শ্ৰী কৃষ্ণৰ অমৃত বাণী : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, April 8, 2023

শ্ৰী কৃষ্ণৰ অমৃত বাণী : Religious Studies

 

Religious Studies

*প্ৰতিবছৰে-২১ অক্টোবৰত উদযাপন কৰা হয়-আন্তৰ্জাতিক কন্যা শিশু দিৱস।ৰাষ্ট্ৰ সংঘই ২০১২চনৰ ১১অক্টোবৰত প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপন কৰিছিল।( Religious Studies )


কিন্তু প্ৰথ বছৰতে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰি অহাৰ সমান্তৰলৈকে আজিও আমাৰ সমাজত কন্যা শিশু জন্ম হলে-দুখৰ ছাঁ পৰে।পুৰুষ প্ৰধান সমাজত আজিও এগৰাকী কন্যা শিশুক পিতৃ-মাতৃৰ বোজা বুলি ধৰা হয়।আপুনি জানি আচৰিত হব যে-সেইসকল লোকৰ ঘৰতে কন্যা সন্তান জন্ম হয়-যিসকলে পূৰ্ৱজন্মত অত্যন্ত পূৰ্ণ কৰিছে।


*শিশুৱে প্ৰতিটো পৰিয়াললৈ সুখ আনে।অৱশ্যে বহুলোকে তেওঁলোকৰ প্ৰথম সন্তান লৰা হোৱাটো বিচাৰে।যিটো একেবাৰে সঠিখ নহয়।বহু মানুহ আছে-যিয়ে প্ৰথমে-কন্যা সন্তান হলে-কষ্ট পায় বা দুখ কৰে।ইয়াৰ পৰিৱৰ্তে যদি পৰিয়ালৰ প্ৰথম সন্তান ছোৱালী হয়-তেন্তে তাই অধিক যোগ্যতাশালী হয়।কাৰণ তেওঁৰ বহুতো উচ্চাকাংক্ষা থাকে।এচেক্স বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা এক অধ্যয়ন অনুসৰি-এজন লৰা প্ৰথম কন্যা সন্তানৰ তুলনাত-১৩শতাংশ কম উচ্চাকাংক্ষী।( Religious Studies )


*পৌৰাণিক আখ্যানসমূহৰ পাঠ লুটিয়াই চালেও-আমি দেখা পাওঁ যে-এগৰাকী কন্যা সন্তানে পুত্ৰ সন্তানতকৈ কৰিব নোঁৱাৰা কাম একো নাই।শাস্ত্ৰত কন্যাক লক্ষ্মীৰ সম বুলি কোৱা হয়।


*এবাৰ ভগৱান শ্ৰী কৃষ্ণক তেওঁৰ মিত্ৰ অৰ্জুনে সুধিলে-প্ৰভূ কি কৰ্মৰ ফলত এখন ঘৰত কন্যা সন্তান প্ৰাপ্তি হয়!তেতিয়া ভগৱান শ্ৰী কৃষ্ণই উত্তৰ দিছিল যে-যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্ৰ সন্তান প্ৰাপ্তি হব পাৰে,তেন্তে সৌভাগ্যৰ ফলতহে কোনো গৃহত কন্যা সন্তান প্ৰাপ্তি হয়।যি দম্পতিয়ে-পূৰ্ৱ জনমত অধিক পূণ্য আহৰণ কৰে-তেওঁলোকেহে কন্যা সন্তানৰ পিতৃ-মাতৃৰ হোৱাৰ সৌভাগ্য লাভ কৰে।লগতে শ্ৰী কৃষ্ণই কয় যে-হে অৰ্জুন যিদিনাই সৃষ্টিত কন্যা সন্তানৰ জন্ম বন্ধ হৈ পৰিব,সেইদিনাই সৃষ্টিৰ বিনাস হব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হৈ পৰিব।


*ভগৱান শ্ৰী কৃষ্ণৰ এই বাণী যদি আমি বিশ্লেষণ কৰোঁ-তেন্তে এক কথা সঁচা যে-পৃথিৱীত কন্যা বা নাৰী নাথাকে-তেন্তে কাৰোৰে বংশৰ বিস্তাৰ নহব।যি গৃহত কন্যা সন্তান থাকে-সেই গৃহ স্বৰ্গৰ সমান।কালণ পুত্ৰই কেৱল এক কুলৰ মুখ উজ্বল কৰে-বিপৰীতে কন্যাই দুই কুল ৰক্ষা কৰাত ভূমিকা পালন কৰে।প্ৰথমে মাক-দেউতাকৰ গৃহ,দ্বিতীয়তে শহুৰৰ গৃহ।


*ইয়াৰোপৰি যি গৃহত একাধিক কন্যা সন্তানৰ জন্ম হৈছে-সেই গৃহ আৰু অধিক ভাগ্যশালী।বহুতে ভাবে যে-ছোৱালী সন্তানে বেছি পঢ়া-শুনা কৰি কি হব!তাতকৈ সোনকালে বিয়াত বহা ভাল।যি এক সম্পূৰ্ণ মিছা আৰু ভ্ৰান্ত ধাৰণা।আপুনি এবাৰ ভাবি চাওকচোন-নিজৰ জীৱনটোখ লৈ-এজন পুৰুষ বা নাৰীৰ সমানে আশা থাকে।কিন্ত তেওঁ যদি নাৰী হয়-সেই আশাৰ পৰা বঞ্চিত হয়।  তেন্তে পিতৃ-মাতৃ হিচাপে-আপোনাৰ নিজৰ কন্যাৰ প্ৰতি দায়িত্ব যে-তাই নিজৰ আশা-আকাংক্ষা পূৰ্ণ কৰিব পাৰে।( সংগ্ৰহিত)।( Religious Studies )

No comments:

Post a Comment

Advertisement

Pages