পুহ মাহ অশুভ আৰু বৰ্জনীয় নহয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 13, 2022

পুহ মাহ অশুভ আৰু বৰ্জনীয় নহয় : Religious Studies

Religious Studies

সাধাৰণতে কোৱা শুনা যায় পুহ মাহটো ভাল নহয়।

পুহ মাহত কোনো শুভ কাম কৰিব নাপায়। কিন্তু প্ৰকৃততে পুহ মাহ বৈদিক জ্যোতিষ মতে ভাল মাহ বুলি ধৰা হয় । পুষ্য নক্ষত্ৰৰ পৰা পুহ মাহৰ হৈছে।   Religious Studies )


পুষ্য নক্ষত্ৰৰ অধিষ্ঠিত দেৱতা গুৰু বৃহস্পতি আৰু স্বামী  গ্ৰহ হৈছে শণি।  বৃহস্পতি ঐশ্বৰ্য্য বৈভৱ, গুণ জ্ঞান, মান যশ দাতা । সেইদৰে শণিয়ে ন্যায় দিয়ে আৰু স্থায়িত্ব প্ৰদান কৰে । গতিকে পুষ্য নক্ষত্ৰ বা পুহ মাহ কেনেকৈ বেয়া  হব পাৰে ?


বৈদিক জ্যোতিষৰ মতে ২৭ টা নক্ষত্ৰ আছে আৰু ইয়াৰ মাজৰ ১০টা নক্ষত্ৰত বিবাহৰ বাবে শুভ যোগ নিমিলে । পুষ্য নক্ষত্ৰ এই দহটা বিবাহ হব নোৱাৰা নক্ষত্ৰৰ ভিতৰত পৰে । সেয়ে পুহ মাহত কেৱল  বিবাহ নহয় বাকী সকলো শুভ কাম হয় । 


বৈদিক জ্যোতিষৰ মতে পুহ মাহ অতি পবিত্ৰ মাহ । এই মাহত ধ্যান, জপ আৰু দেৱী দেৱতাৰ পূজা কৰিবৰ বাবে অতি শুভ মাহ । এই মাহক সিদ্ধি মাহ বুলিও কোৱা হয়। 


পুহ মাহত মহালক্ষ্মীৰ বসতি মাহ বুলি কোৱা হয়। সেয়ে ধান শস্যৰে ঘৰৰ ভঁৰাল ভৰি যায়। এই মাহত লক্ষ্মী দেৱীৰ আৰাধনা কৰিলে বা জপ-ধ্যান  কৰিলে ঘৰত লক্ষ্মীৰ বসতি হয় । 


প্ৰতিটো মাহত যিদৰে শুভ মূহুৰ্ত থাকে সেইদৰে কেইটামান অশুভ দিনত থাকে । পুহ মাহৰ বুধবাৰ আৰু শুক্ৰবাৰে কোনো নতুন কাম আৰম্ভ কৰিব নালাগে।  

 

পুহ মাহত অষ্ট লক্ষ্মীৰ আৰাধনা 

 

১) আদি লক্ষ্মী--


আদি লক্ষ্মী বা মহা লক্ষ্মী হল দেৱী লক্ষ্মীৰ আদি ৰূপ। এই দেৱী সুখ ভোগ,   ধন সম্পত্তি অধিষ্ঠাত্ৰী। 


মন্ত্র-

সুমনোবন্দিতসুন্দৰি মাধবি চন্দ্রসহোদৰি হেমময়ি

মুনিগণকাঙ্ক্ষিত মোক্ষপ্রদায়িনি মঞ্জুলভাষিণি বেদনুতে ।

পঙ্কজবাসিনি দেবসুপূজিতে সদ্গুণবর্ষিণি শান্তিয়ুতে

জয় জয় হে মধুসূদনকামিনি আদিলক্ষ্মি পৰিপালয় মাম্ ॥


২) ধন লক্ষী--


এই দেৱী ধন সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী।  এই দেৱীৰ ছটা হাত । ৰঙা শাৰী পৰিহিত এই দেৱীয়ে সকলো আৰ্থিক সমস্যা দূৰ কৰে।


মন্ত্র-

অয়ি কলিকল্মষনাশিনি কামিনি বৈদিকৰূপিণি বেদময়ি

ক্ষীৰসমুদ্ভবমঙ্গলৰূপিণি মন্ত্রনিবাসিনি মন্ত্রনুতে ।

মঙ্গলদায়িনি অম্বুজবাসিনি দেবগণাশ্রিতপাদয়ুগে

জয় জয় হে মধুসূদনকামিনি ধান্যলক্ষ্মি পৰিপালয় মাম্ ॥


৩) ধন্য লক্ষ্মী--


এই দেবী খাদ্যশস্যৰ  প্রতীক। দেবীৰ এহাতত  শস্যৰ  সম্ভাৰ থাকে । এই  দেবীয়ে শস্যেৰ ৰঙৰ কাপোৰ পৰিধান কৰে। এই দেৱীৰ পৰা ভঁৰালৰ ধান আৰু খাদ্য সামগ্ৰী পোৱা হয়।  Religious Studies )


মন্ত্র-

ধিমিধিমি ধিন্ধিমিদুন্দু মদুমদুমদুন্দুভিনাদবিনোদৰতে

বম্বম্বোং বম্বম্বোং প্রণবোচ্চাৰশঙ্খনিনাদয়ুতে ।

বেদ পুৰাণ স্মৃতি গণদর্শিত সত্পদসজ্জন শুভফলদে

জয় জয় হে মধুসূদনকামিনি ধনলক্ষ্মি পৰিপালয় মাম্ ॥


৪) ধৈৰ্য্য লক্ষ্মী--


এই দেৱী আৰাধনা কৰিলে ধৈৰ্য্য বৃদ্ধি হয় আৰু মানসিক শক্তি বৃদ্ধি কৰে। 


মন্ত্র-

জয় বৰবর্ণিনি বৈষ্ণবি ভার্গবি মন্ত্রস্বৰূপিণি মন্ত্রময়ি

সুৰগণবিনুতে অতিশয়ফলদে জ্ঞানবিকাসিনি শাস্ত্রনুতে ।

ভবভয়হাৰিণি পাপবিমোচিনি সাধুসমাশ্রিতপাদয়ুগে

জয় জয় হে মধুসূদনকামিনি ধৈর্যলক্ষ্মি পৰিপালয় মাম্ ॥

Religious Studies


৫) গজ লক্ষ্মী--


গজ মানে হাতি। এই দেবী হাতিৰ অধিষ্ঠাত্ৰী নহয় কিন্তু এই দেৱীৰ কেউদিশে হাতী থাকে ।  ৰাজকীয় ধন সম্পদৰ  প্রতীক এই দেবী। কথিত আছে সমুদ্র মন্থন কালত ভগবান ইন্দ্রর হেৰাই যোৱা ধন সম্পদ এই দেৱীয়ে ঘূৰাই আনিছিল। 


মন্ত্র-

জয় জয় দুর্গতিনাশিনি কামিনি বহুদে শুভকলহংসগতে

ৰথ গজতুৰ গপদাদিসমাবৃত পৰিজনমণ্ডিতৰাজনুতে ।

সুৰবৰ ধনপতি পদ্মজসেবিত তাপনিবাৰকপাদয়ুগে

জয় জয় হে মধুসূদনকামিনি গজলক্ষ্মি পৰি পালয় মাম্ ॥


৬) সন্তান লক্ষ্মী--


এই দেৱী সন্তান প্ৰাপ্তিৰ বাবে আৰু সন্তানৰ সুখৰ বাবে আৰাধনা কৰা হয়। 


মন্ত্র-

অয়ি খগবাহে মোহিনি চক্রিণি ৰাগবিবর্ধিনি সন্মতিদে

গুণগণবাৰিধে লোকহিতৈষিণি নাৰদতুম্বুৰুগাননুতে ।

সকল সুৰাসুৰ দেবমুনীশ্বৰ ভূসুৰবন্দিত পাদয়ুগে

জয় জয় হে মধুসূদনকামিনি সন্তানলক্ষ্মি পৰিপালয় মাম্ ॥


৭) বিজয় লক্ষ্মী –


এই দেৱী সকলো ক্ষেত্ৰতে বিজয়ৰ প্রতীক স্বৰূপ। কোনো সমস্যাৰ পৰা মুক্তি পাবলৈ হলে আৰু কোনো বিষয়ত সাফল্য পাবৰ বাবে এই দেৱী আৰাধনা কৰা হয়। 


মন্ত্র-

কমলনিবাসিনি সদ্গতিদায়িনি বিজ্ঞানবিকাসিনি কামময়ি

অনুদিনমর্চিত কুঙ্কুমভাসুৰভূষণশোভি সুগাত্রয়ুতে ।

সুৰমুনি সংস্তুত বৈভবৰাজিত দীনজানাশ্রিত মান্যপদে

জয় জয় হে মধুসূদনকামিনি বিজয়লক্ষ্মি পৰিপালয় মাম্ ॥


৮) বিদ্যা লক্ষ্মী--


 বিদ্যাৰ প্রতীক এই দেবী। মা সৰস্বতীৰ দৰে এই দেৱীও পদুম ফুলৰ ওপৰত বহি থাকে । 


মন্ত্র-

প্রানাথ সুৰেশ্বৰী, ভর্তি, ভার্গ্যাভি

শোক বিনাশিনী, ৰাথনা মায়ে,

মানি মায়া ভূষিতা কর্মা বিভূষণা,

সান্থি সমাভৰুথ হাস্যমুখে,

নাভা নিধি দায়িনী কালিমালা হাৰিণী,

কামিঠা ফালাপৰাধ হাস্থায়উঠে,

জয় জয় হে মধুসূধন কামিনী

বিদ্যালক্ষ্মী সাদা পালায়া মাম।



জুলা শৰ্মা

নতুন দিল্লী


Assamese article

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় লেখিকা জুলা শৰ্ম ডাঙৰীয়াণীৰ(যোগাযোগ - ৯৮৯৯৬৪৩৫৫৮)।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages