এদিন হয়তো অসমীয়া সংস্কৃতি হেৰায় যাব : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, December 9, 2022

এদিন হয়তো অসমীয়া সংস্কৃতি হেৰায় যাব : Assamese Viral Post

Assamese Viral Post


#অপ্ৰিয়_হলেও_সত্য


      #এদিন_হয়তো_অসমীয়া_বিয়া_হেৰায়_যাব


#কথাখিনি_সকলোৱে_যোগাত্মভাবে_বিবেচনা_কৰি_চাই_তাৰেই_অনুৰোধ_জনালো🙏


      দাক্ষিণাত্যত , পাঞ্জাব ইত্যাদি ঠাইৰ কইনা এগৰাকী দেখিলেই বুজিব পাৰি যে কইনা গৰাকী কোন ঠাইৰ ।( Assamese Viral Post )


      কিন্তু আজি কালি কিছুমান অসমীয়া কইনাক অসমীয়া কইনা যেন নালাগেই চোন। অলংকাৰ, কাপোৰ-কানি আদিকে ধৰি কোনো ফালৰ পৰাই চোন ধৰিব নোৱাৰি তেওঁ যে অসমীয়া কইনা ।


       .......... আ-অলংকাৰ , কাপোৰ কানিৰ উপৰিও বিয়াৰ নীতি-নিয়ম বোৰও যাৰ যেনেকৈ ইচ্ছা তেনেকৈয়ে সলায় লব ধৰিছে চোন। 


        ..........হয় বিয়াৰ সকলো নিয়ম মইও নাজানো বাৰু। কিন্তু অন্তত এই সামান্য কথা খিনি ডাঙৰ সকলক দেখি শুনি শিকিছো যে ষ্টাৰ প্লাছত দেখালেয়ে বুলি যে নিজৰ সংস্কৃতিক উলংঘা কৰি হোমৰ গুৰিত বহোতে অসমীয়া কইনা জনীয়ে ৰঙা চূৰ্নি/ৰিহাখন মূৰত লব নালাগে , পাঞ্জাবী কইনাৰ দৰে কইনাৰ ভায়েক কেইজন মানে ডাঙি অনা ফুলৰ মালাৰে সজোৱা পাল্কীৰ তলত খোজকাঢ়ি অসমীয়া কইনা হোমৰ গুৰিলৈ নাহে , "মেহেন্দি" বুলি কোনো অনুষ্ঠান অসমীয়া বিয়াত নাই ইত্যাদি ইত্যাদি ।


       "অসমীয়া দৰা-কইনাই" যে হোমৰ চাৰিওফালে সাতপাক নুঘুৰে, তাৰ সলনি অসমীয়া কইনাই ভৰিৰ বুঢ়া আঙুলিৰ ফাকত শিলগুটি (খিলি) লৈ সাত পাত পাণ এখনৰ পাছত ইখন ঠেলি দিয়ে সেই কথাটো আজিৰ পৰা কেইদিনমান আগতে এগৰাকী আদবয়সীয়া মানুহক বুজায় সৈমান কৰাওতে মোৰ তিনি দিন মান লাগিছিল । ( Assamese Viral Post )


         দাক্ষিণাত্যকে আদি কৰি আন ঠাইৰ মানুহবোৰে নিজৰ নীতি-নিয়ম সমুহক সুন্দৰ ভাবে উপস্থাপন কৰে বাবে আমিও চাই ভালপাও । কিন্তু সেই বুলিয়ে আমি নিজৰ খিনি বিসৰ্জন দি তেওঁলোকৰ নীতি-নিয়ম আমাৰ বিয়া আদিৰ দৰে ইমান গুৰুত্বপূৰ্ণ সামাজিক অনুষ্ঠান  এটাত অন্তৰ্ভুক্ত কৰাতো উচিত হব নে?????? তেওঁলোকে জানো কৰিব আমাৰ নীতি-নিয়ম তেওঁলোকৰ অনুষ্ঠানত অন্তৰ্ভুক্ত ?????????????


       ........এইক্ষেত্ৰত কিন্তু ঘৰৰ ডাঙৰ সকলৰ কৰণীয় বহু খিনি থাকে । আমিও আমাৰ নিজৰ নীতি-নিয়ম সমুহক সুন্দৰকৈ উপস্থাপন কৰিব পাৰো।


       ........এটা জাতিৰ বা এখন ঠাইৰ প্ৰতিটো সামাজিক অনুষ্ঠানে সেই ঠাইৰ সভ্যতা, সংস্কৃতি , নীতি-নিয়ম সমুহক জীয়াই ৰাখে । বিয়া আদিৰ দৰে সামাজিক অনুষ্ঠান এটাক যদি কোনোবায় বিৰূপ কৈ উপস্থাপন কৰে এগৰাকী অসমীয়া হিচাপে অসন্তষ্ট হোৱাৰ কাৰণ নিশ্চয় থাকিব সকলোৰে।

     

      .....গ্লেমাৰৰ বাবে , ভাইৰেইল হোৱাৰ বাবে , অমুকে কৰিছে কাৰণে মইও কৰিম বুলি যদি এই কাম চলিয়েই থাকে এদিন হয়তো অসমীয়া সংস্কৃতি হেৰায় যাব।


✍🏻 priyankashealthlife


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages