ড্ৰাইভিং.... এটা ৰহস্যময় কলা। মই জনা হোৱাৰে পৰাই ড্ৰাইভিঙৰ প্ৰতি বিশেষ ভাৱে আকৃষ্ট হৈছিলোঁ। নাজানো কিয় এই কামটোৰ প্ৰতি মোৰ মোহ ইমান বেছি ? অকণমানি হৈ থাকোতে কোনোবাই সুধিলে একে বাৰতে কৈছিলোঁ
" মই ডাঙৰ হ'লে বাছৰ ড্ৰাইভাৰ হ'ম।" ( Assamese Article )
আচৰিত ভাৱে এইটোৱেই মোৰ জীৱিকাৰ উৎস হৈ পৰিল। কিবা এটা ভাল লাগে মাজনিশা বাছ চলায়।
সুদীৰ্ঘ বছৰ ধৰি চলাই আছোঁ যদিও প্ৰায়ে অনুভৱ হয়, মোৰ যেন বহুত বাকী আছে শিকিবলৈ।
' গাড়ীখন এটা মেচিন। ড্ৰাইভাৰজনে যেনেকৈ চলাব গাড়ীখন ঠিক তেনেকৈ চলিব। অকল চলালেই নহ'ব, গাড়ীখনৰ প্ৰতিটো বিজুটি বা বেমাৰ ড্ৰাইভাৰজনে জানিব লাগিব আৰু তাৰ মেৰামতি কৰিব লাগিব।'
যোৱা নিশা এক ভয়াবহ এক্সিডেন্টত সাতজনকৈ অসমৰ প্ৰতিভাৱান যুৱকক হেৰুৱালো। তেওঁলোক গ'লগৈ কিন্তু দি গ'ল সকলোৰে বুকুত এসোপামান বিষাদ, দুখ, বেদনা।
মই সদায়ে কৈ আহিছোঁ,
' গাড়ী চলাব পৰাটো তেনেই সাধাৰণ কাম। তেনেই কম দিনৰ ভিতৰতে যিকোনো মানুহে গাড়ী চলাব পৰা হৈ উঠে।
আজিৰ দিনত সহজে গাড়ী ক্ৰয় কৰিব পৰা ব্যৱস্থাৰ বাবে সকলোৱে গাড়ী কিনিছে। এজন ড্ৰাইভাৰক কেইদিনমানৰ বাবে লগত লৈ গাড়ীখন চলাবলৈ শিকি লয়। তাৰ পাছতেই ইচ্ছা হয় লং ড্ৰাইভত যাবলৈ, তাকো ৰাতি। এইটোৱেই হৈছে এক্সিডেন্টৰ প্ৰধান কাৰণ।
যাত্ৰা কৰা মানেই মদ লাগিব। নিচা নহ'লে যাত্ৰাৰ আমেজ ক'ত ? আনকি আমাৰ বাছত বেছিভাগ যুৱকে যাত্ৰা কৰাৰ আগতে মদ খোৱাটো এক প্ৰকাৰৰ নিয়ম হৈ পৰিছে। মোৰ বাছত প্ৰতিদিনে হেণ্ডিমেনে গাড়ী চাফা কৰোতে মদৰ কেইবাটাও বটল পোৱাটো তেনেই সাধাৰণ কথা।
এই নিচা খাই যাত্ৰা কৰাটো অকল যুৱক বুলিয়েই নহয়, মোৰ বাছত শিক্ষক, ডাক্তৰ, পুলিচ, ডাঙৰ চৰকাৰী চাকৰিয়াল আদিকো পাইছোঁ। বাৰে বাৰে বাহিৰলৈ যাবলৈ বাছখন ৰখাব লগীয়া হয়। ( Assamese Article )
গাড়ীখন চলালেই এজন মানুহ ড্ৰাইভাৰ নহয়। এক্সিডেন্টৰ সময়ত যিজনে ক্ষয় ক্ষতিৰ পৰিমাণ কমাব পাৰে সেইজনহে প্ৰকৃত অৰ্থত ড্ৰাইভাৰ।
প্ৰতিটো মুহূৰ্তত সতৰ্ক থাকি নিজৰ লগতে বাকী সকলৰ জীৱন ৰক্ষা কৰাটো এজন ড্ৰাইভাৰৰ প্ৰধান দায়িত্ব।
ৰাজপথত অলপমান অৱহেলাই সকলো শেষ কৰি দিব পাৰে নিমিষতে। ৰাজপথ আচলতে মৃত্যুৰ দুৱাৰদলি। ইয়াত ধেমালিৰ কোনো স্থান নাই, ধেমালি মানেই মৃত্যু।
তীব্ৰ বেগ, অৱহেলা আৰু নিচা এক্সিডেন্টৰ প্ৰধান কাৰণ। প্ৰতিদিনে অজস্ৰ এক্সিডেন্টৰ খবৰ আমি পাই আহিছো। এক্সিডেন্টৰ ভয়াবহতা মই তেনেই কাষৰ পৰা বহু দেখিছোঁ। কাৰোবাৰ হাত ছিঙি পৰি আছে, কাৰোবাৰ ভৰি ছিঙি পৰি আছে, কাৰোবাৰ ডিঙি ছিঙি মূৰটো পৰি আছে। চাৰিওফালে কেঁচা তেজৰ উষ্ম গোন্ধ।
এইবোৰ মই কিয় কৈছোঁ জানেনে ?
সাতজনকৈ নৱপ্ৰজন্মক হেৰুৱাই বুকু ভাঙি গৈছে আজি। ভাবি পাগল হৈ পৰিছোঁ, গুচি যোৱা কেইজনৰ পৰিয়ালৰ কথা ভাবি।
সকলোকে এটাই আহ্বান জনাইছোঁ, ৰাতি নিজ বাহন লৈ যাত্ৰা কৰাটো একেবাৰেই বন্ধ কৰক। 'ৰাতি' কাৰো নহয়, ই বৰ নিৰ্দয়।
দীঘলীয়া যাত্ৰা কৰোঁতে হাতত যথেষ্ট সময় লৈ যাত্ৰা কৰক। খৰখেদা কেতিয়াও নকৰিব। এক সীমিত গতিত যাত্ৰা কৰক। নিৰ্দিষ্ট কিছুমান ঠাইত অলপ সময়ৰ বাবে ৰৈ চাহ জাতীয় কিবা খাওক। আকৌ যাত্ৰা কৰক। বেছি গতিয়ে বেছি সোনকালে কেতিয়াও গন্তব্য স্থান পাব নোৱাৰে। সীমিত গতিৰে যাত্ৰা কৰিলে সঠিক সময়ত সঠিক ঠাই পাব পাৰিব।
ৰাজপথত কেতিয়াও প্ৰতিযোগিতা নকৰিব। কোনোবাই স্পীদত গৈছে ছাইড দি তেওঁক যাবলৈ দিয়ক। ৰাস্তাৰ কাষত থকা পৰিবহন বিভাগৰ ফলক সমূহ মানি চলিব। সেইবোৰ নাজানিলে বা চিনি নাপালে মোবাইলত সেইবোৰ চাই শিকি লওক।
আপাৰ দিপাৰৰ ব্যৱহাৰ সকলো সময়তে কৰক। বেছি অসুবিধা পালে গাড়ী ৰখাই দিয়ক।
মনত এটাই ভাবিব, নিজ ঠাই পাব লাগিব সুকলমে, নিজ মানুহক লগ পাব লাগিব। আপোনাৰ অলপমান অৱহেলাই বহুতৰে বুকু খালি কৰি দিব পাৰে।
যিমানে বেছি গাড়ী চলাব সিমানেই অভিজ্ঞ হৈ গৈ থাকিব।
এক্সিডেন্ট কোনেও কৰো বুলি নকৰে। এক্সিডেন্ট হৈ যায়। আমি কেনেকৈ এক্সিডেন্ট হ'লেও নিজকে বচাই আনিব পাৰো তাৰ ওপৰত প্ৰতিটো মুহূৰ্তত নজৰ ৰাখিব।
নিজক, লগতে নিজৰ লগত যাত্ৰা কৰা সকলক সুন্দৰকৈ নিজ স্থানত থৈ আহিব পৰাজনহে প্ৰকৃত ড্ৰাইভাৰ।
মই যিমান জানো, এনেকৈয়ে কৈ যাম। আশাকৰো, এই কথাবোৰ আপোনালোকে মানিবলৈ চেষ্টা কৰিব।
এই জীৱন বৰ আপুৰুগীয়া, ইয়াক শেষ নকৰিব, ইয়াক উপভোগ কৰক।■■■■( Assamese Article )
- ৰূপম দত্ত
******************************************
No comments:
Post a Comment