বুধবাৰে কৰা উপায়সমূহ : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 7, 2022

বুধবাৰে কৰা উপায়সমূহ : Religious Studies

Religious Studies


 বুধবাৰে কৰা উপায় সমূহ -যদি ভগৱান গণেশৰ-কৃপা পাব বিচাৰে-তেন্তে বুধবাৰৰ দিনা কৰিব লাগে-এইসমূহ উপায়।( Religious Studies )


*কোনো ব্যক্তিৰ জীৱনলৈ অহা সমস্যাবোৰৰ পৰা মুক্তি পাবলে-বুধবাৰৰ দিনা-ভগৱান শ্ৰী গণেশৰ পূজাৰ লগতে-কিছু বিশেষ উপায়ো কৰিব লাগে।


*বুধবাৰৰ দিনটো-প্ৰথম পূজনীয় ভগৱান শ্ৰী গণেশৰ ওপৰত সমৰ্পিত।আৰু এই দিনা বিধি-বিধানেৰে গণপতিৰ পূজা কৰা হয়।কোৱা হয় যে-কোনো শুভ বা মাংগলিক কাৰ্য্যৰ আগে-যদি গণপতিৰ পূজা কৰা হয়-তেন্তে কাৰ্য্য সিদ্ধি হয়।ইয়াৰ বাহিৰেও কোনো ব্যক্তিৰ জীৱনত সংকটৰ সন্মুখীন হৈ আছে-তেন্তে বুধবাৰৰ দিনা সেইজনে বিশেষ উপায় অৱলম্বন কৰিব লাগে।মান্যতা অনুসাৰে-এই উপায়ৰ দ্বাৰা আপোনাৰ জীৱনত সফলতা অৰ্জন হব।


*বুধবাৰৰ দিনা কৰা উপায় সমূহ-


*বুধবাৰৰ দিনা-ভগৱান শ্ৰী গণেশক পূজা কৰাৰ সময়ত-তেওঁক গুড়ৰ ভোগ দিব লাগে।লগতে মাতা লক্ষ্মীৰ পূজন কৰিব লাগে।এনে কৰিলে-মনুষ্যৰ কেতিয়াও ধন-ধানৰ অভাৱ নহয়।( Religious Studies )


*ভগৱান শ্ৰী গণেশৰ দুৱৰি বন অতি প্ৰিয় হয়।সেইবাবে-তেওঁৰ পূজন কৰাৰ সময়ত-২১ডাল দুৱৰি বন অৰ্পণ কৰিব লাগে।কোৱা হয় যে-দুৱৰি বন অৰ্পণ কৰিলে-গণপতি প্ৰসন্ন হয় আৰু সকলো মনৰকামনা পূৰ্ণ কৰে।


*হিন্দু ধৰ্মত পূজা কৰাৰ সময়ত ভগৱানক তিলক লগোৱা হয়।কোৱা হয় যে-বুধবাৰৰ দিনা ভগৱান শ্ৰী গণেশৰ মস্তকত সেন্দূৰৰ তিলক লগোৱা হয়,আকৌ সেই তিলক নিজৰ কপাঠলত লগালে-মনুষ্যৰ সকলো ধৰণৰ সমস্যাৰ পৰা মুক্তি প্ৰাপ্ত হয়।


*যদি কোনো ব্যক্তি আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে-তেন্তে বুধবাৰৰ দিনা-গৰুক সেউজীয়া ঘাঁহ খুৱাব লাগে।ইয়াৰ দ্বাৰা আৰ্থিক সংকটৰ পৰা মুক্তি পোৱা যায়।


*জ্যোতিষ শাস্ত্ৰ অনুসাৰে-কোনো ব্যক্তিৰ কুণ্ডলীত-বুধ দুৰ্বল হলে-বুধবাৰৰ দিনা নিজৰ কনিষ্ঠ আঙুলিত পন্না ধাৰণ কৰিব লাগে।এনে কৰিলে কুণ্ডলীত থকা বুধ গ্ৰহৰ দোষৰ পৰা মুক্তি পোৱা যাব।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages