আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, April 4, 2023

আজিৰ ৰাশিফল জানোঁ আহক : Horoscope today

Horoscope Today

 

২০ চ'ত, মঙ্গলবাৰ ইং ৪ এপ্ৰিল ২০২৩ ।   ( Horoscope Today ) 


১. *মেষ ৰাশি* (অ,ল) : - মেষ 

ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত মনলৈ হতাশাৰ ভাৱ আহিব পাৰে লগতে আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা সজাগ হোৱাটো ভাল হ'ব। 


২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে সময়বোৰ পাৰ হ'ব, যদিও আজি আপুনি বন্ধুৰ পৰা সাৱধান হ'ব লগতে আজি আপোনাৰ মনটো অশান্তি দিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব। 


৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সৌভাগ্য উদয় হ'ব, কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব, ছাত্ৰ ছাত্ৰী বিদ্যা আহৰণৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ সম্পদ লাভ হোৱাৰ যোগ দেখা যায়। 


৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, শিক্ষক সকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল কাপোৰ পৰিধান কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 


৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।  ( Horoscope Today ) 


৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে আজি পৰিবহন ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকলে সফলতা লাভ কৰাৰ যোগ দেখা যায়।


৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপুনি কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।


৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত আনন্দ বাঢ়িব, ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন ধান আহিব, সম্পত্তি বাঢ়িব, ব্যৱসায়িক দিশত অধিক লাভালাভ হ'ব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি চোৰ ,ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 


১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আৰ্থিক দিশট নাটনি হ'ব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনটো চিন্তিত কৰিব তুলিব পাৰে। 


১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ৰাজনৈতিক ব্যক্তি সকলে ৰাজনীতিৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপুনি ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 

 

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি  ফল আগবঢ়ালো।


         -: *জ্যোতিষী* :-


জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                " মা কামাখ্যা গেট " (নাৰ্চাৰী)

 গুৱাহাটী - ৯


Ph no -9101096481

Wp no - 9577136205

🙏🙏🙏🙏🙏🙏🙏

Horoscope in Assamese

বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ Social Media Journalism ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।আমাৰ ফেচবুক গ্ৰুপত আপোনালোকৰ দ্বাৰা প্ৰকাশ পোৱা নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।আমাৰ ফেচবুক গ্ৰুপৰ লিংক তলত দিয়া হল,ধন্যবাদ। ( Horoscope Today ) 


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup



No comments:

Post a Comment

Advertisement

Pages