সোমবাৰে কৰা প্ৰতিকাৰসমূহ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, April 10, 2023

সোমবাৰে কৰা প্ৰতিকাৰসমূহ : Religious Studies

 

Religious Studies


*হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো নহয় কোনো দেৱী দেৱতাৰ ওপৰত  সমৰ্পিত কৰা হয়।সপ্তাহৰ সোমবাৰটো মহাকাল তথা ভগৱান শিৱক উৎসৰ্গা কৰা হয়।( Religious Studies )


সোমবাৰৰ দিনটোত ভগৱান শিৱক পূজিলে বহুত উপকাৰ পোৱা যায়।সেইবাবে-ভক্তসকলে সোমবাৰে উপবাস কৰে।শিৱলিংগত জল অৰ্পণ কৰি,ৰুদ্ৰভিষেক কৰে।ইয়াৰ লগতে-সোমবাৰৰ দিনটোত গ্ৰহণ কৰা ব্যৱস্থাই জীৱনৰ বিপদ সমূহ দূৰ কৰে।ভগৱান ভোলানাথে জীৱনত অপৰিসীম সুখ আৰু সমৃদ্ধি প্ৰদান কৰে।যি নহওক-ভগৱান শিৱ শীঘ্ৰে সন্তষ্ট হোৱা দেৱতা বুলি বিশ্বাস কৰা হয়।তেন্তে-ভগৱান শিৱৰ আৰ্শীবাদ প্ৰাপ্ত কৰিবলৈ-সোমবাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰক।


*সোমবাৰে কৰা প্ৰতিকাৰসমূহ-


*সোমবাৰে পুৱা সোনকালে উঠি-স্নান আদি কৰি-মন্দিৰলৈ গৈ ভগৱান শিৱক পূজা কৰিব লাগে।আৰু শিৱলিংগত জলাভিষেক কৰিব লাগে।আৰু শিৱ চালিশা বা শিৱ স্তৱক পাঠ কৰক।ইয়াৰ দ্বাৰা জীৱনৰ সকলো বিপদ-বাধা দূৰ হব।( Religious Studies )


*সোমবাৰৰ দিনা ভগৱান শিৱক কেচাঁ গাখীৰৰে অভিষেক কৰিব লাগে।কিন্তু এটা কথা মনত ৰাখিব যে-দুগ্ধভিষেকৰ বাবে-তামৰ বাচন ব্যৱহাৰ কৰিব লাগে।আৰু লগতে সেই সময়ত-

ঔঁম নমাহঃ শিৰায়ঃ মন্ত্ৰটি জপ কৰিব লাগে।ইয়াৰ ফলত জীৱনত ধনৰ প্ৰভাৱ বাঢ়ি যায়।লগতে সুখ-সমৃদ্ধি বৃদ্ধি হয়।


*ধন সম্পত্তিৰ বাবে-সোমবাৰে শিৱ মন্দিৰৰ নিস্তব্ধ স্থানত বহি-ঔঁম নমাহঃ ধনদয় স্বাহা"এই মন্ত্ৰ ফাঁকি ১১বাৰ জাপ কৰিব লাগে।ইয়াৰ দ্বাৰা ধন-সম্পত্তি দ্ৰুতগতিত বৃদ্ধি পায় আৰু কামত সফলতা পোৱা যায়।


*বিবাহিত জীৱনৰ সমস্যা দূৰ কৰিবলৈ-সোমবাৰে শিৱ মন্দিৰলৈ গৈ ৰুদ্ৰাক্ষ দান কৰক।ইয়াৰ দ্বাৰা বিবাহিত জীৱনৰ সমস্যা দূৰ হয় আৰু সুখৰ সৃষ্টি হয়।(সংগ্ৰহিত)।

Religious Studies )

No comments:

Post a Comment

Advertisement

Pages