সাৱধান তামোল পাণ অত্যাধিক খালে ইয়াৰ ফলত বহু ক্ষতি হব পাৰে : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 3, 2022

সাৱধান তামোল পাণ অত্যাধিক খালে ইয়াৰ ফলত বহু ক্ষতি হব পাৰে : Assamese Health Tips

Assamese Health Tips


*বটা বা শৰাইত তামোল-পান এযোৰ যেন অসমীয়াৰ অনন্য পৰিচয়।গুৱা,তামোল পাণ,খিলি আদি নামেৰে-জনা ই অসমীয়া সমাজৰ এক অপৰিহাৰ্য অংগ। ( Assamese Health Tips )


*অসমৰ বহু লোকেই ভাত খাই উঠি-এখন তামোল পাণ নোখোৱাকৈ থাকিব নোঁৱাৰে।তাৰে মাজত আৰু কিছু লোকে আকৌ অত্যাধিক মাত্ৰাত খাই এই মুখৰোচক বিধ।


*পাচে এই তামোল পাণ অত্যাধিক খালে-ইয়াৰ ফলত বহু ক্ষতি হব পাৰে।


*অতীজৰেপৰা তামোল-পাণৰ অলৌকিক গুণ থকা বুলি কোৱা হৈছে।অসমৰ গ্ৰাম্য জীৱনত তামোলৰে মন্ত্ৰ কৰাকে-আহুদি কৰা বুলি কোৱা হৈছিল।


*এই তামোল পাণৰে-উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে।


*তামোল পাণৰ উপকাৰিতা-


*অসমৰ বহুতো বন-দৰৱত তামোল পাণ আৱশ্যকীয় উপাদান। ( Assamese Health Tips )


*অসমৰ বেজ-কবি ৰাজ সকলে-পেটৰ বিষ,দাঁতৰ বিষ-আদিত তামোল উপকাৰী বুলি গণ্য কৰিছিল।


*তামোলৰ পিক গৰুৰ ছাল আৰু চকুৰ বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰিছিল।


*তামোল পাণে হজম শক্তি বঢ়ায়।


*তামোল পাণে-মুখৰ দুৰ্গন্ধ আঁতৰাই।


*তামোল পাণক মুখ শুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়।


*আগৰ দিনত তামোল-পাণৰ সৈতে চূণ একেলগে কৰি-খুন্দনাত খুন্দি তাৰ ৰসেৰে-কাপোৰত ৰং দিয়া হৈছিল।


*তামোল-পাণৰ অপকাৰিতা-


*কেঁচা তামোলত থকা এৰকেলনিক এচিডৰ পৰিমাণ বেছি পোৱা যায়।সেয়ে-কেঁচা তামোল খালে-সহজে মূৰত ধৰে।


*তামোলত থকা এৰকেলনিক এচিডে হৃদপিণ্ডৰ কাৰ্য্য বৃদ্ধি কৰি শৰীৰৰ সিৰা-উপসিৰাৰে ৰক্ত সঞ্চালন তীব্ৰ কৰি তোলে।


*তামোলে মগজুলৈ যোৱা ৰক্ত ধমনী আৰু ৰক্তনলীকাসমূহ সংকুচিত কৰি তেজ চলাচলৰ গতি কমাই দিয়ে।


*তামোলে মূৰত ধৰাৰ ফলত-কেতিয়াবা মানুহৰ মৃত্যু পৰ্যন্ত হব পাৰে।


*তামোল অধিক পৰিমাণে-খালে মুখ-গহ্বৰত-কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে।উত্তৰ পূৱত-কেঞ্চাৰত আক্ৰান্ত হোৱা লোকৰ ভিতৰত কিছুমান কাৰণ-তামোল পানৰ অত্যধিক সেৱন।


*তামোলত-

এৰকলনিক,টেনিন,

কেটিকেল,গেলটেনিক-আদি এচিড থকাৰ বাবে-তামোল বিষাক্ত।(সংগ্ৰহিত)।

এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page



No comments:

Post a Comment

Advertisement

Pages