স্কুললৈ যোৱাৰ পূৰ্ৱে সন্তানক এইবোৰ কথা শিকাব লাগে : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 4, 2022

স্কুললৈ যোৱাৰ পূৰ্ৱে সন্তানক এইবোৰ কথা শিকাব লাগে : Assamese Fact

Assamese Fact


অভিভাৱক সকলে কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন।যাতে-তেওঁলোকৰ শিশুটিৰ ভৱিষ্যৎ জীৱন সুন্দৰ হৈ উঠে।স্কুলীয়া জীৱন যিকোনো শিশুৰ বাবে-অন্যতম গুৰুত্বপূৰ্ণ।কিন্তু স্কুলীয়া জীৱন সুন্দৰ হৈ উঠে-তাৰবাবে একাধিক বিষয়ৰ ওপৰত চকু দিয়াটো প্ৰয়োজনীয়।( Assamese Fact )


১/বহু সময়ত দেখা যায় যে-অভিভাৱকসকলে

-শিশুক আখৰ আৰু সংখ্যা পঢ়িবলৈ শিকায়।কিন্তু তাৰ লগতে-দেহৰ অংগ,ৰং, পশু-পক্ষীৰ নামৰ দৰে-কথাবোৰ শিকাব লাগে।তেতিয়া-শিশুটিৰ স্মৃতিশক্তি বৃদ্ধি হব।


২/এটি শিশুৰ বাবে-পৰিষ্কাৰ- পৰিচ্ছন্নতা খুবেই গুৰুত্বপূৰ্ণ।স্কুলত ঘৰৰ দৰে পৰিৱেশ পোৱা নাযায়।সেইবাবে কিছুমান সৰ্তকতা অৱলম্বন কৰিব লাগে।সংক্ৰমণ এৰাই চলিবলৈ-ব্যক্তিগতভাৱে হাত ধুৱা আদি কথা শিকোৱাৰ লগতে-স্বাস্থ্য ৰক্ষাৰ কথাও শিকাব লাগে।


৩/ঘৰত আপুনি-আপোনাৰ শিশুটিক খাদ্য খুৱাই দিব পাৰে।কিন্তু স্কুলত-আপোনাৰ সন্তানে এই সুবিধা নাপায়।সেয়ে-স্কুলীয়া জীৱনৰ পূৰ্ৱেই-আপোনাক সন্তানক নিজে খোৱাৰ অভ্যাস গঢ়ি তুলক।লগতে-খুৱাৰ আগতে-হাত ধুবলৈ শিকাওক।( Assamese Fact )


৪/স্কুলীয়া জীৱনৰ আৰম্ভণিৰ পূৰ্ৱে-আপোনাৰ শিশুটিক কেইটামান অভ্যাস কৰাব।যেনে-আপুনি আপোনাৰ সন্তানৰ লগত কিবা ভুল কৰিছে-তেনেহলে ক্ষমা বিচাৰি-Sory কব পাৰে।বা আপোনাৰ সন্তানক কিবা এটা কাম কৰিবলৈ কলে আৰু যেতিয়া আপোনাৰ শিশুটিয়ে-আপোনাৰ সেই কাম কৰিব-আপুনি তেতিয়া Thank youকব।আপোনাৰ এইটো অভ্যাস দেখি-আপোনাৰ সন্তানৰ মাজতো-এই অভ্যাস গঢ়ি উঠিব।


৫/আপোনাৰ সন্তানৰ হাতত মোবাইল নিদিব।তাৰ বিপৰীতে বাহিৰত খেলিবলৈ দিয়ক।কাৰণ-বাহিৰত খেলা-ধূলা কৰিলে-আপোনাৰ সন্তানৰ শৰীৰ সুস্থ আৰু শক্তিশালী থাকিব।সেইবাবে-সন্তানৰ হাতত মোবাইল দিব নালাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages