হালধীয়া ৰংৰ পাথৰ কি দৰে পিন্ধিব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, April 9, 2023

হালধীয়া ৰংৰ পাথৰ কি দৰে পিন্ধিব লাগে : Assamese Fact

 

Assamese Fact


-যদি আপোনাৰ ৰাশিফলত এই গুৰুত্বপূৰ্ণ গ্ৰহটো দুৰ্বল হৈ গৈছে-আৰু যাৰ বাবে-আপুনি সমস্যাৰ সন্মুখীন হৈছে-তেন্তে জ্যোতিষৰ পৰামৰ্শ মতে-এই হালধীয়া ৰংৰ পাথৰটো পৰিধান কৰিব লাগে।( Assamese Fact )


-জ্যোতিষ শাস্ত্ৰত বহুতো মূল্যৱান শিলৰ বিষয়ে আলোচনা কৰা হয়।এই শিলবোৰ সাধাৰণতে-গ্ৰহৰ লগত জড়িত হৈ থাকে।যিয়ে-আমাৰ জীৱনত ভাল-বেয়া দুয়োটাকে প্ৰভাৱিত কৰে।আজি তেনে এটা শিলৰ বিষয়ে কৈছো-যাৰ নাম হৈছে- লেহচুনিয়া।ই এটা হালধীয়া শিল।মাটিৰ ৰংৰ দৰে-উজ্বল।ই এক ৰত্ন আৰু জ্যোতিষ শাস্ত্ৰত ইয়াক কেতু গ্ৰহৰ সৈতে সংগতি ৰখা দেখা যায়।


*কেতু গ্ৰহ ৰাশিফলত যেতিয়া দুৰ্বল হয়,তেতিয়া হালধীয়া পাথৰ পিন্ধিবলৈ কোৱা দেখা যায়।বজাৰত-হালধীয়া,বগা, সেউজীয়া বিভিন্ন ৰংৰ শিল পাব।কিন্তু কেতুৰ বেয়া প্ৰভাৱ দূৰ কৰিবলৈ-আপুনি হালধীয়া ৰংৰ পাথৰ পিন্ধিলে সুফল পাব।


-হালধীয়া ৰংৰ পাথৰৰ গুৰুত্ব ইয়াতেই শেষ হোৱা নাই।পণ্ডিত আৰু জ্যোতিষী বিশেষজ্ঞসকলৰ মতে-হালধীয়া ৰংৰ পাথৰ পিন্ধিবলৈ আপুনি প্ৰথমে পণ্ডিতৰ পৰামৰ্শ লব লাগে-কাৰণ-আপুনি এই পাথৰ বিনা কাৰণত কেতিয়াও পিন্ধিব নোঁৱাৰে।নহলে-ইয়াৰ আপোনাৰ ওপৰত ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব।( Assamese Fact )


*হালধীয়া ৰংৰ পাথৰ-শনিবাৰে যিকোনো সময়ত পিন্ধিব পাৰে।যদি বিশাখা নক্ষত্ৰ পৰি আছে-তেতিয়া কিন্তু মংগলবাৰে এই পাথৰ পিন্ধিব লাগে।এই পাথৰ পিন্ধিবলৈ আপুনি সন্ধিয়াৰ সময়খিনি নিৰ্বাচন কৰি লব।আৰু মনত ৰাখিব-এই পাথৰ পিন্ধাৰ পাছত-আপোনাৰ শৰীৰটো যাতে-পৰিষ্কাৰ হৈ থাকে।


*হালধীয়া পাথৰ কি দৰে পিন্ধিব লাগে!


-সদায় ৭,৮আৰু ১২ৰতি ষ্টোন পিন্ধিলে ভাল।ইয়াক শুভ বুলি গণ্য কৰা হয়।পণ্ডিতে কয়-যেতিয়া কেতু।ত্ৰিকোণ অৱস্থাত থাকে বা-

১,২,৪,৫,৭,৯,১০,ঘৰত থাকে-তেতিয়া হালধীয়া পাথৰ পিন্ধিবলৈ পৰামৰ্শ দিয়ে।কিন্তু ইয়াৰ বাবে-আপুনি প্ৰথমতে কুণ্ডলী পণ্ডিতক দেখুৱাই লব লাগে।


-হালধীয়া পাথৰৰ উপকাৰিতা-


*কেৱল কেতু দুৰ্বল হলৃই নহয়,কেতু অন্তৰ আৰু মহা দশাত থাকিলেও লেহচুনিয়া ৰত্ন পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়।


*যদি আপোনাৰ চকুৰ ক্ষতিৰ ভয় থাকে-তেতিয়াও আপুনি হালধীয়া পাথৰ পিন্ধিব পাৰে।আঙঠি বা ৰূপৰ লকেটত ভৰাই চেইনত পিন্ধিব পাৰে।


*এই পাথৰত শস্যও থকা দেখা যায়।গতিকে-এনেকুৱা এটা বাছি লওক-যিটোত ৪বা  তাতখৈ অধিক ফেচেট থাকে।


*ব্যৱসায়ত লোকচান যদি ভোগ কৰি থাকে-তেতিয়া জ্যোতিষিৰ পৰামৰ্শ অনুযায়ী ৰূপৰ আঙঠিত হালধীয়া পাথৰ পিন্ধিব লাগে।


*টপাজ,মুকুটা আৰু হীৰাৰ লগত কেতিয়াও লেহচুনিয়া ৰত্ন পিন্ধিব নালাগে।বহুতে হীৰাৰ আঙুঠিত হালধীয়া পাথৰ পিন্ধে।কিন্তু এয়া শুদ্ধ নহয়।(সংগ্ৰহিত)।

Assamese Fact )

No comments:

Post a Comment

Advertisement

Pages