এই ৮ টা কাৰণত শৰীৰ হৈ পৰে ভাগৰুৱা : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 3, 2022

এই ৮ টা কাৰণত শৰীৰ হৈ পৰে ভাগৰুৱা : Assamese Health Tips

Assamese Health Tips


শৰীৰৰ ক্লান্তি বা ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা আৰু সঠিক টোপনি অতি প্ৰয়োজনীয়।মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ-দৈনিক ৬-৮ঘন্টাৰ গভীৰ টোপনিৰ বৰ প্ৰয়োজন। ( Assamese Health Tips )


*কিন্তু বহু লোকে যিমান সময় শুৱ লাগে-সিমান সময় নুশুৱে।যাৰ ফলত গোটেই দিনটো শৰীৰে ভাগৰুৱা অনুভৱ কৰে।ইয়াৰ উপৰিও-আন-৮টা কাৰণ আছে-যিয়ে আপোনাক সকলো সময়তে ভাগৰুৱা অনুভৱ কৰাব পাৰে।


*সেই কাৰণকেইটা হৈছে-


১/পৰ্যাপ্ত পৰিমাণে নোখোৱা-


*পানী আমাৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান।বিভিন্ন গৱেষণাৰ তথ্য অনুসৰি ডিহাইড্ৰেচন অৰ্থাৎ পৰ্যাপ্ত পৰিমাণে পানী নাখালে-মানুহে অধিক ভাগৰুৱা অনুভৱ কৰে।কাৰণ-শৰীৰত পানী নোহোৱা হলে-তেজৰ সোঁত কমি যায়।ফলত-শৰীৰত অক্সিজেন আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ পোৱাৰ গতি কমি যায়।সেয়ে-শৰীৰে ভাগৰ অনুভৱ কৰে।


২/আইৰণৰ অভাৱ-

*আইৰণৰ অভাৱত শৰীৰ কেৱল-ভাগৰুৱা হোৱাই নহয়-খিংখিঙীয়াও হৈ পৰে।শৰীৰত আইৰণৰ অভাৱৰ ফলত পেশী আৰু কোষত অক্সিজেন কমকে পোৱা যায়।কম পৰিমাণে-আইৰণ সেৱন কৰিলেও ৰক্তহীনতা হব পাৰে।আইৰণৰ ভাৱ পূৰণ কৰিবলৈ-বিন,কণী, সেউজীয়া শাক-পাচলি,বাদাম আৰু পনিৰ নিয়মিতভাৱে খাব লাগে।


৩/ব্ৰেকফাষ্ট এৰি দিয়া-

*ব্যস্ততাৰ বাবে-বহুতে-ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ ওলায় যায়।কিন্তু ব্ৰেকফাষ্টে শৰীৰক শক্তি দিয়ে।ৰাতিপুৱা পুষ্টিকৰ খাদ্য খালেও-মেটাবলিজমৰ হাৰ বৃদ্ধি পায়।ব্ৰেকফাষ্ট এৰি দিয়া-লোকসকলে-অধিক ভাগৰুৱা অনুভৱ কৰে।ব্ৰেকফাষত- কাৰ্বহাইড্ৰেট,প্ৰটিন আৰু ভাল চৰ্বি থাকিব লাগে। ( Assamese Health Tips )


৪/ৱৰ্কআউট কৰা নহয়-


*বহুতে ব্যায়ম কৰিবলৈ ভাল নাপায়।আৰু কিছুমানৰ সময় নাথাকে।কিন্তু আপুনি জানি আচৰিত হব-ব্যায়মৰ ফলত সুখী হৰম'নৰ নিৰ্গমন বৃদ্ধি পায়।যিয়ে-আপোনাক অধিক শক্তিশালী কৰি তুলিব আৰু দিনটোৰ ক্লান্তিৰ পৰা-উপশম পাব।


৫/কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপ-


*চিন্তা কৰি কৰ্মস্থলীত অতিৰিক্ত ঘন্টা সময় কটালেও আপুনি-সকলো সময়তে ভাগৰুৱা অনুভৱ কৰিব পাৰে।জীৱনৰ আন দিশবোৰকৰ আওকাণ কৰি-কেতিয়াও সুখী হব নোঁৱাৰে।মানসিক চাপে ক্লান্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।মনত ৰাখিব-মানসিক চাপ হৈছে-আটাইতকৈ ডাঙৰ নীৰৱ হত্যাকাৰী।


৬/শোৱাৰ আগতে-মদ্যপান কৰা-


*শোৱাৰ আগতে মদ্যপান কৰাটো-শৰীৰৰ বাবে-অতি ক্ষতিকাৰক।বিশেষজ্ঞসকলৰ মতে-এই অভ্যাসৰ ফলত-এড্ৰিনেলিন ব্যৱস্থাত হঠাতে-উথান ঘটে।যাৰ ফলত-টোপনিত বাধাৰ সৃষ্টি হয়।ফলত কেতিয়াও-গভীৰ টোপনি নাহে।ইয়াৰ বাবে-ৰাতি-বাৰে-বাৰে সাৰ পাব পাৰে।যিয়ে-পাছদিনা আপোনাৰ ভাগৰ-বৃদ্ধিৰ বাবে দায়ী।


৭/স্মাৰ্টফোনৰ অত্যাধিক ব্যৱহাৰ-


*অত্যাধিক স্মাৰ্টফোনৰ ব্যৱহাৰে-টোপনিত ব্যাঘাত জন্মায়।ফলত গোটেই দিনটো-মানুহে ভাগৰুৱা অনুভৱ কৰে।


৮/অত্যাধিক কেফেইন সেৱন কৰা-


*ৰাতিপুৱাৰ পৰা ৰাতিলৈকে লৈকে-কেইবা কাপ-কেফেইন সেৱন কৰে-বহু কফি-প্ৰেমীয়ে।ফলত শৰীৰে-ভাগৰ অনুভৱ কৰে।কফিয়ে আপোনাৰ টোপনিত গুৰুত্বৰভাৱে ব্যাঘাত জন্মায়।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages