লক্ষ্মী-নাৰায়ণৰ পূজা বিধি : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, November 17, 2022

লক্ষ্মী-নাৰায়ণৰ পূজা বিধি : Religious Studies

Religious Studies


লক্ষ্মী-নাৰায়ণৰ ব্ৰতত দেৱী শ্ৰী লক্ষ্মী আৰু ভগৱান নাৰায়ণৰ সংযুক্ত স্বৰূপক পূজা কৰা হয়।এই পূজা কৰিলে ঘৰত-কেতিয়াও ধন-সম্পদৰ অভাৱ নহয়।শ্ৰী লক্ষ্মী-নাৰায়ণৰ ব্ৰতক দৰিদ্ৰতাক দূৰ কৰাৰ এক শুভ উপায় বুলিও কোৱা হয়।এই দিনা ঘৰত পূজা-পাঠৰ লগতে-যজ্ঞ আদি অনুষ্ঠান কৰিলেও সম্পন্নতাৰ দুৱাৰ মুকলি হয়।( Religious Studies)


*লক্ষ্মী-নাৰায়ণৰ পূজা কেতিয়া কৰিব লাগে!


*লক্ষ্মী-নাৰায়ণৰ ব্ৰত-তথা পূজা কৰিবলৈ-সকলোতকৈ উপযুক্ত সময় পূৰ্ণিমা তিথিত মনা হয়।ইয়াৰ বাহিৰেও-এই ব্ৰতক শুক্ৰবাৰ বা ৰবিবাৰৰ দিনা কৰা হয়।লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ বিষয়ে-পৌৰাণিক গ্ৰন্থত বিস্তাৰ ৰূপত কথা তথা মহত্ব প্ৰাপ্ত আছে।


*লক্ষ্মী-নাৰায়ণৰ পূজা বিধি-


*এই ব্ৰতৰ বিষয়ে-নাৰদ মুনিয়ে শৌনক ঋষিক সুধাত-তেওঁ কৈছিল যে-মহৰ্ষি নাৰদ-পূৰ্ণিমা তিথিত-শুদ্ধ সাত্বিক-আচৰণৰ নিয়ম কৰি-এই ব্ৰত আৰম্ভ কৰিব লাগে।পুৱাতে-উঠি স্নান আদি কৰি-শুদ্ধ বস্ত্ৰ পৰিধান কৰিব লাগে।


*লক্ষ্ম-নাৰায়ণৰ পূজা-বিধিত-মন্দিৰত দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰতিমা অথবা চিত্ৰক স্থাপিত কৰিব লাগে।


*লক্ষ্মী-নাৰায়ণৰ প্ৰতিমাক জল তথা পঞ্চামৃতেৰে সান কৰাব লাগে।( Religious Studies)



*শ্ৰী লক্ষ্মী আৰু নাৰায়ণক বস্ত্ৰ তথা আভুষন পিন্ধাব লাগে।সুগন্ধিত মালা পিন্ধাব লাগে।সুগন্ধিত ইত্ৰ অৰ্পণ কৰিব লাগে।


*দেৱী লক্ষ্মীক কুমকুমৰ তিলক দিব লাগে আৰু শ্ৰী বিষ্ণু ভগৱানক চন্দনৰ তিলক দিব লাগে।


*লক্ষ্মী-নাৰায়ণৰ সন্মুখত ঘীউৰ বন্তি প্ৰজলিত কৰিব লাগে।ধূপ-ফুলৰ দ্বাৰা পূজা কৰিব লাগে।


*লক্ষ্মী-নাৰায়ণৰ আৰতি কৰিব লাগে।আৰতি পাছত ভোগ অৰ্পণ কৰিব লাগে।


*লক্ষ্মী-নাৰায়ণৰ পূজনৰ সময়ত- ঔঁ লক্ষ্মী নাৰায়ণ নমঃ মন্ত্ৰটিৰ জাপ কৰিব লাগে।


*লক্ষ্মী-নাৰায়ণৰ পূজা তথা ব্ৰত কৰিলে-সমস্ত সুখ প্ৰাপ্ত হয়।এই পূজাৰ প্ৰভাৱে-ব্যক্তিক বেকুন্ঠ ধামৰ প্ৰাপ্তি হয়।লক্ষ্মী নাৰায়ণৰ পূজা-তথা ব্ৰতত-নিশালৈ জাগৰণৰ বহুত মহত্ব হয়।ব্ৰতৰ আগ দিনা-পুৱাৰ সময়ত ব্ৰাহ্মণ সকলক ভোজন কৰাব লাগে আৰু দক্ষিণা আদি-দি এই ব্ৰতৰ সংকল্প লব লাগে।এই ব্ৰতত-তিল দান কৰাটো অত্যন্ত মহত্ব আছে।তিল যজ্ঞত অৰ্পণ কৰিলেও-শুভ হয়।এনেদৰে সামৰ্থ অনুযায়ী লক্ষ্মী-নাৰায়ণৰ পূজন-তথা-ব্ৰত কৰিব লাগে।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


 নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages