ভগৱান শ্ৰী গণেশৰ কাহিনী : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, April 5, 2023

ভগৱান শ্ৰী গণেশৰ কাহিনী : Religious Studies

 

Religious Studies

*এসময়ৰ কথাৰে।

এহাল ককায়েক ভনীয়েক আছিল।ভনীয়েখৰ এটা নিয়ম আছিল যে-ভনীয়েকে নিজৰ।ককায়েকৰ মুখ'খন চাই লৈ হে-আহাৰ গ্ৰহণ কৰিছিল।সদায়ে-পুৱা ভনীয়েক সোনকালে উঠিছিল আৰু নিজৰ ঘৰৰ সকলো কাম-বন কৰি,নিজৰ ককায়েকৰ মুখ'খন চাবলৈ ককায়েকৰ ঘৰলৈ গৈছিল। ( Religious Studies )


*এদিনাখন ভনীয়েক ককায়েকৰ ঘৰলৈ যাওঁতে-বাটতে আঁহত গছৰ তলত ভগৱান শ্ৰী গণেশৰ মূৰ্তিক দেখা পালে।তেতিয়া-ভগৱান শ্ৰী গণেশৰ সন্মুখত ভনীয়েকে হাত জোৰ কৰি প্ৰাৰ্থনা কৰি কলে যে-মোৰ দৰে মৰমীয়াল স্বামী গৃহ আৰু মৰমীয়াল মা ঘৰ সকলোকে দিব।এয়া কয়ে-ভনীয়েক আগবাঢ়িল।হাবিৰ গছ-বনৰ কাঁইটে ভনীয়েকৰ ভৰিত খুচিছিল-বিন্ধিছিল


*এদিন তাই ককায়েকৰ মুখ'খনি চাই তাতে থাকিল।তেতিয়া-নবৌয়েকে- সুধিলে-তোমাৰ ভৰিত এয়া কি হল!


*নবৌয়েকৰ কথাত-তাই উত্তৰ দিলে যে-বাটৰ হাবিৰ কাঁইটে-তাইৰ ভৰিত বিন্ধিলে।


*যেতিয়া তাই ঘৰলৈ আহিল-তেতিয়া নবৌয়েক-নিজৰ স্বামীক কলে যে-ভনীয়েক অহা বাটতো চাফ-চিকুন কৰি দিবলৈ।আপোনাৰ ভনীৰ ভৰিত বহুত কাঁইট সোমালে।


*তেতিয়া ককায়েকে-বাটৰ সকলো কাঁইটিয়া গছ-বনক কাটি চফা কৰি দিলে।যাৰ বাবে-ভগৱান শ্ৰী গণেশৰ স্থান সেই ঠাইৰ পৰা আঁতৰি গল।এয়া দেখা পায়-ভগৱান শ্ৰী গণেশ ক্ৰোধিত হল আৰু সেইবাবে-ভগৱান গণেশে-ককায়েকৰ প্ৰাণ-হৰি ললে।



*লোকসকলে যেতিয়া অন্তিম সৎকাৰৰ বাবে-ককায়েকক লৈ গৈছিল,তেতিয়া তাইৰ নবৌয়েক কান্দি-কান্দি লোকসকলক কলে-অলপ সময় ৰৈ দিয়ক,এওঁৰ ভনীয়েক আহিব।তাই নিজৰ ককায়েকৰ মুখ নেদেখাকৈ থাকিব নোঁৱাৰে।তাইৰ এয়া নিয়মে হয়।( Religious Studies )


*তেতিয়া লোকসকলে কলে-আছিতো চাই লব,কিন্তু কাইলৈ কিদৰে চাব!


*আনদিনাৰ দৰে-ককায়েকৰ মুখ চাবলৈ ভনীয়েকে হাবিৰ বাটেৰে আগবাঢ়িল।তেতিয়া ভনীয়েকে দেখিলে যে-হাবিৰ বাটতো চফা হৈ আছে।আৰু আগলে আগবাঢ়ি ভনীয়েকে দেখা পালে যে-সিদ্ধিবিনায়ককো সেই স্থানৰ পৰা আঁতৰাই দিয়া হৈছে। তেতিয়া ভনীয়েক-গণেশক এটা ভাল স্থানত ৰাখি-তেওঁক স্থান দিলে আৰু হাতজোৰ কৰি প্ৰাৰ্থনা কৰি কলে যে-মোৰ দৰে মৰমীয়াল স্বামী গৃহ আৰু মৰমীয়াল মাৰ ঘৰ সকলোকে দিবা বুলি কয় আগবাঢ়ি গল।


*তেতিয়া ভগৱান শ্ৰী গণেশে-ভাবিলে-যদি মই তাইৰ নুশুনো-তেন্তে আমাক কোনে মানিব!আমাক কোনে পূজিব!তেতিয়া-সিদ্ধিবিনায়কে-

ভনীয়েকক মাত দিলে-অ মা,এই আঁহত গছৰ-৭খিলা পাত লৈ যোৱা আৰু কেচাঁ গাখীৰত মিহলাই তোমাৰ দাদাৰ ওপৰত চটিয়াই দিবা।তেতিয়া-তোমাৰ দাদা বহি পৰিব।


*এয়া শুনা পায়-যেতিয়া পাছফালে-ঘূৰি চালে-তেতিয়া সেই স্থানত কোনো নাছিল।কিন্তু ভনীয়েকে-ভাবিলে-ঠিক আছে হব।যি শুনিলো,তাকে কৰোঁ।ভনীয়েকে-৭খিলা আঁহতৰ পাত লৈ-নিজৰ ককায়েকৰ ঘৰ পালেগৈ।তেতিয়া ভনীয়েকে দেখা পালে যে-ককায়েকৰ ঘৰত বহু মানুহ বহি আছে।নবৌয়েকে বহি কান্দি আছে আৰু ককায়েকৰ মৃতদেহ থৈ দিয়া হৈছে।তেতিয়া-ভনীয়েকে-সেই আহঁত গছৰ পাতক-তাই শুনা নিয়ম অনুসৰি-ককায়েকৰ ওপৰত ব্যৱহাৰ কৰিলে।তেতিয়া-ককায়েক শুৱাৰ পৰা বহি পৰিল।


*ককায়েকে বহি লৈ ভনীয়েকক কলে-মোৰ বহুত টোপনি ধৰিছিল।মই গভীৰ নিদ্ৰাত গুচি গৈছিলো।


*তেতিয়া ভনীয়েকে-কলে-এই টোপনি যাতে-কোনো শক্ৰৰো নাহে।আৰু তাই সকলো কথা নিজৰ ককায়েকক কলে( Religious Studies )।

No comments:

Post a Comment

Advertisement

Pages