নিজৰ যোগ্যতাৰ বলত চাকৰি পোৱা সকলে নিশ্চয় এবাৰ পঢ়িব : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, May 28, 2023

নিজৰ যোগ্যতাৰ বলত চাকৰি পোৱা সকলে নিশ্চয় এবাৰ পঢ়িব : Assamese Article

Assamese Article


১টকা ঘোচ নোলোৱাকৈয়ো ১টকা ঘোচ নিদিয়াকৈয়ো একমাত্র যোগ্যতা আৰু মেধাৰ ফলত যে চাকৰি লব পাৰি বা চাকৰি দিব পাৰি সেইয়া বি জে পি চৰকাৰ খনে দেখুৱাই দিলে। তাৰ বাবে বি জে পি চৰকাৰ আৰু মুখ্য মন্ত্ৰী মহাশয়ক আন্তৰিকতাৰে ধন্যবাদ জনালো। ( Assamese Article )


অসমত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল

যি কোনো চৰকাৰী চাকৰি এটা পাবলৈ হলে যোগ্যতাৰ পৰিৱৰ্তে টকাৰহে প্ৰয়োজন আছিল। সেইয়া সকলোৱেই জানিছিল। যাৰ ফলত সকলো বিভাগতেই কেবল দুৰ্নীতিয়েই দুৰ্নীতি হৈ আছিল। আমিয়েই কৈছিলো লাখে লাখে টকা ঘোচ দি চাকৰি লৈছে যিহেতু ঘোচ খাবই। সেয়ে টকা নহলে কোনো বিভাগতেই কোনো কাম নকৰে পিয়ন জনৰ পৰা ডাঙৰ বিষয়া জনৰ লৈকে  (সকলোবোৰ পিয়ন  বিষয়া নহয়)।এইয়া সকলোৱেই জানিছিল। এই দুৰ্নীতি নাইকিয়া কৰিবৰ কাৰণেই চৰকাৰখনে ইতিমধ্যে ঘোচখোৰ বিষয়া কৰ্মচাৰী সকলক হাতে লোতে ধৰি জেললৈ প্ৰেৰণ কৰিছে। ১টকা নিদিয়াকৈ নিজৰ যোগ্যতা আৰু মেধাৰ ফলত চাকৰি পোৱা ব্যক্তি সকলৰ ওপৰত অসমৰ ৰাইজ তথা অসম চৰকাৰ খনে বহুত ভৰসা কৰিছে। যাতে তেওঁলোকে ১টকা ঘোচ নোলোৱাকৈয়ে তেওঁলোকে তেওঁলোকৰ চাকৰিৰ দায়িত্ব পালন কৰি ৰাইজৰ সেৱা কৰে।যদি সকলো পাহৰি আপোনালোকেওঁ ঘোচ খোৱা বা লোৱা( পৰিমাণ যিমানেই নহওঁক)আৰম্ভ কৰি দিয়ে আগন্ত্তক দিনত। তেতিয়া মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ দুৰ্নীতি মুক্ত অসম গঢ়াৰ সপোন,সপোন হৈয়ে ৰ'ব আৰু অসমৰ ৰাইজে আপোনালোকৰ ওপৰত কৰা আস্থা ভৰসা সকলো শেষ হৈ যাব।

আপোনালোকক যদি কোনোবাই চাহ খাবলৈয়ো সামান্য টকাও মৰমত দিয়ে আপোনালোকে বুকু ফিন্দাই কব পাৰিব লাগিব যে আমি ১ টকা নিদিয়াকৈ নিজৰ যোগ্যতাৰ ফলত চাকৰি পাইছো গতিকে আমাক চাহ খাবলৈ টকা দিব নালাগে। এইখিনি সৎ সাহস যদি আপোনালোকে কৰিব পাৰে মই ভাবো অসমৰ চৰকাৰি কাৰ্যালয়বোৰত দুৰ্নীতি নাইকিয়া হৈ যাব।( Assamese Article )

Assamese Article


আমি অসমীয়া বোৰ বৰ মৰমিয়াল আৰু বৰ আবেগিক। যি কনো বিভাগতেই যদি আমি কিবা কাম এটা কৰি আনিবলৈ যাওঁ যি জন কৰ্মচাৰী বা বিষয়াই কামতো কৰি দিব বা কৰি দিয়ে তেওঁক মৰমতে চাহ খাবলৈ টকা দি আহো(পৰিমাণ যিমানেই নহওঁক)।যাৰ ফলত সেইজন বিষয়া বা কৰ্মচাৰীয়ে আন মানহবোৰৰ পৰাওঁ চাহ খাবলৈ টকা পোৱাৰ আশাত থাকে। যি জনে এই চাহ খাবলৈ টকা নিদিয়ে তেওঁৰ কাম বহু দিনলৈ পেলাই থৈ দিয়ে। এই চাহ খাবলৈ দিয়া টকাৰ পৰাই লাহে লাহে হাজাৰে হাজাৰে লাখে লাখে টকাৰ ঘোচ লোৱা আৰম্ভ হয় আৰু চৰকাৰি বিভাগবোৰৰ সকলো চিষ্টেমতেই মামৰে লাগিব ধৰিছে বা ধৰে। ইতিমধ্যে কিছুমানে কোৱা শুনা পাওঁ যে চাহ খাবলৈ টকা নিদিলে পিয়ন জনেওঁ হেনো ই খন টেবুলৰ পৰা সি খন টেবুললৈ ফাইলটো নিনিয়ে।এইয়া আমাৰ নিচিনা কিছুমান মৰমিয়াল ব্যক্তিয়ে মৰমতে চাহ খাবলৈ টকা দিয়াৰ ফল। 

গতিকে অসমখন দুৰ্নীতি মুক্ত কৰিবলৈ হলে আমিও সজাগ আৰু সচেতন হব লাগিব। কেবল মাত্র সেই বিষয়া কৰ্মচাৰী কেইজনৰ ওপৰত দোষ জাপি দিলেই নহব।

Assamese Article


নিজৰ যোগ্যতাৰ আৰু মেধাৰ ফলত চাকৰি পোৱা ব্যক্তি সকল, আপোনালোকে যোগদান কৰা বিভাগবোৰত ঘোচ প্ৰথা নাইকিয়া কৰি আহি থকা নৱপ্ৰজন্মক এক মহান আদৰ্শ দেখুৱাব লাগিব। 

তাকে নকৰি আপোনালোকে সকলো পাহৰি যি কোনো প্ৰকাৰে কেবল টকা উপাৰ্জন কৰিব লাগে বুলি যদি ভাবে। তেতিয়া হ'লে অসম চৰকাৰ,মাননীয় মুখ্য মন্ত্ৰী, অসমৰ ৰাইজক আপোনালোকে প্ৰতাৰণা কৰা হব।আপোনালোকৰ এই প্ৰতাৰণাক ইতিহাসে কেতিয়াওঁ ক্ষমা নকৰিব।

সেয়ে অসৎ উপায়েৰে টকা উপাৰ্জন কৰিবলৈ টকাৰ পিছে পিছে নদৌৰি সততাৰেই আগবাঢ়িবলৈ আপোনালোকক অনুৰোধ জনালো( Assamese Article )

- সুৰেন দাস

******************************************

No comments:

Post a Comment

Advertisement

Pages