এই মন্ত্ৰ ল'ৰা ছোৱালীক গাবলৈ দিলে বহুত ভাল ফল পায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 8, 2023

এই মন্ত্ৰ ল'ৰা ছোৱালীক গাবলৈ দিলে বহুত ভাল ফল পায় : Religious Studies

 

Religious Studies

যাগ-যজ্ঞ কৰ্মাদি যি কৰা হয় , বিয়ায়েই হওঁক বা ঘৰ লোৱা হওঁক , শিৱ পূজায়েই হওঁক বা আন বিধিতেই হওঁক  এটা মন্ত্ৰ সদায় শুনিবলৈ পোৱা যায় --- ( Religious Studies )


ওঁম স্বস্তি নো ইন্দ্রো বৃদ্ধশ্রবাঃ।

স্বস্তি নঃ পূষা বিশ্ববেদাঃ।

স্বস্তি নঃ তাৰ্ক্ষ্যো অৰিষ্টনেমিঃ।

স্বস্তি নো বৃহস্পতির্দধাতু

ওঁম শান্তিঃ ! ওঁম শান্তিঃ ! ওঁম শান্তিঃ !


মন্ত্ৰৰ অৰ্থ --


মহান ইন্দ্ৰ দেৱতাই আমাৰ কল্যাণ কৰক, বিশ্বৰ জ্ঞান স্বৰূপ পূষা দেৱে আমাৰ কল্যাণ কৰক । অখণ্ড অস্ত্ৰধাৰী গৰুড় ভগৱানে আমাৰ মঙ্গল কৰক , বৃহস্পতি দেৱতাই আমাৰ মঙ্গল কৰক।

ওঁম শান্তি শান্তি শান্তি। 


এই মন্ত্ৰক স্বস্তি মন্ত্ৰ বুলি কোৱা হয়।  


পূজাৰ  মাজত কেইবাবাৰো  পুৰোহিতে অতি উচ্চ স্বৰে আৰু এক বেলেগ উৎসাহেৰে এই মন্ত্ৰ গোৱা শুনা যায় ।  শাস্ত্ৰত এই স্বস্তি মন্ত্ৰক অতি ফলদায়ক মন্ত্ৰ বুলি কৈছে। ( Religious Studies )


কোনো পূজাৰ আৰম্ভণিত এই মন্ত্ৰ গাই কেউদিশে কুশ বনেৰে পানী চটিয়াই লোৱা হয় যাতে কোনো ধৰনৰ নাকাৰাত্মক শক্তি বা প্ৰভাৱ থাকিব নোৱাৰে। 


নতুন ঘৰত সোমাওতে এই মন্ত্ৰ গাই  কেউদিশে  অভিমন্ত্ৰিত পানীৰ চটিয়ালে ঘৰৰ ৱাস্তু দোষ দূৰ হয়।  


গৃহ নিৰ্মাণৰ সময়ত প্ৰথম পূজা ভাগত এই মন্ত্ৰ গোৱা হয় যাতে নিৰ্মাণ কাৰ্যত ক'তো বাধা নাহে আৰু কাৰো চকু নালাগে। 


বিবাহ কাৰ্যত স্বস্তি মন্ত্ৰ গোৱা হয় যাতে দুয়ো আত্মাৰ মিলনত আৰু মনৰ মিলনত কোনো বাধা নাহে ।  


স্বস্তি মন্ত্ৰ কেৱল কোনো বিশেষ  পূজা বা যজ্ঞ বিধিতহে গাব লাগে তেনে নহয়।  এই মন্ত্ৰ নিয়মিত ৰূপে দৈনিক গাব পাৰে। এই মন্ত্ৰ গালে মনৰ ভিতৰত সাকাৰাত্মক উৰ্জা বাঢ়িব মনোবল বৃদ্ধি হব আৰু কেউদিশে উন্নতিৰ পথ ওলাব।


এই মন্ত্ৰ ল'ৰা ছোৱালীক গাবলৈ দিলে বহুত ভাল ফল পায় মাত্ৰ উচ্চাৰণ শুদ্ধ হব লাগে।  ( Religious Studies )

#শাস্ত্ৰ_জ্ঞানম্_অমৃতম্ 

#বন্ধুৰ_অনুৰোধত_আকৌ_দিলো 

জুলা শৰ্মা 

বাঙ্গালোৰ

No comments:

Post a Comment

Advertisement

Pages