সৰুৰেপৰা এই ৭ টা গুণ সন্তানক শিকাব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 14, 2022

সৰুৰেপৰা এই ৭ টা গুণ সন্তানক শিকাব লাগে : Assamese Fact

Assamese Fact


*এটি শিশু দেশৰ ভৱিষ্যতৰ নাগৰিক।সৰুৰে পৰাই শিশুক কিছু ভাল অভ্যাস গঠন কৰিবলৈ শিকালে এসময়ত তেওঁ-এজন সফল নাগৰিক হব পাৰিব।( Assamese Fact )


শিশুৰ শিক্ষাৰ প্ৰথমক্ষেত্ৰ হৈছে নিজৰ ঘৰখন।ঘৰখনৰ পৰাই শিশুৰ শিক্ষা জীৱন আৰম্ভ হয়।গতিকে ঘৰখনৰ জেষ্ঠ্য সকলে শিশুক এই-কথা শিকোৱাটো একান্তই আৱশ্যক।


ক)সহযোগিতা-

সহমৰ্মিতা বা সহযোগিতা এই অভ্যাস-সৰুৰে পৰা এটি শিশুক শিকাব লাগে।যিহেতু ই হৈছে-এক অপৰিহাৰ্য মানৱীয় বৈশিষ্ট্য।যি ভৱিষ্যতলৈ শিশুটিক সকলোৰে লগত সহযোগ কৰাৰ ক্ষমতা প্ৰদান কৰিব।সহযোগিতা হৈছে সম্প্ৰিতীৰ প্ৰৰিচয়।সম্প্ৰিতীৰ অবিহনে-কেতিয়িও এখন সমাজত শান্তি-শৃংখলা অটুট নাথাকে।


খ)ভাগ-বতৰা কৰা-

মানুহ হৈছে-সামাজিক প্ৰাণী।সমাজত বাস কৰিবলৈ প্ৰতিজন মানুহে-ভাগ-বতৰা কৰা মনোভাব থাকিব লাগে।গতিকে-এটি শিশুক সৰু অৱস্থাতে যিকোনো বস্তু ভাগ-বিতৰণ কৰি খোৱাৰ অভ্যাস গঢ়ি-তুলিবলৈ চেষ্টা কৰিব লাগে।যি অভ্যাসে মানুহক সমাজমুখী হোৱাত সহায় কৰে।( Assamese Fact )


গ)শুনাৰ অভ্যাস-

এটি শিশুক প্ৰথমৰপৰাই আনৰ কথা শুনিবলৈ শিকাব লাগে।জীৱনত যিকোনো ক্ষেত্ৰতে অহা-সমস্যাৰ মুখামুখি হবলৈ-প্ৰথমে শুনি মন্তব্য দিলে-বিপদত পৰাৰ ভয় নাথাকে।যি অভ্যাসে শিশুটিক ধৈৰ্য্য আৰু সহনশীল হবলৈও শিক্ষা দিব লগতে এই অভ্যাসে এজন ভাল মানুহ হোৱাটো সহায় কৰিব।


ঘ) সামাজিকতা-

শিশুক আন মানুহৰ লগত মিলা-প্ৰীতিৰে সহবাস কৰিবলৈ শিকাব লাগে।আনৰ কথাত বাধা নিদি আনৰ মতামতক সন্মান কৰিব শিকালে ভৱিষ্যতে সমাজৰ সৈতে মিলি থকাটো সুবিধা হয়।


ঙ)চাপৰ সন্মুখীন হবলৈ শিকাব লাগে-

সৰুতেই শিশুক চাপৰ সৈতে-মোকাবিলা কৰিবলৈ শিকাব লাগে।যিহেতু মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটাই আহে।দুখৰ চাপ সহ্য কৰিব পাৰিলেহে সুখ প্ৰাপ্তি হয়।কোনো কাৰণত মন ভাৰাক্ৰান্ত হলে শান্ত কৰিবলৈ চাপ অতিক্ৰম কৰিবই লাগিব।


চ)অনুপ্ৰাণিত কৰা-

অনুপ্ৰাণিত কেৱল নিজৰ শিশুকে নহয়,আনৰ কামকো অনুপ্ৰাণিত কৰিবলৈ শিশুক সৰুৰে পৰা শিকাব লাগে।সৰুতে এই শিক্ষা পালে-ভৱিষ্যতলৈ অহা কঠিন সময়ক সহজে অতিক্ৰম কৰিব পাৰিব।


ছ)আনক তুচ্ছ-তাচ্চিল্য কৰিব নালাগে-

শিশু অৱস্থাৰে পৰা আপোনাৰ শিশুটিক আনক তুচ্ছ-তাচ্চিল্য কৰিবলৈ নিদিব।আনক তুচ্ছ-তাচ্চিল্য কৰা যে-বেয়া,সেই কথা সৰুতেই শিকাব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages