মাতা বৈষ্ণ দেৱীৰ কথা : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 3, 2022

মাতা বৈষ্ণ দেৱীৰ কথা : Religious Studies

Religious Studies


হিন্দু পৌৰাণিক মান্যতা অনুসাৰে-জগতত ধৰ্মৰ হানি হোৱাত আৰু অৰ্ধমৰ শক্তি বৃদ্ধি হোৱাত-আদিশক্তিয়ে- সত-ৰজ-আৰু তম,এই তিনি স্বৰূপ- মহাসৰস্বতী ,মহালক্ষ্মী, আৰু মহাদূৰ্গাই নিজৰ সামুহিক বলৰ দ্বাৰা ধৰ্মৰ ৰক্ষাৰ বাবে-এগৰাকী কন্যাৰ সৃষ্টি কৰিলে।এই কন্যা তেত্ৰাযুগত ভাৰতৰ দক্ষিণ সমুদ্ৰৰ ৰামেশ্বৰত পণ্ডিত ৰত্নাকৰৰ পুত্ৰী ৰূপে-অবতাৰিত হল।( Religious Studies)


*বহু বছৰৰ পৰা সন্তানহীন ৰত্নাকৰে-কন্যাক ত্ৰিকুটা নাম দিলে।কিন্তু ভগৱান বিষ্ণুৰ অংশৰ ৰূপত সৃষ্টি হোৱাৰ বাবে-বৈষ্ণৱী নামেৰে বিখ্যাত হল।প্ৰায়-৯বছৰ হোৱাত-সেই কন্যাই যেতিয়া-বুজিলে-ভগৱান বিষ্ণুৱে এই পৃথিৱীত ভগৱান শ্ৰী ৰামৰ ৰূপত অৱতাৰ লৈছে।তেতিয়া-তেওঁ ভগৱান শ্ৰী ৰামক স্বামী ৰূপে বৰণ কৰি-তেওঁক পাবলৈ কঠোৰ তপস্যা কৰিবলৈ ধৰিলে।


*যেতিয়া শ্ৰী ৰামে-সীতা হৰণৰ পাছত,সীতাক বিচাৰি ৰামেশ্বৰ পালেগৈ,তেতিয়া সমুদ্ৰৰ পাৰত ধ্যানমগ্ন সেই কন্যাক দেখা পালে।তেতিয়া সেই কন্যাই ভগৱান শ্ৰী ৰামক-পত্নী ৰূপে স্বীকাৰ কৰিবলৈ কলে।ভগৱান শ্ৰী ৰামে-কন্যাৰ কথা শুনি কলে-তেওঁ এই জনমত সীতা দেৱীক বিবাহ কৰাই-এক পতিব্ৰতৰ প্ৰতিজ্ঞা ললে।


*কিন্তু কলিযুগত মই কল্কি অৱতাৰ লম।আৰু তেতিয়া মই তোমাক পত্নী ৰূপে স্বীকাৰ কৰিম।সেই সময়লৈকে-তুমি হিমালয়ত স্থিত ত্ৰিকুট  পৰ্ৱতৰ শ্ৰেণীলৈ গৈ তপস্যা কৰা আৰু ভক্তসকলৰ দুখ-কষ্টক নাশ কৰি জগতৰ কল্যাণ কৰি যোৱা।যেতিয়া-শ্ৰী ৰামে ৰাৱণৰ বিৰুদ্ধে বিজয় প্ৰাপ্ত কৰিলে-তেতিয়া সেই কন্যাই নৱৰাত্ৰি পালন কৰাৰ নিৰ্ণয় ললে।( Religious Studies )



*সেইবাবে উক্ত সন্দৰ্ভত-ভক্তসকলে-নৱৰাতিৰ ৯টা দিনত-ৰামায়ণৰ পাঠ কৰে।প্ৰভূ শ্ৰী ৰামে কথা দিছিঠল যে-সমস্তু সংসাৰৰ দ্বাৰা মা বৈষ্ণ দেৱীৰ স্ততি কৰা হব।ত্ৰিকুটা-বৈষ্ণ দেৱী ৰূপত প্ৰসিদ্ধ হব আৰু সদায় বাবে অমৰ হৈ থাকিব।


*আদিশক্তি মা জগত জননীৰ বহু স্বৰূপ আছে।যেতিয়াই পৃথিৱীত অৰ্ধম বৃদ্ধি হয়,ধৰ্মৰ হানি হয়,তেতিয়াই এই পৃথিৱীত ঈশ্বৰীয় শক্তিৰ জন্ম হয়।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages