মানী বেগত এই বস্তুবোৰ ৰাখিলে-কেতিয়াও নহব টকাৰ অভাৱ : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, December 3, 2022

মানী বেগত এই বস্তুবোৰ ৰাখিলে-কেতিয়াও নহব টকাৰ অভাৱ : Assamese Fact

Assamese Fact


সকলোৱে ধনী হবলৈ ভালপায়।কিন্তু সেই সৌভাগ্যকন সকলোৰে ভাগ্যত নাথাকে।বহুলোকে ধন-উৰ্পাজন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে-যাতে-তেওঁলোকে জীৱনত কোনো ধৰণৰ অভাৱৰ সন্মুখীন হব নালাগে।( Assamese Fact )


অৱশ্যে কিছু লোকে টকা-উৰ্পাজন কৰে-যদিও-সেইবোৰ সাচি ৰাখিব নোঁৱাৰে।ইয়াৰ আঁৰৰ কাৰণ হব পাৰে-বাস্তু দোষ।এনে পৰিস্থিতিত কিছুমান ব্যৱস্থ্যা গ্ৰহণ কৰি-এই দোষবোৰ আঁতৰ কৰিব পাৰি।


বাস্তু শাস্ত্ৰৰ মতে- যদি মানী বেগত-কিছুমান বস্তু ৰখা হয়-তেন্তে-মানুহে কেতিয়াও ধন সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হব নালাগে।


সেই বস্তুবোৰ হৈছে-


১/সোণ আৰু ৰূপৰ মুদ্ৰা-

সোণ আৰু ৰূপৰ মুদ্ৰাক সমৃদ্ধিৰ কাৰক বুলি গণ্য কৰা হয়।বাস্তু-শাস্ত্ৰৰ মতে যদি আপুনি সোণ আৰু ৰূপৰ মুদ্ৰাৰ উপায়টো কৰে-তেন্তে ধনৰ কোনো সমস্যা নহয়।ইয়াৰ বাবে-প্ৰথমে সোণ আৰু ৰূপৰ মুদ্ৰা মা লক্ষ্মীৰ চৰণত ৰাখক আৰু-তাৰ পাছত এই মুদ্ৰা মানী বেগত ৰাখি থওক।এনে কৰিলে-মানী বেগ সদায়ে-ভৰ্তি হয় থাকে।( Assamese Fact )



২/কেইটামান চাউল-

আপুনি টকা উৰ্পাজন কৰে-কিন্তু ই খৰচ হৈ যায়।যিকোনো অজুহাতত এই টকা খৰচ হৈয়ে যায়।এনে পৰিস্থিতিত কেইটামান-চাউল ৰাখি থওক।ই অবাঞ্ছিত ব্যয় বন্ধ কৰিব আৰু ধন সম্পৰ্কীয় সমস্যা আঁতৰ হব।


৩/মা লক্ষ্মীৰ ফটো-

মানী বেগত-মা লক্ষ্মীৰ ফটো ৰাখিলে-কেতিয়াও ধন সম্পৰ্কীয় সমস্যা নহয়।অৱশ্যে এই সময়ছোৱাত এই কথাটো মন কৰিব যে-মা লক্ষ্মীৰ ফটোখন বহি থকা ভংগীতহে থাকিব লাগে।ইয়াৰ দ্বাৰা মানী বেগ কেতিয়াও খালী নহব।


৪/ৰঙা কাগজ-


যদি আপুনি ধনবান হব বিচাৰে-আৰু লগতে এইটো বিচাৰে যদি-আপোনাৰ মানী বেগ কেতিয়াও খালী নহওক আৰু টকাৰে ভৰ্তি হৈ থাকিব লাগে-তেন্তে ৰঙা কাগজৰ উপায়টো-প্ৰয়োগ কৰি চাব পাৰে।বাস্তু শাস্ত্ৰৰ মতে-মানী বেগত ৰঙা ৰংৰ কাগজত আপোনাৰ মনৰ কথা লিখি ৰাখক।ইয়াৰ দ্বাৰা মানীবেগ কেতিয়াও খালী নহব।


৫/মানীবেগত ৰাখক-১টকাৰ মুদ্ৰা-

এটা শুভ দিনত-নিজৰ পকেটৰ পৰা-১টকা মুদ্ৰা ভগৱানৰ চৰণত দান কৰক আৰু ১সপ্তাহলৈ সেইটো মুদ্ৰা তাতে থাকিবলৈ দিয়ক।১সপ্তাহৰ পাছত এটা ভাল সময়ত-সেই মুদ্ৰাটো নিজৰ মানীবেগত ৰাখি থওক।এই প্ৰতিকাৰ-আপোনাৰ অৰ্থনৈতিক সমৃদ্ধিৰ দুৱাৰ মুকলি কৰে।


৬/মানী বেগত ৰাখক পূজাৰ ফুল-

যদি আপুনি আপোনাৰ পকেট-কেতিয়াও খালী হৈ থকাটো নিবিচাৰে-তেন্তে এই প্ৰতিকাৰটো গ্ৰহণ কৰক।ৰাতিপুৱা উঠি ভগৱান বিষ্ণুৰ মন্দিৰলৈ যাওক আৰু ভগৱান বিষ্ণুৰ দৰ্শন কৰক।ধন পাবলৈ-ভগৱান বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা কৰক।ইয়াৰ পাছত ভগৱান বিষ্ণুৰ-শ্ৰী চৰণত আগবঢ়োৱা কিছুমান ফুল লওক আৰু সেইবোৰ শুকাই যোৱাৰ পাছত-নিজৰ মানী বেগত ৰাখি থওক।


৭/ আপোনাৰ ইষ্ট দেৱতাৰ এখন ফটো ৰাখক-

আপোনাৰ মানী বেগত-আপোনাৰ ইষ্ট দেৱতাৰ এখন ছৱি ৰাখিব লাগে।প্ৰতিদিনে-এবাৰকৈ সেই ছৱিখন মানীবেগৰ পৰা উলিয়াই চাব লাগে।এই প্ৰতিকাৰে দৰিদ্ৰতা আঁতৰাই।সুখ আৰু সমৃদ্ধি আহে।


৮/আঁহত গছৰ পাত-

আঁহতৰ পাতত ভগৱান বিষ্ণুৰ বাসস্থান বুলি বিশ্বাস কৰা হয়।বাস্তু পৰামৰ্শ অনুসৰি মানী বেগত-সদায়ে এটা আঁহত গছৰ পাত ৰাখিব লাগে।প্ৰথমে আহঁত গছৰ পাতক গংগাজলেৰে ধুই-তাত শ্ৰী লিখক।মনত ৰাখিব যে-পাতখিলা মানী বেগত এনেদৰে ৰাখিব-যাতে এই পাত কোনেও দেখা নাপায়।(সংগ্ৰহিত)


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages