সাপে কামুৰিলে ভুলতো কৰিব নালাগে এইসমূহ কাম : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 7, 2022

সাপে কামুৰিলে ভুলতো কৰিব নালাগে এইসমূহ কাম : Assamese Health Tips

Assamese Health Tips


ভাৰত তথা অসমৰ বিভিন্ন ঠাইত সৰ্প দংশনৰ ফলত বহু লোকৰ মৃত্যু হয়।ভাৰতত উষ্ণতা এই জীৱটোৰ বাবে যথেষ্ট অনুকূল।সেয়ে তেওঁলোকৰ বিধ্বংসীও ইয়াত বেছিকৈ দেখা যায়। ( Assamese Health Tips )


বিশেষকৰি ধাননি পথাৰত বেছিকৈ পোৱা যায়।যদিও এন্দুৰ খাই বহু কৃষকৰ শস্য ধ্বংসৰ পৰা ৰক্ষা কৰে,কিন্তু কোনো মানুহেই সাপৰ সন্মুখীন হবলগী হোৱাটো নিবিচাৰে।সাপে প্ৰায়ে-আমাৰ বাৰী বা ঘৰলৈ-নিগনি বিচাৰি আহে,যদি এই জীৱটোৱে কাৰোবাক-কামোৰিছে,তেন্তে ব্যক্তিজনৰ জীৱনৰ বাবে ভাবুকি স্বৰূপ হব পাৰে।এনে অৱস্থাত আপুনি তৎক্ষণাত কি কৰিব লাগে-আৰু কি কৰিব নালাগে-তাৰ বিষয়ে-


*সাপে কামোৰাৰ পাছত লগে-লগে-এই কাম কৰক-


১/সাপে কামোৰা মানুহজনৰ হাত বা ভৰিত থকা-যেনে-পায়েল,ঘড়ী,খাৰু,এংকলেট।আদি তৎক্ষণাত আঁতৰাই দিব লাগে।সাধাৰণতে-সাপে কামোৰাৰ  সময়ত ফুলি উঠে।তাৰ পাছত এইবোৰ খুলিবলে অসুবিধা হয়।


২/সাপে কামোৰাৰ শৰীৰৰ অংশটো-হৃদপিণ্ডৰ তলত ৰাখিবলৈ চেষ্টা কৰক।আৰু একেবাৰে লৰচৰ কৰিবলৈ চেষ্টা নকৰিব। ( Assamese Health Tips )


৩/সাপে কামোৰা ঠাইখিনি-চাবোনৰে ধুই ভালদৰে চফা কৰিব লাগে।ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কমি যায়।


৪/সাপে কামোৰাত আতংকিত হব নালাগে।কাৰণ-আতংকৰ ফলত ৰক্তচাপ দ্ৰুতগতিত বৃদ্ধি পায় আৰু বিষটোও সোনকালে বিয়পি পৰে।যিমান পাৰি-শান্ত হৈ থাকিবলৈ চেষ্টা কৰক।


৫/ঘৰতে প্ৰাথমিক চিকিৎসা কৰাৰ পাছত-লগে লগে-ভুক্তভোগীক চিকিৎসালয়লৈ লৈ যাব লাগে।সম্ভৱ হলে-আগতীয়াকৈ কামোৰা সাপটো চিনাক্ত কৰিব লাগে-বা তাৰ ফটো তুলিব লাগে।ইয়াৰ ফলত চিকিৎসকে উপযুক্ত দৰৱ দিবলৈ সহজ হয়।


*সাপে কামোৰিলে এনে ধৰণৰ কাম নকৰিব-


১/শৰীৰৰ যি অংশত সাপে কামোৰে,যেনে-বৰফ আৰু গৰম পানী আদি গৰম বা ঠাণ্ডা বস্তু নিদিব।


২/যদি সাপে ভৰি বা হাতত কামোৰে-তেতিয়া ওপৰৰ অংশ টানকৈ বান্ধিব নালাগে।কাৰণ ই তেজ বন্ধ কৰি দিয়ে।


৩/সাপে কামোৰাৰ অংশত ছিদ্ৰ নকৰিব।


৪/ভুক্তভোগীক লৰচৰ কৰাত বাধা দিব লাগে।হুইল চেয়াৰ বা গাড়ী ব্যৱহাৰ কৰিব লাগে।


৫/সাপে কামোৰা মানুহজনক-টোপনি যাব নিদিব।।


(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages