১৯৫০ চনৰ ৮ এপ্ৰিলৰ দিনা দিল্লীত নেহেৰু লিয়াকৎ আলি চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৪৭ চনৰ ভাৰত পাকিস্তান বিভাজন হৈছিল ধৰ্মৰ নামত । ভাৰতবৰ্ষ সেয়ে জন্ম সূত্ৰে হিন্দু ৰাষ্ট্ৰ । পাকিস্তান মুছলমান ৰাষ্ট্ৰ হল।( Assamese Fact )
ভাৰতত থাকি যোৱা মুছলমান সকলে ইচ্ছা কৰিলে পাকিস্তানলৈ যাবলৈ সুবিধা দিয়া হল আনহাতে পাকিস্তানত থকা হিন্দু সকলক ভাৰতবৰ্ষলৈ আহিবলৈ দিয়া হব বুলি ঘোষণা হল । ভাৰতত থকাটোকে অধিক সংখ্যক মুছলমান লোকেi ঠিক কৰিলে। তেওঁলোকে হয়তো জানিছিল--
১) হিন্দু সকলে তেওঁলোকক একো হানি কৰিব নোৱাৰে কিয়নো হিন্দু সকলে মুছলমান সকলৰ দৰে ধৰ্মৰ নামত এক গোট হব নোৱাৰে।
২) হিন্দু সকলে মুছলমান সকলক মাৰিব বা অত্যাচাৰ কৰিব নোৱাৰে । কাৰণ হিন্দু সকলৰ বাবে "वसुधैव कुटुम्बकम " - গোটেই পৃথিবী খনেই এটা পৰিয়াল অৰ্থাৎ মুছলমান সকলো একে ঘৰৰে।
৩) তেওঁ লোকে ভাৰতত থাকি অতি সহজতে সংখ্যা লঘুৰ পৰা সংখ্যা গৰিষ্ঠ হৈ যাব পাৰিব।
কিন্তু বিভাজনৰ লগে লগে পাকিস্তানত থকা হিন্দু সকলৰ ওপৰত অত্যাচাৰ আৰম্ভ হল । জীয়ৰী বোৱাৰীক শোষণ ধৰ্ষণ আৰু ৰক্ষিতা কৰিলে। পুৰুষৰ ওপৰত অমানুষিক অত্যাচাৰ।
বহুত খিনি হিন্দু ভাৰতলৈ আহিল যদিও ব্যৱসায় বাণিজ্য থকা বহু লোকৰ হঠাতে এৰি আহিবলৈ অসুবিধা হোৱাত পাকিস্তানতে থাকি গল । কিন্তু হিন্দু সকলৰ ওপৰত অত্যাচাৰ কম নহৈ বাঢ়ি যাবলৈ ধৰিলে। বহুত লোক শৰনাৰ্থী হৈ ভাৰত সোমাল হি ।
এই পটভূমিতে ১৯৫০ চনত পাকিস্তানৰ প্ৰধান মন্ত্ৰী লিয়াকৎ আলি আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ মাজত চুক্তি স্বাক্ষৰিত হ'ল । চুক্তি অনুসৰি দুয়ো দেশতে সংখ্যা লঘু সুৰক্ষা বৰ্ড গঠন হল।
চুক্তি অনুসৰি যি সকল হিন্দু শৰনাৰ্থীৰ নিজৰ মাটি বাৰী সা সম্পত্তি মুছলমান সকলে লৈ লৈছিল বা জ্বলাই ধ্বংস কৰি দিছিল সেই সকলো বিলাক সম্পত্তি তেওঁলোকক ঘূৰাই দিব বা নতুনকৈ লবলৈ সুবিধা দিব। কিন্তু সেই কথা কোনো দিন নহল তাৰ সলনি হিন্দু সকলৰ ওপৰত মুছলমান সকল আৰু অত্যাচাৰী হিচাপে ঠিয় হল। ( Assamese Fact )
চুক্তিৰ লগতে লিয়াকৎ আলিয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ হতুৱাই লিখাই লৈছিল কেতিয়াবা যদি ভাৰতত থকা মুছলমান সকলৰ কিবা অসুবিধা হয় তেন্তে ভাৰত চৰকাৰে তাৰ দায়িত্ব লব লাগিব। ভাৰতৰ প্ৰধান মন্ত্ৰীকো লিয়াকৎ আলিয়ে অনুৰূপ এখন লিখি লবলৈ কোৱাত নেহেৰুৱে কৈছিল-- পাকিস্তান ত থকা হিন্দু সকলৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি সদায় অভিভাৱক হৈ থাকিব। অৰ্থাৎ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে পাকিস্তান চৰকাৰক তাত থকা হিন্দু সকলৰ অভিভাৱক হ'বলৈ নিদি দায়িত্বৰ পৰা আতৰাই দিলে ।
সেইবাবেই ভাৰত পাকিস্তান বিভাজনৰ সময়ত পাকিস্তানত হিন্দু আছিল ২৪% আৰু বৰ্তমান ১% ৰো কম । বহুত লোক শৰনাৰ্থী হৈ ভাৰতত সোমাল , কিছু সংখ্যক লোকক ধৰ্ম পৰিবৰ্তন কৰোৱা হল আৰু কিছু লোক অত্যাচাৰৰ বলি হল । সংখ্যা লঘু বৰ্ডও নিমাত আৰু পাকিস্তান চৰকাৰেও দেখিও নেদেখাৰ দৰে থাকি গল । বিভাজনৰ সময়ত পূৱ পাকিস্তানত ৩০% হিন্দু আছিল আৰু আজি ৭% ৰো কম ।
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক জৱাহৰলাল নেহৰুৱে পাকিস্তানৰ হিন্দু সকলৰ অভিভাৱক কৰি ৰাখিলে সেয়ে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু শৰনাৰ্থী সকলৰ ভাৰ ভাৰতবৰ্ষই লব লগা হৈছে। ইয়াৰ কোনো সময় সীমা নাছিল অৰ্থাৎ cut off date নাছিল । কিন্তু বৰ্তমানৰ নাগৰিকত্ব সংশোধনী আইনে এক সময় সীমা ধৰি দিলে - ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগতে যি সকল হিন্দু শৰণাৰ্থী ভাৰতলৈ আহিছে সেই সকলকহে ভাৰতত নাগৰিকত্ব দিয়া হব তাৰ পাচত আহিলে য'ৰ পৰা আহিছে তালৈ ঘূৰাই পঠোৱা হব।
এই নাগৰিকত্ব আইন হিন্দু শৰণাৰ্থীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব কিন্তু অবৈধ অনুপ্ৰবেশকাৰীক নাগৰিকত্ব দিয়াৰ কোনো ব্যৱস্থা ৰখা নাই।
এই চুক্তি ভাৰতৰ নাগৰিকৰ বাবেও নহয়। সেয়ে CAA আমি নামানো মানোৰ কথা আমাৰ দৰে ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।
নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ পেক্ষাপতত সেয়ে নেহেৰু লিয়াকৎ আলি চুক্তিৰ গুৰুত্ব আছে ।( Assamese Fact )
©জুলা শৰ্মা
অসম
No comments:
Post a Comment