সংকষ্টী চতুৰ্থীৰ পূজা বিধি আৰু শুভ মুহুৰত : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 8, 2023

সংকষ্টী চতুৰ্থীৰ পূজা বিধি আৰু শুভ মুহুৰত : Religious Studies

 

Religious Studies

-সংকষ্টী চতুৰ্থীৰ ব্ৰত ভগৱান গণেশৰ ওপৰত সমৰ্পিত হয়।এই ব্ৰত কৰিলে-ব্যক্তিৰ কষ্টৰ নিবাৰণ হয়।এইদিনা-সম্পূৰ্ণ বিধি-বিধানৰে পূজা কৰিলে ব্যক্তিৰ কামত অহা বাধা সমূহ দূৰ হয়। ( Religious Studies )


*বহাগ মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তিথিক-সংকষ্টী চতুৰ্থীৰ ব্ৰত ৰখা হব।এইদিনা ভগৱান শ্ৰী গণেশৰ উপাসনা কৰা হয় আৰু বিকট সংকষ্টী নামেৰে জনা হয়।বিকট সংকষ্টী দিনা-ভগৱান শ্ৰী গণেশৰ উপাসনা কৰা হয় আৰু নিশা চন্দ্ৰমাক অৰ্ঘ দিয়া হয়।


*বিকট সংকষ্টী চতুৰ্থীৰ পূজাৰ মহত্ব-


-মান্যতা অনুসাৰে-

সংকষ্টী চতুৰ্থীৰ ব্ৰত কৰিলে-ভগৱান শ্ৰী গণেশ আৰু চৌথ মাতাৰ পূজা কৰা হয়।যাৰ দ্বাৰা ভক্তৰ সকলো কষ্ট দূৰ হয়।এই ব্ৰতক কৰিলে-ঘৰ,ব্যৱসায়ত অহা সমস্যাসমূহৰ পৰা মুক্তি পোৱা যায়।লগতে-ৰৈ থকা মাংগলিক কাৰ্য্য সম্পন্ন হয়।এইদিনা-চন্দ্ৰমাক অৰ্ঘ দিলে ব্যক্তিৰ ভগৱান শ্ৰী গণেশৰ দৰ্শন কৰাৰ পূণ্য আৰু ফল পোৱা যায়।যিলোক শনিৰ সাৰেচাতী আৰু দেব্যৰ দ্বাৰা পিড়িত হৈ আছে-তেওঁলোকে এই ব্ৰত কৰিব লাগে।( Religious Studies )


*সংকষ্টী চতুৰ্থীৰ পূজা বিধি-


-এইদিনা পুৱা সোনকালে উঠি-স্নান আদি কৰাৰ পাছত ভগৱান শ্ৰী গণেশক স্মৰণ কৰি এই মন্ত্ৰটিৰ জাপ কৰিব লাগে। "মম বৰ্তমানাগামি সকল নিবাৰণপূৰ্ৱক সকল অধীষ্ট সিদ্ধেয় গণেশ চতুৰ্থীব্ৰতমংহ কৰিষ্যে"। আৰু ব্ৰতৰ সংকল্প লব লাগে।


-ইয়াৰ পাছত-এক স্হান ভালদৰে চফা-চিকুন কৰি-ভগৱান শ্ৰী গণেশৰ প্ৰতিমা স্থাপন কৰিব লাগে।ইয়াৰ পাছত-গন্ধ,পুষ্প,ৰৌলী, চাউল,আদিৰে বিধি-বিধানৰে পূজা কৰিব লাগে। পূজাৰ পাছত-ভগৱান গণেশক লাড্ডুৰ ভোগ দি তেওঁৰ আৰতি কৰিব লাগে।আৰু সন্ধ্যা সময়টো বিধি-পূৰ্ৱক পূজা কৰিব লাগে।


*বিকট সংকষ্টী চতুৰ্থীৰ পূজাৰ মুহুত্ব-


-বিকট সংকষ্টী চতুৰ্থী-পুৱা ৯বাজি-১৩মিনিটৰ পৰা পুৱা-১০বাজি-৪৮মিনিটলৈ থাকিব।ইয়াৰ পাছত অমৃত যোগ পুৱা-১০বাজি ৪৯মিনিটৰপৰা দুপৰীয়া ১২বাজি ২২মিনিটলৈ থাকিব।এই সময়ত আপুনি ভগৱান শ্ৰী গণেশৰ উপাসনা কৰিব পাৰে।( Religious Studies )

-  ৰেখামনি চাৰিঙীয়া।

No comments:

Post a Comment

Advertisement

Pages