নৱবৰ্ষত এইসমূহ সামগ্ৰী ঘৰলৈ আনক : Assamese Fact - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 14, 2022

নৱবৰ্ষত এইসমূহ সামগ্ৰী ঘৰলৈ আনক : Assamese Fact

Assamese Fact


*প্ৰতিজনে বিচাৰে যে-আগন্তুক নতুন বছৰে-তেওঁৰ বাবে সুখ আৰু ভাগ্য কঢ়িয়াই আনিব লাগে।নতুন বছৰটো সকলোৰে বাবে-শুভ হোৱাৰ বাবে-জ্যোতিষ আৰু বাস্তুত কিছু ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে। Assamese Fact )


বাস্তুত কোৱা হৈছে যে-নতুন বছৰত ঘৰলৈ কিছু বস্তু আনিলে-দেৱী লক্ষ্মীৰ কৃপা গোটেই বছৰটোলৈ থাকে।


*২০২২ বৰ্ষ অন্ত পৰাৰ ওচৰ চাপিছে।এতিয়াৰ পৰাই নতুন বছৰক লৈ-সকলোৰে মাজত কৌতুহল দেখিবলৈ পোৱা গৈছে।নতুন বছৰত লোৱা সৰু-সৰু ব্যৱস্থাই মানুহৰ জীৱনত সুখ লৈ আনিব পাৰে।যদি এই বছৰটো আপোনাৰ বাবে-মানসিক চাপৰ বা আৰ্থিকভাৱে কঠিন হৈ পৰিছে-তেন্তে বাস্তুৰ মতে বছৰটো এনেদৰে আৰম্ভ কৰা উচিত।ঘৰত কিছুমান বস্তু ৰাখিলে-ঘৰত সুখ-সমৃদ্ধি আৰু সমৃদ্ধিৰ পৰিৱেশ সৃষ্টি হয়। বছৰৰ আৰম্ভণিতে-এইসমূহ ঘৰলৈ আনক-


*জ্যোতিষ শাস্ত্ৰত ময়ুৰৰ পাখিৰ বিশেষ গুৰুত্ব আছে।এনে পৰিস্থিতিত-নতুন বছৰত দেৱী লক্ষ্মীৰ আৰ্শীবাদ পাবলৈ ঘৰলৈ ময়ুৰৰ পাখি আনিব লাগে।ময়ুৰৰ পাখি ভগৱান শ্ৰী কৃষ্ণৰ অতি প্ৰিয় বুলি বিশ্বাস কৰা হয়।ময়ুৰৰ পাখি ঘৰত ৰাখিলে সুখ-আৰু সমৃদ্ধি পোৱা যায় আৰু ঘৰখনৰ ধন হানি নহয়।ঘৰত ময়ুৰৰ পাখি ৰাখিলে-ঘৰখনত আচৰিত আৰু আলৌকিক প্ৰভাৱ দেখা যায় বুলি কোৱা হয়।সেইবাবে-নতুন বছৰ-আৰম্ভ হোৱাৰ আগতে-ময়ুৰৰ পাখি আনিব।ইয়াৰ লগে লগে-ব্যক্তিজনৰ বন্ধ ভাগ্যৰ দুৱাৰবোৰো খুল খায়। Assamese Fact )


*কাছৰ বহুতো আলৌকিক উপকাৰ বাস্তুত বাখ্যা কৰা হৈছে।বাস্তু শাস্ত্ৰৰ মতে ঘৰত-ধাতুৰ কাছ ৰখাটো অতি শুভ।সেইবাবেই-২০২৩চনৰ আৰম্ভণিৰ আগতেই ঘৰলৈ এটা ধাতুৰ কাছ আনিব।বাস্তুত ইয়াক-সুখ-ধন- সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।কোৱা হয় যে-এনে কাছ ঘৰত ৰাখিলে অপশক্তিয়ে আঁতৰি যায় আৰু ধনাত্মক শক্তি ঘৰত বাস কৰে।বাস্তু শাস্ত্ৰৰ মতে-পিতল-ব্ৰঞ্জ আৰু ৰূপৰে নিৰ্মিত কাছ ঘৰলৈ আনিব পাৰে।


*বাস্তু শাস্ত্ৰৰ মতে ধাতুৰে নিৰ্মিত-হাতীৰ মূৰ্তি নৱবৰ্ষত ঘৰলৈ আনিব পাৰি।এইবিলাকক ঘৰত ৰাখিলে-কোনো ব্যক্তিয়ে আৰ্থিক সংকটৰ সন্মুখীন হবলগীয়া নহয় বুলি বিশ্বাস কৰা হয়।লগতে-বৱসায়ত লাভ হয়।ঘৰত এনে হাতী ৰাখিলে-ঘৰলে ইতিবাচক শক্তি আহে।এইবাৰ আগতীয়াকৈ-ধাতুৰে নিৰ্মিত এটা কঠিন হাতী ঘৰলৈ আনি-নতুন বছৰটো শুভ কৰি তোলক।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages