মা দূৰ্গাৰ পূজা কৰিলে-সকলো ধৰণৰ সুখ পোৱা যায় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, April 7, 2023

মা দূৰ্গাৰ পূজা কৰিলে-সকলো ধৰণৰ সুখ পোৱা যায় : Religious Studies

 

Religious Studies


*মা দূৰ্গাৰ পূজা কৰিলে-সকলো ধৰণৰ সুখ পোৱা যায়।পাৰিবাৰিক সমস্যা দূৰ হয়।( Religious Studies )


-জ্যোতিষ শাস্ত্ৰ অনুসাৰে-সপ্তাহৰ প্ৰতিটো দিনে-কোনো নহয় কোনো দেৱী-দেৱতাৰ ওপৰত সমৰ্পিত হয়।কেৱল-শুক্ৰবাৰে-এনে দিন হয়-যি মা ভাগৱতীৰ আধ্যশক্তিৰ ওপৰত সমৰ্পিত কৰা হয়।পৌৰাণিক মান্যতা অনুসাৰে-এইদিনা মা ভাগৱতীৰ দূৰ্গা,লক্ষ্মী,তথা কালী স্বৰূপৰ আৰাধনা কৰিব লাগে।তেওঁলোকৰ পূজা তথা স্তুতিৰ দ্বাৰা ব্যক্তিয়ে নিজৰ জীৱনত যি বিচাৰে-তাকে লাভ কৰিব পাৰে।

Religious Studies


-যদি ভক্তসকলে এইদিনা-মা লক্ষ্মীক প্ৰসন্ন কৰি লৈ-তেন্তে তেওঁৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়।তেনেদৰে-মা দূৰ্গাৰ পূজা কৰিলে-সকলো ধৰণৰ সুখ প্ৰাপ্ত হয়।পাৰিবাৰিক সমস্যা দূৰ হয়।দেৱী দূৰ্গাৰ আৰাধনাৰ দ্বাৰা-ব্যক্তিৰ জন্ম কুণ্ডলীত-সকলো অশুভ গ্ৰহেও-শুভ ফল দিয়ে।যদি শুক্ৰবাৰৰ দিনা পূজা কৰি মা কালীক প্ৰসন্ন কৰা হয়-তেন্তে-ব্যক্তিৰ শক্ৰ পক্ষ্য নাশ হয়।( Religious Studies )


*শুক্ৰবাৰৰ দিনা কৰা-মা দূৰ্গাৰ এই উপায়-


*শুক্ৰবাৰৰ দিনা মা দূৰ্গাৰ পূজা কৰি চণ্ডী পাঠ বা দূৰ্গাসপ্তশতীৰ পাঠ কৰিব লাগে।যদি এইদিনা ব্ৰত কৰি-মা দূৰ্গাৰ পূজা কৰে যদি-তেতিয়া ব্যক্তিয়ে যি বিচাৰে-তাকে লাভ কৰে।


*শুক্ৰবাৰৰ দিনা মা দূৰ্গা তথা তেওঁৰ ৰুদ্ৰ স্বৰূপ মা কালীক জৱাকুসুম(জৱা ফুল)অৰ্পণ কৰা হয়,তেওঁক ৰঙা বস্ত্ৰ ধাৰণ কৰোৱা হয়,শুদ্ধ ঘীউৰ বন্তি জ্বলাই-আৰতি কৰিলে,ব্যক্তিৰ সমস্ত ইচ্ছা পূৰ্ণ হয়।স্বয়ং ব্যক্তিয়ে পূজা কৰাৰ সময়ত ৰঙা বা হালধীয়া বস্ত্ৰ পৰিধান কৰিলে-অধিক ফলদায়ী হয়।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages