অসম খন আজি বিভিন্ন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে সেইয়া সকলোৱেই জানে। আনন্দ মিশ্ৰ মহাশয়ে spহিচাপে লখিমপুৰত কাৰ্য্যভাৰ লোৱাৰ লগে লগে অপৰাধী সকলে আত্ম সমৰ্পণ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁৰ কিমান শক্তি সেইয়া তেওঁ প্ৰমাণ কৰি দিলে। অসমৰ সকলো জিলাৰ নাগৰিকেই একমাত্র আনন্দ মিশ্ৰকেই কিয় বিচাৰে?আনন্দ মিশ্ৰ দেৱৰ শৰীৰত কি এনেকুৱা ঐশ্বৰিক শক্তি আছে?যি জনে অপৰাধ আৰু অপৰাধী নাইকিয়া কৰি দিব পাৰে। আমাৰ অসমৰ অসমীয়া sp নাই নেকি? যি জনে অসমৰ পৰা বা এখন জিলাৰ পৰা অপৰাধ তথা অপৰাধী নাইকিয়া কৰিব পাৰিব। ( Assamese Article )
আজি এজন অনা অসমীয়া বিষয়াৰ ওপৰতহে অসমৰ ৰাইজে ভৰসা কৰিব লগীয়া হৈছে। এইয়া বাৰু অসমৰ অসমীয়াৰ কাৰণে লাজৰ কথা নহয় নে বাৰু?সেইজন অনা অসমীয়া ব্যক্তিৰ কি দৰকাৰ আছে নিজৰ জীৱনৰ কথা চিন্তা নকৰি অসমৰ পৰা অপৰাধী নাইকিয়া কৰিবলৈ।তেওঁৱো চকুমুদি মাহৰ পাছত মাহৰ দৰমহা কেইটা লৈ বহি থাকিব পাৰিলে হয়। কিন্ত্ত তেওঁ তেনে নকৰিলে কাৰণ তেওঁ এজন সৎ অনা অসমীয়া ব্যক্তি। এজন অসমীয়াতকৈয়ো তেওঁ হয়তো অসম খনক আৰু নিজৰ কৰ্ত্তব্যক বেছি ভাল পায়।আজি আন আন বিভাগবোৰতো সেই একেই অবস্হা। ঘোচলৈ ধৰা পৰি হাত ডাঙা কেইজনৰো ভিতৰত বোধহয় অসমীয়া বিষয়াই অধিক হব। আমাক সকলোকেই কেবল টকা লাগে। যি কোনো অসৎ উপায় অবলম্বন কৰি টকা ঘটিব লাগে দামী দামী গাড়ী কেইবা মহলীয়া অট্টালিকা সাজিব লাগে।ইফালে দেশ,জাতি জহন্নামে যাওঁক তাতে তেওঁলোকৰ কি আহে কি যায়। তেওঁলোকেতো টকাৰ পাহাৰ বনাব পাৰিছে।
এটা কথা ঠিক যি জন ব্যক্তিয়ে দুস্ত চক্ৰ আৰু অপাৰধীৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাবে মিতিৰালি কৰিব তেওঁ কেতিয়াওঁ যি কোনো অপৰাধীৰ বিৰুদ্ধে কোনো ব্যবস্হা লব নোৱাৰিব। তেওঁ সদায় সেই অসৎ ব্যক্তি সকলৰ কথামতেই চলিব লাগিব। অসমত আজি কিছুমান বিষয়াৰ এই অৱস্থা হৈছে। কিছুমান পৰিস্হিতিত পৰিয়েই হওঁক বা নিজৰ ধন ঘটাৰ লোভতেই হওঁক তেওঁলোক দুস্ত চক্ৰৰ পাক চক্ৰত আজি বন্দী। সেয়ে তেওঁলোকে কোনো অপৰাধীৰ বিৰুদ্ধে একচন লব নোৱাৰে। কিন্ত্ত এইজন আনন্দ মিশ্ৰ ইয়াৰ সম্পূৰ্ণ ব্যতিক্ৰম। সেয়ে হয়টো অসমৰ ৰাইজে তেওঁৰ ওপৰত ভৰসা কৰিছে।( Assamese Article )
