শীতকালত ৰাতিপুৱা-কি খালে বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পোৱা যায় : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 11, 2022

শীতকালত ৰাতিপুৱা-কি খালে বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পোৱা যায় : Assamese Health Tips

Assamese Health Tips


*শীতৰ আগমনৰ লগে-লগে শৰীৰক কাঁহ-চৰ্দি,গেষ্টিক আৰু মূৰৰ বিষৰ দৰে স্বাস্থ্যজনিত সমস্যাই ভাৰাকান্ত কৰি তোলে।সেই বাবে-এই বতৰত পুষ্টিকৰ খাদ্য আৰু সুস্থ জীৱন-যাপন অতি প্ৰয়োজনীয়। ( Assamese Health Tips )


আয়ুৰ্বেদিক বিশেষজ্ঞ-ডঃ দীক্ষা ভৱছাৰে কয় যে-শীতকালত স্বাস্থ্যকৰ সেৱন কৰাটো যিমানেই প্ৰয়োজনীয়-সিমানেই স্বাস্থ্যকৰ আয়ুৰ্বেদিক পানীয় খোৱাটো সমানেই গুৰুত্বপূৰ্ণ।


ডঃ দীক্ষা ভৱছাৰে কয় যে-চুলি সৰা,মাইগ্ৰেন, ওজন কমি যোৱা,হৰম'নৰ ভাৰসাম্য,ছুগাৰ নিয়ন্ত্ৰণ কৰা,ইনচুলিন প্ৰতিৰোধ ক্ষমতা,কাঁহ আৰু চৰ্দি বহুতো সমস্যা নিৰাময় কৰে।এই শীতকালীন পুৱাৰ-পানীয় কেনেদৰে-ঘৰতে প্ৰস্তুত কৰিব পাৰি-


*২গিলাচ পানী,৭ৰপৰা ১০খিলা নৰসিংহ পাত,৩টা আজোলানৰ পাত,ধনীয়া গুটি ১চামুচ,১চামুচ জিৰা ১টা ইলাচিৰ গুড়ি,১ইঞ্চি আদাৰ টুকুৰা কুটি লব।


*এই শীতকালীন পানীয় বনোৱাটো অতি সহজ। ল'ৰা-ছোৱালীৰ পৰা বয়োজেষ্ঠজনলৈ যিকোনো লোকে-এই পানীয় সহজে বনাব পাৰে।ইয়াৰ বাবে-সকলো মছলা পানীত দি-মধ্যমীয়া জুইত-৫মিনিট উতলাই নমাই ৰাখিব।আৰু ঠাণ্ডা হলে-চেকি সেৱন কৰিব।মাত্ৰ-১০০মিলিলিটাৰ-এই পানীয় এজন ব্যক্তিৰ বাবে যথেষ্ট।যদি-আপুনি ওজন কমাব বিচাৰে-তেন্তে এই পানীয়ত আধা নেমু ৰস মিহলালে-সুফল পাব। ( Assamese Health Tips )


*এই পানীয়ৰ উপকাৰিতা-


১/চিকিৎসগৰাকীয়ে কয় যে-এই পানীয়ই চুলি সৰা আৰু তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।লগতে-হিমগ্লবিন উন্নত কৰে আৰু ওজন কমাবলৈ সহায় কৰে।


২/প্ৰদাহ,বদহজম,চৰ্দি-কাঁহ, ডায়েবেটিছ,হাঁপানী আৰু ওজন কমি যোৱাত আজোৱাইন সহায়ক।।


৩/ডঃ দীক্ষাই কয় যে-এই পানীয়ত থকা জিৰা চুগাৰ নিয়ন্ত্ৰণ,চৰ্বি ক্ষয়,এচিডিটি-মাইগ্ৰেন, কলেষ্টৰল আদিৰ বাবে উপকাৰী।


৪/ইলাচি মোচন ছিকনেছ,বমি,মাইগ্ৰেন আনকি ছাল আৰু চুলিৰ বাবে উপকাৰী।কাৰণ ইয়াত এন্টিঅক্সিডেন্ট থাকে।


৫/এই শীতকালীন পানীয়ত দিয়াই আদাই-সকলো ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু বদহজম-গেছ-ভোক কমি যোৱা-আদি সমস্যা দূৰ কৰাত সহায় কৰে।


*বিশেষজ্ঞৰ মতে-এই সহজ-উপাদানটো নিয়মিতভাৱে-ব্যৱহাৰ কৰিলে ইয়াৰ বহুতো-উপকাৰী ফল পোৱা যায়।এই পানীয়ই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু চৰ্বি-হ্ৰাস কৰাত সহায় কৰে।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages