আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 9, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

 Horoscope Today

 

২৫ চ'ত, ৰবিবাৰ ইং ৯ এপ্ৰিল ।   ( Horoscope Today )


 ১. *মেষ ৰাশি* (অ,ল) : -  মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, সম্পদ লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে।


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, প্ৰেমত আনন্দ বাঢ়িব, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি দেহ মনত আঘাত পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।


৩. *মিথুন ৰাশি* ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা আহিব, সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ ভাল বন্ধু লাভ হোৱাৰ যোগ দেখা যায়।  


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত মান সন্মান বাঢ়িব, বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, ব্যৱসায়িক দিশত উন্নতি হ'ব, ভাল খৱৰ লাভ কৰাৰ যোগ দেখা যায়।


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মবোৰ সামান্য জটিলতাৰ মাজেৰে পাৰ হোৱাৰ যোগ দেখা যায়। ( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত সমাজ কৰ্মী সকলৰ সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব, কৰ্মত অধিক দ্বায়িত্ব বাঢ়িব, পদোন্নতি হ'ব পাৰে, ছাত্ৰ ছাত্ৰী সকলৰ শুভ হ'ব, যদিও আজি আপোনাৰ বিপদ হ'ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি যান বাহনৰ পৰা সাৱধান হ'ব লাগিব লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধু সান্নিধ্য লাভ কৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলৰ নতুন নতুন সুযোগ লাভ কৰিব, ৰাজনৈতিক ভাৱে আগুৱাই যাবলৈ সক্ষম হোৱাৰ  যোগ দেখা যায়। 


১০. *মকৰ ৰাশি* (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে, শৰীৰৰ সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে মনৰ সুখ শান্তি হ্ৰাস হ'ব পাৰে।


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য গুৰুত্ব হ্ৰাস হোৱাৰ যোগ দেখা যায়।


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা সাৱধান হোৱাট ভাল হ'ব। 


সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup




No comments:

Post a Comment

Advertisement

Pages