জীৱনত দুৰ্বল ৰবিৰ স্থিতি শক্তিশালী কৰিবলৈ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 9, 2023

জীৱনত দুৰ্বল ৰবিৰ স্থিতি শক্তিশালী কৰিবলৈ : Religious Studies

 

Religious Studies

-জ্যোতিষৰ মতে-দান বৰণিৰ বিশেষ গুৰুত্বৰ কথা কোৱা হৈছে।আপোনাৰ জীৱনটো ইয়াৰ গুৰুত্ব পূৰ্ণ স্থান আছে।জ্যোতিষৰ মতে-কোনো বিশেষ দিন বা অনুষ্ঠানত আৰ্তজনক সকলোৱে কিবা নহয় কিবা-দান কৰিব লাগে বুলি বিশ্বাস কৰা হয়।( Religious Studies )


-বিশ্বাস কৰা হয় যে-দান বৰঙণিয়ে আপোনাক বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা কৰে।সেইবাবে-হিন্দু সংস্কৃতিত দান দিয়াৰ পৰামৰ্শ দিয়া হৈছে।কেৱল-এয়াই নহয়,সপ্তাহৰ প্ৰতিটো দিনত বিভিন্ন বস্তু দান কৰাটো-গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।


-যদি আপুনি দান কৰিব বিচাৰিছে-তেন্তে সপ্তাহৰ-দিন অনুসৰি কোনটো দিনত-কি সৰ্বোত্তম দান হব পাৰে-সেই বিষয়ে সম্পূৰ্ণ তথ্য থাকিব লাগে।যদি আপুনি সূৰ্য্য গ্ৰহক শক্তিশালী কৰিব বিচাৰে-তেন্তে দেওবাৰে কিছু বিশেষ বস্তু দান কৰিবলৈ কোৱা হৈছে।


*দেওবাৰে ৰঙা কাপোৰ দান-


-যদি আপুনি আপোনাৰ ৰাশিফলত সূৰ্য্যৰ স্থান শক্তিশালী কৰিব বিচাৰে-তেন্তে দেওবাৰে আৰ্তজনক ৰঙা কাপোৰ দান কৰিবলৈ কোৱা হৈছে।বিশ্বাস কৰা হয় যে-সূৰ্য্যৰ ৰং ৰঙা।গতিকে ৰঙা ৰংৰ কাপোৰ দান কৰিলে ফল পোৱা যায়।


*এজন দুখীয়া মানুহক-কাপোৰ দান কৰিলে ই সদায়-আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে।মনত ৰাখিব যে-আপুনি যি কাপোৰ দান কৰে-সেয়া যাতে পুৰণি আৰু ফাটি যোৱা হব নালাগে।( Religious Studies )


*ৰঙা শস্যৰ দান-


-দেওবাৰে ৰঙা শস্য দান কৰিলে-ইয়াক অতি শুভ বুলি গণ্য কৰা হয়।বিশ্বাস কৰা হয় যে-ৰঙা শস্য দান কৰিলে-আপোনাৰ ঘৰত কেতিয়াও খাদ্য আৰু ধনৰ অভাৱ নহয় আৰু সমৃদ্ধি ৰৈ যায়। বিশেষকৰি ৰঙা মচুৰ দাইল ৰঙা শস্যৰ ৰূপত দান কৰক।এই দানে-আপোনাৰ ৰাশিফলত সূৰ্য্যৰ স্থান শক্তিশালী কৰে।জ্যোতিষৰ মতে-কেচাঁ খাদ্য দান কৰিলে-অধিক ফল পোৱা যায়।মনত ৰাখিব যে-সদায় এনে শস্যহে দান কৰক-যিবোৰ খাব পৰা আৰু কেৱল আৰ্তজনকহে দান কৰক।


*তামৰ বাচন দান-


তামক সূৰ্য্যৰ ধাতু বুলি গণ্য কৰা হয়।আপুনি যদি দেওবাৰে-তাম বা আন যিকোনো সামগ্ৰীৰে নিৰ্মিত বাচন-বৰ্তন দৰিদ্ৰ লোকক দান কৰে-তেন্তে-ই আপোনাৰ বাবে-বিশেষভাৱে ফল প্ৰসূ হব।এই ধাতুৰ দানে-আপোনাৰ ৰাশিফলত সূৰ্য্যৰ স্থান শকিশালী কৰাত সহায় কৰে।


*গুড় দান কৰা-


দেওবাৰে যদি গুড়া দান কৰে-তেন্তে সেয়া-আপোনাৰ বাবে-অতি শুভ বুলি গণ্য কৰা হয়।দেওবাৰে-পানীত কুমকুম আৰু গুড় দি সূৰ্য্যক অৰ্ঘ অৰ্পণ কৰা আৰু গুড় দান কৰাটো-যিকোনো ব্যক্তিৰ বাবে-শুভ বুলি গণ্য কৰা হয়।


-বিশেষকৰি যদি আপোনাৰ ৰাশিফলত সূৰ্য্যৰ অৱস্থান দুৰ্বল হয়-তেন্তে দেওবাৰে দান-বৰঙণি কৰক।ইয়াৰ উপৰিও-প্ৰতি দেওবাৰে-সূৰ্য্যৰ মন্ত্ৰ জপ কৰি-সূৰ্য্যক অৰ্ঘ্য অৰ্পণ কৰিব লাগে।


*মন্দিৰত ৰঙা ফুল আগবঢ়াওক-


-প্ৰতি দেওবাৰে-যদি মন্দিৰত ৰঙা ফুল আগবঢ়ায়-তেন্তে সেয়াও-আপোনাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়।এই প্ৰতিকাৰে-জীৱনৰ সকলো দোষৰ পৰা মুক্তি দিয়ে।ৰঙা ফুল দান কৰিলে-আপোনাৰ মনৰ কামনা পূৰ্ণ হব পাৰে বুলি-বিশ্বাস কৰা হয়।ইয়াৰ উপৰিও-আপোনাৰ ঘৰৰ মন্দিৰত ৰঙা ফুল আগবঢ়াব লাগে।( Religious Studies )


*দেওবাৰে যদি আপুনি এই বিশেষ বস্তুবোৰ দান কৰে-তেন্তে আপোনাৰ জীৱনত দুৰ্বল সূৰ্য্যৰ স্থিতি শক্তিশালী হব আৰু আপোনাৰ সকলো ইচ্ছা পূৰ্ণ হব।(সংগ্ৰহিত)।

No comments:

Post a Comment

Advertisement

Pages