চেলিব্ৰিটি আৰক্ষী বিষয়া বা প্ৰচাৰ বিচৰা আৰক্ষী বিষয়া নহয় এওঁ : Assamese Article - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, May 27, 2023

চেলিব্ৰিটি আৰক্ষী বিষয়া বা প্ৰচাৰ বিচৰা আৰক্ষী বিষয়া নহয় এওঁ : Assamese Article

Assamese Article


কাজিৰঙাত চোৰাং চিকাৰীৰ ককালভঙা মানুহজনৰ বিষয়ে লিখিছোঁ৷ অকল আনন্দ মিশ্ৰৰ বিষয়ে জানিলেই নহ’ব, আমাৰ স্থানীয় দক্ষতাসম্পন্ন সাহসী আৰক্ষী বিষয়া সকলৰ বিষয়েও জানক সকলোৱে৷ ( Assamese Article )


চেলিব্ৰিটি আৰক্ষী বিষয়া বা প্ৰচাৰ বিচৰা আৰক্ষী বিষয়া নহয় এওঁ, এখেত সামাজিক মাধ্যমটো সক্ৰিয় নহয়, নীৰৱে কাম কৰি যোৱাই এখেতৰ ধৰ্ম৷


এখেতৰ নাম হ’ল পৰিদৰ্শক দেবেন বৰা৷ আপুনি হয়টো তেখেতৰ নাম শুনা নাই৷ কাৰণ তেওঁ এজন প্ৰচাৰ বিমুখ আৰক্ষী বিষয়া আৰু তেখেত IPS বা APS বিষয়া নহয়৷ 


পৰিদৰ্শক দেবেন বৰাই এটা সময়ত নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত  জখলবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল দীৰ্ঘসময়ৰ বাবে৷ চাৰি বছৰৰ ওপৰকাল তেওঁ জখলাবন্ধা থানাত কাৰ্যনিৰ্বাহ কৰিছিল ভাৰপ্ৰাপ্ত বিষয়া হিচাপে৷( Assamese Article )

Assamese Article


যি সময়ত অসম তথা ভাৰত গৌৰব  এশিঙীয়া গঁড়ৰ হত্যা ধৰাবাহিকভাৱে মিঞা চোৰাং চিকাৰীয়ে কৰিছিল, সেইসময়ত তেওঁ একান্ত প্ৰচেষ্টাৰে সীমিত সা-সুবিধাৰেই   ৩৫০ টা গড় চিকাৰী আটক কৰি ৮ টা Ak 47 এচাল্ট ৰাইফল , ২২ টা .৩০৩ ৰাইফল চোৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰাৰ লগতে বহু কেইবাৰ গড় চিকাৰীক এমবুশ্ব কৰি হত্যা কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হৈছিল৷ গড় চিকাৰী সকলৰ মাজত তেওঁ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছিল৷


কিন্তু দুখৰ কথা, আমি অসমীয়া সকলেই তেওঁৰ বিষয়ে নাজানো, কাৰণ তেওঁ এটকাক দহ টকা সজাই মিডিয়াক হাতত ৰাখি গ্লেমাৰৰ পিছত দৌৰা নাছিল বা এতিয়াও দৌৰা নাই৷ 


প্ৰত্যেক জিলাতেই তেওঁৰ দৰে সৎ আৰু সাহসী আৰক্ষী বিষয়া আছে, যি সকলে তেওঁলোকৰ বিষয়ে জানে সকলোৱে তেওঁলোকৰ বিষয়ে লিখি তেওঁলোকক উৎসাহিত কৰক৷( Assamese Article )

-জন বৰা

তেজপুৰ৷

No comments:

Post a Comment

Advertisement

Pages