact

Assamese Fact


হৃদৰোগত আক্রান্ত হৈ ১০ বছৰীয়া ছাত্ৰৰ মৃত্যু কাৰন কেইটা জনাইছে চিকিৎসক সকলে। এই কাৰণসমুহ জনাইছে, ভালদৰে পঢ়ক 👇


১। ৰাতিপুৱা শিশু সকলক কেঁচা টোপনিৰ পৰা উঠোৱা, ভালকৈ টোপনি মাৰিবলৈ নিদিয়া ইত্যাদি ইত্যাদি। (আচলতে পর্যাপ্ত পৰিমাণৰ টোপনি নোযোৱা)


২। কেতিয়াবা নাস্তা নকৰাকৈ স্কুললৈ পঠিওৱা।( Assamese Fact )


৩। শিশুৰ মুঠ ওজনতকৈ স্কুল বেগত বেছি ওজনৰ ভাৰ বহন কৰা।


৪। স্কুলৰ শিক্ষকে দিয়া "হোমৱৰ্ক" ৰ সম্পূৰ্ণ নোহোৱাৰ বাবে সম্পুৰ্ণ কৰিবলৈ প্ৰেছাৰ দিয়া ইত্যাদি।

Assamese Fact


৫। ঠাণ্ডা দিনত ঘৰলৈ আহি ঠাণ্ডা খোৱা বোৱা খাবলৈ বাধ্য হোৱা বা গৰম নকৰাকৈ খোৱা ইত্যাদি ইত্যাদি।


৬। গৰম দিনত স্কুলৰ পৰা ঘৰলৈ আহ পাইয়েই গা ধুবলৈ দিয়া, লগে লগে চোলা পেন্ট খুলিবলৈ দিয়া ইত্যাদি ইত্যাদি।


৭। আকৌ ঘৰত আহি ভাত পানী খোৱাইয়েই বিশ্ৰাম বা ৰেষ্ট নোলোৱাকৈ হোমৱৰ্ক সম্পূৰ্ণ কৰিবলৈ "চাপ" দিয়া। 


শুনক  মা-দেউতা সকলে ৪-৫ বছৰীয়া শিশু সকলক এতিয়াই ডাক্তৰ, ইঞ্জিনিয়াৰ, এছ পি, ডি চি, কালেক্টৰ বনাব নেকি⁉️


সকলোবোৰ সময়ৰ খেলা। নিজৰ নিজৰ সময়ত সকলো ঠিক হৈ যায়। অনাহকত, অসময়ত শিশুৰ ওপৰত যিকোনো কামৰ বাবে "জোৰ" আৰু "চাপ" দিয়া অনুচিত। 

Assamese Fact


আপুনি নিজকে চাৱক, আপুনি কিমান পঢ়া শুনা......⁉️ 

আৰু কেতিয়া স্কুল যোৱা আৰম্ভ কৰিছিল ⁉️( Assamese Fact )


সকলো মনত পেলাওঁক মনত পৰিলনে⁉️


এতিয়া ভাৱক, আপুনি সেই ফুলকুমলীয়া শিশুটোৰ ওপৰত প্ৰয়োজনতকৈ অধিক কিমান প্ৰেছাৰ দিছে⁉️


কেৱল আপোনাৰ বনোৱা লক্ষ্যৰ কাৰনেই নিজৰ শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিছে⁉️


আপুনি যদি যৌৱন প্ৰাপ্ত হয তেন্তে, ৰাতিপুৱা ৫ বজাত শুই উঠি ২ বজালৈকে নিৰন্তৰভাৱে কাম কৰি ১ ঘণ্টা সময় ভোজন কৰি আকৌ ৩ বজাৰ পৰা ৭ বজালৈকে কাম কৰি চাওক! 


এতিয়া আপুনি নিজে বিবেচনা কৰক, আপুনি আপোনাৰ শিশুটিৰ ওপৰত কিমান বোজা আৰু ওজন লাদি দিছে? আমি এতিয়াৰ পৰাই ডাক্তৰ, ইঞ্জিনিয়াৰ, কালেক্টৰ ইত্যাদি ইত্যাদি বনাবৰ কাৰণে শিশু সকলক স্বাভাৱিক বিকাশ প্ৰক্ৰিয়াত আমাৰ মনমানি বা আমাৰ ইচ্ছাক জবৰদস্তি কৰিছো। অসময়ত আৰু আবতৰতেই পুলি গজাবলৈ চেষ্টা কৰিছো।


গতিকে প্ৰিয় সতীৰ্থ বন্ধু বান্ধৱী আৰু অভিভাৱক সকল শিশু সকলৰ বিষয়ে ভালকৈ অধ্যয়ন কৰক, শিশুৰ বিকাশ সাধন সম্পৰ্কে জানি বুজি লওঁক, অভিজ্ঞতা লাভ কৰক আৰু শিশুৰ বিশ্ৰাম, খোৱা বোৱা, খেলা ধূলা আদিৰ বাবে যথেষ্ট সময় দিয়ক,  ধন্যবাদ 

Assamese Fact )

#সংগ্ৰহ #

No comments:

Post a Comment

Advertisement

Pages