পিছে যেতিয়া অলাগতিয়াল জঙ্ঘল কাটি চাফা কৰা হয় তেতিয়া কিন্ত্ত দুই এডাল লাগতিয়া গছো ভুলক্ৰমে কাটা যায়। ঠিক তেনেদৰে অপৰাধীক ধৰিবলৈ যাওঁতে কেতিয়াবা নিৰপৰাধী ব্যক্তিৰো হাৰাশাস্তি হব পাৰে। যদি লখিমপুৰৰ sp আনন্দ মিশ্ৰ ছাৰ কিবা ভুলক্ৰমে কোনোবা নিৰপৰাধী ব্যক্তিৰ হাৰাশাস্তি হয় তেতিয়াতো আমি ঠমকি নৰম। তেওঁৰ বিৰুদ্ধে আমিয়েই আন্দোলন কৰিম। আজি আমি তেওঁক ফুলেৰে আদৰি আনিছো কালি যদি তেনেকুৱা কিবা এটা ভুল হৈ যায় সেই ভুলক ভুল বুলি ক্ষমা নকৰো। তেওঁক যেতিয়াৰ লৈকে আন কৰবালৈ নপঠায় তেতিয়ালৈকে আনন্দোলন কৰিয়েই থাকিম। এটা সময়ত তেওঁৱো ঠমকি ৰবলৈ বাধ্য হব।
আনন্দ মিশ্ৰৰ নিচিনা বিষয়া হয়টো আমাৰ অসমতো আছে কিন্ত্ত তেওঁলোকে মুক্ত মনেৰে কাম কৰিব নোৱাৰে হয়টো তেওঁলোক কিছুমান চিষ্টেমত বান্ধ খায় আছে।এখন ৰাজ্য ভাল হব লাগিলে অকল দায়িত্ব আৰক্ষীৰেই নহয়। সেই ৰাজ্যৰ নাগৰিকো সজাগ হব লাগিব। লগতে আন আন বিভাগৰ বিষয়া কৰ্মচাৰী সকলো ভাল হব লাগিব। এটা কথা সকলোৱে মনত ৰখা উচিত অসৎ উপায়েৰে যিমানেই টকাৰ পাহাৰ নবনাওক কিয় সেই পাহাৰৰ শিল খহি আহি কিন্ত্ত এদিন নহয় এদিন আমাক বা আমাৰেই ল'ৰা ছোৱালীক আঘাট কৰিব। আনন্দ মিশ্ৰৰ নিচিনা হয়টো আমাৰ অসমতো বহু বিষয়া আছে। কিন্ত্ত তেওঁলোকে হয়টো বিভিন্ন কাৰণত ঠমকি ৰব লগা হয়। এজন আনন্দ মিশ্ৰই অকলে অসমখন দুৰ্নীতি মুক্ত, অপৰাধ মুক্ত কৰিব নোৱাৰে। আমি সকলোৱে তেওঁৰ লগত সহযোগ কৰিব লাগিব। তেতিয়াহে এখন অপৰাধ আৰু অপৰাধী মুক্ত অসম গঢ় লৈ উঠিব। তাকে নকৰি যদি ৰক্ষকে ভক্ষক হৈ বহি থাকে। তেতিয়া হলে আগন্ত্তক দিনত অসমে বৰ ভয়ানক পৰিস্হিতিৰ মুখা-মুখি হ'ব লাগিব।
গতিকে সময় থাকোতেই আমি সকলোৱেই আনন্দ মিশ্ৰ মহাশয়ৰ লগত সহযোগ কৰি যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মইএখন সুন্দৰ,দুৰ্নীতি মুক্ত,অপৰাধ মুক্ত অসম লাভ কৰে তাৰ বাবে আগুৱাই যাওঁ আহক।( Assamese Article )
- সুৰেন দাস
******************************************
No comments:
Post a Comment