গুৰুবাৰে ব্ৰত ৰখাজনে এনেদৰে কৰিব লাগে বৃহস্পতিদেৱৰ পূজা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 9, 2022

গুৰুবাৰে ব্ৰত ৰখাজনে এনেদৰে কৰিব লাগে বৃহস্পতিদেৱৰ পূজা : Religious Studies

Religious Studies


*হিন্দু পঞ্জীকা অনুসৰি-বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱতাসকলৰ গুৰু বৃহস্পতিদেৱৰ ওপৰত সমৰ্পিত।এইদিনা ব্ৰত ৰাখি পূজা কৰিলে-সকলো কষ্টৰপৰা মুক্তি পোৱা যায়।( Religious Studies )


*গুৰুবাৰৰ দিনা ভগৱান বিষ্ণুৰ উপাসনা কৰা হয়।এইদিনা বৃহস্পতিদেৱৰ ৰূপত ভগৱান বিষ্ণুৰ পূজা কৰা হয়।মান্যতা অনুসাৰে-গুৰুবাৰৰ দিনা ব্ৰত ৰাখি পূজা কৰিলে-শুভ ফল প্ৰাপ্তি হয়।ইয়াৰ লগতে-যদি কাৰোবাৰ বিবাহত কোনো ধৰণৰ বাধা আহিছে-তেতিয়া বৃহস্পতিদেৱৰ পূজা আৰু ব্ৰত কৰিলে লাভ পোৱা যায়।বৃহস্পতিদেৱক বুদ্ধিৰ কাৰণ মনা হয়।ইয়াৰ বাহিৰেও-গুৰুবাৰৰ দিনা কল গছৰ পূজা কৰাটো শুভ মনা হয়।


*গুৰুবাৰৰ ব্ৰতৰ পূজাৰ বিধি- গুৰুবাৰৰ দিনা-সূৰ্য্যদয় আগে-উঠি সকলো কামৰ পৰা নিবিত্তি হৈ-স্থান কৰি-হালধীয়া ৰংৰ বস্ত্ৰ ধাৰণ কৰিব লাগে।ইয়াৰ পাছত ভগৱান বিষ্ণুৰ ধ্যান কৰি-ব্ৰতৰ সংকল্প লব লাগে।ইয়াৰ পাছত বৃহস্পতিদেৱৰ বিধি-বিধানেৰে পূজা কৰিব লাগে।তেওঁক হালধীয়া ফুল-হালধীয়া চন্দনৰ লগতে হালধীয়া ৰংৰ ভোগ লগাব লাগে।


আপুনি বিচাৰিলে-ভোগত চানা দালি গুড় লব পাৰে।ইয়াৰ পাছত-ধুপ-দীপ আদি জ্বলাই বৃহস্পতিদেৱৰ ব্ৰত কথাৰ পাঠ কৰিব লাগে।ইয়াৰ পাছত বিধি-বিধানেৰে আৰতি কৰি ভুল-ভ্ৰান্তিৰ বাবে ক্ষমা খুজিব লাগে আৰু কলৰ গুড়িত জল অৰ্পণ কৰি-ভোগ আদি দিব লাগে।তাৰপাছত দিনটো-ফলাহাৰে থাকি-সন্ধ্যা সময়ত হালধীয়া ৰংৰ ভোজন গ্ৰহণ কৰিব লাগে।( Religious Studies )


চাই বাবাৰ-ব্ৰত-পূজা বিধি-


গুৰুবাৰৰ দিনা-পুৱা স্নান আদি কৰাৰ পাছত-শুদ্ধ বস্ত্ৰ ধাৰণ কৰি-ঘৰৰ পূজা স্থলীলে গৈ ব্ৰত আৰু পূজাৰ সংকল্প লব লাগে।তাৰপাছত পূজা ঠাইত চাই বাবাৰ মূৰ্তি বা ফটো স্থাপিত কৰি গংগা জলেৰে স্নান কৰাই-বস্ত্ৰ-পুষ্প- ফল-আদি অৰ্পণ কৰিব লাগে।এতিয়া চাই বাবাৰ সন্মুখত শুদ্ধ ঘীউৰ দীপক জ্বলাব লাগে আৰু প্ৰসাদত হালধীয়া ৰংৰ মিঠাই অৰ্পণ কৰিব লাগে। এতিয়া-ঔম চাই দেৱায়ে নমাহ"মন্ত্ৰটিৰ ১০৮বাৰ জাপ কৰিব লাগে।চাই বাবাৰ কথা পঢ়িব বা শুনিব লাগে।অন্তত আৰতি কৰি প্ৰসাদ বিতৰণ কৰিব লাগে।চাই বাবাৰ পালেং শাক আৰু খিচিৰি বহুত প্ৰিয় হয়।সেইবাবে-এয়া প্ৰসাদ ৰূপে অৰ্পণ কৰিব পাৰে।পূজাত অৰ্পণ কৰাৰ উপৰিও-খিচিৰি দৰিদ্ৰলোকৰ মাজত বিতৰণ কৰিব পাৰে।


চাই বাবাৰ ব্ৰতৰ বিধি-

*চাই বাবাৰ ৯টা দিন পূজা কৰাৰ পাছত-পূজনত হোৱা অজানিতে হোৱা দোষবোৰৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিব লাগে।ইয়াৰ পাচত ব্ৰত ভাঙিব লাগে।ব্ৰত ভঙাৰ দিনা-পাঁচজন অহসায় লোকক ভোজন কৰায় সামৰ্থ অনুসাৰে দান কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages