ঘৰৰ পৰা যোৱাৰ আগতে কৰিব লাগে ‌এই কাৰ্য্য : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 6, 2022

ঘৰৰ পৰা যোৱাৰ আগতে কৰিব লাগে ‌এই কাৰ্য্য : Religious Studies

Religious Studies


যাৰ কুণ্ডলীত সূৰ্য্য দুৰ্বল অৱস্থাত থাকে-সেইজনে সমাজত সন্মান নাপায়।এনেলোকৰ নিজৰ পিতৃৰ লগতে-ঘৰৰ লোকসকলৰ ভাজতো সম্বন্ধ ভাল নহয়।( Religious Studies )


এনেলোক স্বাৰ্থপৰ হয় আৰু সদায়ে অকল নিজৰ কথা কে ভাৱে।ইয়াৰ লগতে-এনেলোকৰ নিজৰ ভিতৰত আত্মবিশ্বাসো কম হয়।নিজৰ বহু কথাতে লৈ নিজৰ মাজতে ভয় থাকে।আৰু সূৰ্য্য দুৰ্বল হলে-জাতকৰ হৃদয়ৰ লগত জড়িত ৰোগ হয়।


কুণ্ডলীত সূৰ্য্যৰ স্থিতিক শক্তিশালী কৰিবলৈ-সদায়ে পুৱা স্নান কৰাৰ পাছত-তামৰ পাত্ৰত গংগাজল লৈ-ৰৌলী-চন্দন,ৰঙা পুষ্প আৰু চাউল মিহলাই ভগৱান সূৰ্য্যক জল অৰ্পণ কৰিব লাগে।এনে কৰিলে-আপোনাৰ সমাজত সন্মান প্ৰাপ্ত হব।আপোনাৰ আত্মবিশ্বাস শক্তিশালী হব আৰু আপুনি প্ৰথম পৰা শক্তিশালী হব-আপোনাৰ কথা ৰাখিব পাৰিব।


এইদিনা কৰিব লাগে-উপবাস-

ৰবিবাৰৰ দিনা উপবাস থকাৰ লগতে-ৰবিবাৰৰ দিনা সূৰ্য্যদেৱৰ মন্ত্ৰৰ জাপ কৰিব লাগে।ৰবিবাৰৰ দিনা-উপবাস কৰা সকলে-নিমখ আৰু অন্ন গ্ৰহণ কৰিব নালাগে।ফল গ্ৰহণ কৰি-এই ব্ৰত সম্পূৰ্ণ কৰিব লাগে।আবেলি পৰত-ফলৰ লগত নিমখ গ্ৰহণ কৰিব পাৰে।( Religious Studies )


এই দেৱতাসকলৰ কৰিব লাগে-পূজা-

সদায়ে পুৱা-স্নান কৰাৰ পাছত-ভগৱান বিষ্ণুৰ সকলো অৱতাৰৰে পূজা কৰিব লাগে আৰু ধ্যান কৰিব লাগে।এনে কৰিলে-আপোনাৰ কুণ্ডলীত সূৰ্য্যৰ স্থিতিত শক্তশালী হয় আৰু ভগৱান শ্ৰী হৰি প্ৰসন্ন হয়।সূৰ্য্য দেৱক প্ৰসন্ন কৰিলে-আপোনাৰ সকলো কাৰ্য্য বাধা নোহোৱাকে পূৰ্ণ হব।


ৰবিবাৰৰ দিনা কৰিব লাগে-

ৰবিবাৰৰ দিনা-ৰঙা আৰু কেশৰ ৰংৰ বস্ত্ৰ পৰিধান কৰিব লাগে।এনে কৰিলে সূৰ্য্যদেৱ প্ৰসন্ন হয় আৰু আপোনাৰ ঘৰত মান-সন্মান, ধন-বৈভৱ বৃদ্ধি হয়।ইয়াৰ লগতে-ৰবিবাৰৰ দিনা-ঘেঁহু,গুড়,ৰঙা পুষ্প দান কৰিব লাগে।ইয়াৰ দ্বাৰা-আপোনাৰ ঘৰলৈ সুখ-সমৃদ্ধি আহে।


ঘৰৰ পৰা যোৱাৰ আগতে-কৰিব লাগে-এই কাৰ্য্য-

প্ৰতিদিন পুৱা-ঘৰৰ পৰা যোৱা আগতে-আপুনি পিতৃ-মাতৃৰ ভৰিত ধৰি সেৱা-জনাই,আৰ্শীবাদ লৈ যাব লাগে।মহিলাসকলে নিজৰ স্বামীৰ সন্মান কৰিব লাগে-আৰু স্বামীয়েও-পত্নীৰ মান সন্মান কৰিব লাগে।আৰু আনৰ লগতো- আপুনি  সদায়ে-ভাল ব্যৱহাৰ কৰিব লাগে।ইয়াৰ লগতে-সদায়ে-আদিত্য হৃদয় সুত্ৰৰ পাঠ কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages