অতীজৰেপৰা অৰণ্যবোৰ জীৱ জন্তু, চৰাই চিৰিকটিৰ আবাসভূমি। লগতে আজিৰ দৰে চোৰাংচিকাৰী অথবা চিকাৰ কৰি পেট প্ৰৱৰ্তোৱা সকলোৰে আছিল ৰম্যভূমি। তেনে এজন চৰকাৰী কথাৰে.. ( Religious Studies)
এখন হাবিত অনান্যসকলৰ লগতে কপৌচৰাইৰ এটা পৰিয়ালে গছত বাহ সাঁজি আত্মীয় সকলৰ লগতে সুখেৰে কাল কটাইছিল। চৰাইজনীয়ে এদিন পৰিয়ালৰ কাৰণে আহাৰ গোটাবলৈ বনলৈ গল অলপ পাছতে বীষণ ধুমুহা বতাহ আহিল। তাই কঁপি জপি নিশকতীয়া হৈ পৰা জোপ লৈ থকা চিকাৰিটোৱে ধৰি সজাঁত ভৰাই ললে। বৰষুণ বতাহত আশ্রয় লবলৈ যি জোপা গছৰ তললৈ আহিল, তাৰ ওপৰতে পৰিয়ালটোৱে কপৌজনীলৈ বাট চাই আছিল।
পোৱালিকেইটাও লঘোনে ভোকে কষ্ট পোৱা দেখি মতা চৰাইটোৰ চিন্তা বাঢ়িল। ধুমুহা বৰষুণৰ প্ৰতাপ দেখি, পত্নীৰ কথা ভাৱিও দুঃচিন্তাত পৰিলে। সি ভাৱিলে যে, গৃহিণী নথকা ঘৰ এখনত ঘৰ বুলি নকয়। গৃহিণীহে আচল ঘৰ। জীৱন যাত্ৰাৰ সকলো ক্ষেত্রতে পত্নীহে প্ৰকৃত সহায়কাৰিণী। এতেকে পত্নীহীনজন বসবাস হোৱাই ভাল।
চিকাৰীৰ সজাঁত বন্দী কপৌজনীয়ে স্বামীৰ অনুতাপ বুজিব পাৰিলে। তায়ো ভাবিলে যে, স্বামী তুষ্ট হলেই তিৰোতাৰ সৰ্বদেৱতা তুষ্ট হয়। স্বামী নথকা তিৰোতাৰ জীৱন, গছ নথকা লতাৰ তুল্য। এনেতে সজাৰ পৰাই স্বামীক কবলৈ ধৰিলে "মই তলতে চিকাৰীৰ সজাঁত বন্দী হৈ আছো। তুমি কিন্তু প্ৰথমে পৰিয়ালৰ চিন্তা এৰি এই আশ্ৰিত অতিথিৰ কথাহে চিন্তা কৰা। শক্ত হলেও এওঁ আমাৰ গৃহতে আশ্রয় লৈছে বাবেই আমাৰ অতিথি জাৰত কষ্ট পাইছে। ভোকত আতুৰ হৈছে। সোনকালে অতিথি সেৱাৰ বিধান কৰা।( Religious Studies)
মতা কপৌটোৱে তললৈ চাই সকলো কথা উপলব্ধি কৰিব পাৰিলে।গৃহাগত জন শক্ৰ হলেও-সৰ্বপ্ৰকাৰে অতিথি সেৱা কৰা-গৃহস্তল ধৰ্ম মানি-বতাহ বৰষুণ এৰাত জুই বিচাৰি উৰা মাৰিলে।জুই আনি ওচৰতে থকা শুকান পাত গোটাই জুই ধৰি দিলেহি।চিকাৰিটোৱো সঁজাটো থৈ-নিজে জুই সেকি গা-টঙাই কলে-মোৰ বৰ ভোক লাগিছে!আহাৰৰ ব্যৱস্থা কৰা। মতা চৰাইটোৱে ভাৱিলে বুলে-বনৰীয়া-চৰাইনো, কৰপৰা সাঁচি থোৱা খাদ্য বস্তু থাকিব।দিনে অনা-দিনে খোৱা,তথাপি অতিথি সেৱাৰ এনে মহান সুযোগ তেওঁ এৰি নিদিয়ে।লাগিলে জীৱনকে দিব-তথাপি ধৰ্ম ভ্ৰষ্ট নহয়।এই বুলি ভাবি চিকাৰীক কলে-হে অতিথি-মোকে ভক্ষণ কৰি আপোনাৰ ভোক উপশম কৰক।এই বুলি কয়-বেচেৰা চৰাইটোৱে জ্বলি থকা জুইত জাপ দিলে।
চৰাইটোৰ কাণ্ড দেখি চিকাৰী বিস্ময় বিমূঢ় হৈ পৰিল।তেওঁৰ নিজৰ জীৱিকাক গৰিহণা দিলে।কৃতকৰ্মৰ বাবে অনুতপ্ত হল।লগে লগে সঁজাৰ চৰাইজনীক মুকলি কৰি দিলে।মুকলি হৈ চৰাইজনীয়ে-অনাথ তিৰোতাৰ জীৱনৰ প্ৰয়োজন নাই বুলি-নিজেও জুইত জঁপিয়াই পৰিল।
অলপদূৰত ৰৈ-চিকাৰীয়ে সকলো কাৰ্য্য কলাপ লক্ষ্য কৰি আছিল।দেখিলে যে-দুয়োপক্ষী একেলগে স্বৰ্গলৈ গৈছে।চিকাৰীৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিল।পাপ মোচনাৰ্থে একেকুৰা জুইতে আত্মজাহ দিলে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত। আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।( Religious Studies)
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup।
নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment