শীতকালত গাঁঠিৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কৰক এই উপায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 6, 2022

শীতকালত গাঁঠিৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কৰক এই উপায় : Assamese Health Tips

Assamese Health Tips


শীতকালত গাঁঠিৰ বিষৰ সমস্যা হলে-ইয়াৰ পৰা হাত সাৰিবলৈ-এইসমূহ উপায় কৰিব লাগে- ( Assamese Health Tips )


যদি আপোনাৰ বিষৰ সমস্যা আছে- তেন্তে এই শীতৰ বতৰো আপোনাৰ বাবে-হয়তো অতি কষ্টদায়ক হয়।শীতকালত গাঁঠিৰ বিষ বৃদ্ধি হোৱাটো অতি সাধাৰণ কথা।শীতকাল আৰম্ভ হোৱাৰ লগে লগে-কিছু লোকৰ গাঁঠিৰ বিষ এটা নিয়মীয়া সমস্যাত পৰিণত হয়।


চিকিৎসকৰ মতে-শীতকালত গাঁঠিৰ বিষৰ সমস্যাটোৰ এটা প্ৰধান কাৰণ হল-ৰ'দৰ অভাৱ।যিয়ে-শৰীৰত ভিটামিন-ডি যোগান ধৰে।ভিটামিন ডি'য়ে-গাঁঠি,হাঁড় আৰু পেশী সুস্থ কৰি ৰখাত সহায় কৰে।এইদৰে শীতকালত-ভিটামিন ডি'ৰ মাত্ৰা কম হোৱাটো গাঁঠি বিষৰ অন্যতম কাৰণ।আন এটা কাৰণ হব পাৰে-শীতকালত উষ্ণতা কমি যোৱা,যাৰ বাবে-বেৰ'মেট্ৰিক চাপো যথেষ্ট কমি যায়।


এই বিষৰ পৰা সকাহ পাবলৈ-কিছু পদ্ধতি-


শীতকালত ব্যায়ামে গাঁঠিৰ বিষ নিৰাময়ত সহায় কৰে।যদি আপুনি সঘনাই ব্যায়াম কৰে-তেন্তে গাঁঠিবোৰ?নমনীয় আৰু কোমল হৈ থাকিব।তদুপৰি ব্যায়ামে তেজৰ সোঁত বৃদ্ধি কৰে আৰু গাঁঠিবোৰ তৈলাক্ত কৰাত সহায় কৰে।ব্যায়াম কেৱল আপোনাৰ গাঁঠিৰ বাবে উপকাৰী নহয়-ইয়াৰ দ্বাৰা আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যও উপকাৰ সাধন হব। ( Assamese Health Tips )


শীতকালত উষ্ণতা যথেষ্ট কম থাকে-যাৰ ফলত গাঁঠি বিষ হব পাৰে।গতিকে-শৰীৰত শীতৰ প্ৰভাৱ নপৰাকে-গৰম হৈ থকাটো সমস্যাৰ অন্যতম সমাধান।ইয়াৰ বাবে-গৰম কাপোৰ পৰিধান কৰক।


হাইড্ৰেছনৰ ফলতো-পেশীৰ বিষৰ সৃষ্টি কৰিব পাৰে।শৰীৰৰ বাবে-উপযুক্ত সুষম আহাৰ গ্ৰহণ কৰাতো অতি প্ৰয়োজনীয়।হাড় আৰু গাঁঠিৰ বাবে-স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰিব লাগে।যত হাড়ৰ বাবে-প্ৰয়োজনীয় পৰ্যাপ্ত পৰিমাণৰ পুষ্টি আৰু খনিজ পদাৰ্থ থাকে।


এনেবোৰৰ দ্বাৰা আমি কিছু পৰিমাণে-বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ।যদি আপুনি গুৰুত্বৰভাৱে বিষৰ সমস্যাৰ সন্মুখীন হৈ আছে-তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages