শনি গ্ৰহক এইকেইটা উপায়েৰে শক্তিশালী কৰি ৰাখিব পাৰে : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 2, 2022

শনি গ্ৰহক এইকেইটা উপায়েৰে শক্তিশালী কৰি ৰাখিব পাৰে : Religious Studies

Religious Studies


জোতিষ শাস্ত্ৰত কোৱা হয় যে-শনি যাৰ ওপৰত প্ৰসন্ন হয়-অৰ্থাৎ যাৰ শনি গ্ৰহ শক্তিশালী স্থিতিত থাকে-সেইজন ৰজা হব পাৰে।( Religious Studies )


শনি বেয়া হলে ৰজায়ো প্ৰজা হয় যায়।শনি শক্তিশালী হলে-লোহা-মেচিনৰ কাৰখানাৰ লগত জড়িত ব্যৱসায়ত বহুতো উন্নতি হয়।কৰ্ট-কেচত বিজয় হয়।কায্যত সফলতা প্ৰাপ্ত হয়।সাংসাৰিক সমস্যাৰ পৰা মুক্তি পোৱা যায়।শনিক ন্যায়ৰ প্ৰতীক মনা হয়।যদি শনি শক্তিশালী হয়-তেন্তে আপোনাৰ লগত অন্যায় হব নোঁৱাৰে।যেতিয়া শনি বেয়া হয়-তেতিয়া ডাঙৰতকে ডাঙৰ কষ্টৰ সন্মুখীন কৰিবলগীয়া হয়।


শনিগ্ৰহক শক্তিশালী কৰাৰ উপায়-


১)যদি ব্যক্তিৰ শনিগ্ৰহ দুৰ্বল হয়-তেতিয়া ব্যক্তিয়ে-১৯টা শনিবাৰ ব্ৰত কৰিব লাগে।অধিকতম-৫১টা শনিবাৰ ব্ৰত ৰাখিব পাৰে।ইয়াৰ দ্ধাৰা শনিগ্ৰহ শক্তিশালী হয়।


২/শনিবাৰে ক'লা কাপোৰ পিন্ধি-ঔম প্ৰাং প্ৰীং শনিয়ে নমাহঃ-মন্ত্ৰটিৰ জাপ ৫মালা কৰিব লাগে।বা ১১ বা ১৯মালাও কৰিব পাৰে।ইয়াৰ দ্বাৰা শনিগ্ৰহ শক্তিশালী হয়।


৩/শনিবাৰে এটা পাত্ৰত জল,গাখীৰ,চেনী,ক'লা তিল,আৰু গংগাজল ভৰাই লব লাগে।মন্ত্ৰ জাপ কৰাৰ পাছত পশ্চিম দিশৰ ফালে মুখ কৰি আহঁতৰ গছৰ গুৰিত সেই জল অৰ্পণ কৰিব লাগে।এনে কৰিলেও শনিগ্ৰহ শক্তিশালী হয়।


৪/শনিবাৰৰ দিনা-মাটি দালিৰে তৈয়াৰী বস্তু খাব লাগে।সৰিয়হৰ তেলত বনোৱা খাদ্য খাব লাগে।ইয়াৰ দ্বাৰাও শনিগ্ৰহ শক্তিশালী হয়।( Religious Studies )



৫/শনিবাৰৰ দিনা ফলৰ ভিতৰত কল সেৱন কৰিব পাৰে।ইয়াৰ দ্বাৰাও সহায় পোৱা যায়।


৬/শনিগ্ৰহক প্ৰবল কৰিবৰ বাবে-কম্বল,জোতা,চেণ্ডেল,লোহা,ক'লা কাপোৰ,নাৰিকল-বাকলিৰ সৈতে দান কৰিব লাগে।শনিবাৰে-সৰিয়হৰ তেল,ম'হ আৰু ক'লা গৰু দান কৰাটো উপযোগী হয়।


৭/যি ব্যক্তিৰ শনি দুৰ্বল হয়-সেই ব্যক্তিয়ে নীলম পিন্ধিব লাগে।ইয়াৰ বাবে জ্যোতিষচায্যৰ সহায় লব লাগে।


৮/যদি ব্যক্তিৰ বাবে নীলম সম্ভৱ নহয়-তেতিয়া শনিগ্ৰহৰ উপৰত্ন-জমুনীয়া নীলি,ক'লা অকীক,লাজবৰ্তও পিন্ধিব পাৰে।এয়াও শনিগ্ৰহক শক্তিশালী কৰে।


৯/আন মহিলাৰ লগত সম্বন্ধ ৰাখিব নালাগে।অহংকাৰ কৰিব নালাগে।দৰিদ্ৰ আৰু অহসায় লোকৰ সহায়তা কৰিব লাগে।চাফ-চিকুণ কৰা সকলৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে।ইয়াৰ দ্বাৰাও শনিগ্ৰহ শক্তিশালী হয়।


১০)শনিগ্ৰহক শক্তিশালী কৰিবলৈ-শনিদেৱ,বীৰ হনুমান আৰু মহাদেৱৰ আৰাধনা কৰিব লাগে।মহামৃত্যুঞ্জয় মন্ত্ৰ জাপ কৰিলেও-শনিগ্ৰহৰ বেয়া স্থিতি ঠিক হয়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages